Class 5 Assamese Chapter 18 MCQ’s Sankardev School | সবিষ্টক আৰু বীৰক | Class 5 Assamese Chapter 18 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-18

সবিষ্টক আৰু বীৰক

১। সবিষ্টক কাৰ লগত বন্ধুত্ব আছিল ?
(ক) বীৰক নামৰ পানী কাউৰী সৈতে
(খ) বান্দৰ লগত
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) বীৰক নামৰ পানী কাউৰী সৈতে।


২। বীৰকে সদায় ক’ত ডুব মাৰি মাছ ধৰিবলৈ যায় ?

(ক) সৰোবৰৰ পানীত
(খ) কোঁৱাত
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) সৰোবৰৰ পানীত।


৩। এতিয়া তুমি মোৰ আলহী হৈয়েই থকা এই কথাষাৰ কোনে কৈছিল ?
(ক) বীৰকে
(খ) সবিষ্টকে
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) বীৰকে।


৪। সৰোবৰটো কিহেৰে ভৰি আছিল ?
(ক) ভেটফুল, শেলুৱৈ
(খ) দল ঘাঁহেৰে ভৰি আছিল
(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।


৫। সবিষ্টক বীপকৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ল কিয় ?
(ক) বিপদৰ পৰা ৰক্ষা কৰা বাবে
(খ) খাৱ বিয়া বাবে
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) বিপদৰ পৰা ৰক্ষা কৰা বাবে।


৬। প্ৰতিশব্দ কাক বোল ?
(ক) তিনিটা শব্দ বুজোৱাকে
(খ) একে অৰ্থ বুজোৱা দুটা শব্দৰ ইটোক সিটোক
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) একে অৰ্থ বুজোৱা দুটা শব্দৰ ইটোক সিটোক।


৭। সবিষ্টকে নিজৰ ভূল বুজি পালেনে ?
(ক) পালে
(খ) নাপালে
(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পালে।


৮। সবিষ্টকে পানীত সাঁতুৰি মাছ ধৰিব পাৰেনে ?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে।


৯। সবিষ্টক কিয় হাবিত যাব লগা হৈছিল ?
(ক) খাদ্য নাতনি হোৱা বাবে
(খ) সি তাত থাকি বেয়া পোৱা কাৰণে
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) খাদ্য নাতনি হোৱা বাবে।


১০। বীৰকে পানীত সাঁতুৰিব পাৰেনে ?
(ক) নোৱাৰে
(খ) পাৰে
(গ) ইয়াৰ পৰা এটাো নহয়

উত্তৰঃ (খ) পাৰে।


১১। সবিষ্টক কোন আছিল ?
(ক) এটা ঢোঁৰা কাউৰী
(খ) এজনী চিলনী
(গ) এটা নেউল

উত্তৰঃ (ক) এটা ঢোঁৰা কাউৰী।


১২। হাবিখনৰ মাজত এটা কি আছিল ?
(ক) পুখুৰী
(খ) সৰোবৰ
(গ) হ্ৰদ

উত্তৰঃ (খ) সৰোবৰ।


১৩। কাৰ প্ৰতি কোন কৃতজ্ঞ হৈ ৰ’ল ?
(ক) বীৰকৰ প্ৰতি সবিষ্টক
(খ) সবিষ্টকৰ প্ৰতি বীৰক
(গ) সবিষ্টকৰ প্ৰতি বনৰ চৰাইবোৰ

উত্তৰঃ (ক) বীৰকৰ প্ৰতি সবিষ্টক।


১৪। ‘সজ’ৰ প্ৰতিশব্দ কি ?
(ক) সাজ
(খ) বেয়া
(গ) ভাল

উত্তৰঃ (গ) ভাল।


১৫। জাতক কি ?
(ক) উপাখ্যান
(খ) পুৰাণৰ সাধু
(গ) বৌদ্ধ ধৰ্মৰ কিতাপ

উত্তৰঃ (গ) বৌদ্ধ ধৰ্মৰ কিতাপ।


১৬। আলহী শব্দৰ অৰ্থ কি ?
(ক) ঘৰলৈ অহা আদৰণীয় লোক
(খ) ভাল পৰামৰ্শ
(গ) উপকাৰৰ শলাগ লোৱা

উত্তৰঃ (ক) ঘৰলৈ অহা আদৰণীয় লোক।


১৭। জাতকত কি আছে ?
(ক) পুৰাণৰ কাহিনী
(খ) ময়ূৰ পখীৰ জন্ম কাহিনী
(গ) ভগৱান বুদ্ধৰ জন্মৰ কাহিনী

উত্তৰঃ (গ) ভগৱান বুদ্ধৰ জন্মৰ কাহিনী।


১৮। কিহৰ অভাৱত দেশত খেতি-বাতি হোৱা নাছিল ?
(ক) বতাহৰ অভাৱত
(খ) বৰষুণৰ অভাৱত
(গ) চৰাই-চিৰিকটিৰ অভাৱত

উত্তৰঃ (খ) বৰষুণৰ অভাৱত।


১৯। পৰম আশাৰে কোন ওচৰৰ হাবিখনলৈ উৰি গৈছিল ?
(ক) বীৰক
(খ) সবিষ্টক
(গ) কাছ

উত্তৰঃ (খ) সবিষ্টক।


২০। সবিষ্টক কাৰ সৈতে বন্ধুত্ব হ’ল ?
(ক) বীৰকৰ সৈতে
(খ) গছ-গছনিৰ সৈতে
(গ) চৰাই-চিৰিকটিৰ সৈতে

উত্তৰঃ (ক) বীৰকৰ সৈতে।

Type By- Subhas Nath