Class 9 General Science Book | Chapter 6 | কলা | MCQs Short Question Answer |

Chapter- 6

কলা

১) উদ্ভিদ দেহত থকা সৰহখিনি কলাই হ’ল-
(ক) মৃত
(খ) জীৱিত
(গ) অৰ্থ মৃত

উত্তৰ- (ক) মৃত ।


২) জটিল স্থায়ী কলা হ’ল-
(ক) সৰল স্থায়ী কলা
(খ) স্থায়ী কলা
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) স্থায়ী কলা ।


৩) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
(ক) চাৰিটা কোষেৰে গঠিত
(খ) দুটা কোষেৰে গঠিত
(গ) এটা কোষেৰে গঠিত

উত্তৰ- (ক) চাৰিটা কোষেৰে গঠিত ।


৪) তলৰ কোনবিধ জটিল কলাৰ উদাহৰণ?
(ক) ফ্লোৱেম
(খ) ট্ৰেকিড্
(গ) ক’লেণকাইমা

উত্তৰ- (ক) ফ্লোৱেম ।

৫) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
(ক) দুবিধ
(খ) তিনিবিধ
(গ) চাৰিবিধ

উত্তৰ- (গ) চাৰিবিধ ।


৬) আচ্ছাদক কলা কি?
(ক) প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ
(খ) এবিধ বায়ুত ওপঙি থকা জীৱ
(গ) এবিধ ৰক্ত কোষ

উত্তৰ- (ক) প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ ।

৭) ট্ৰেকাইড আৰু নলীকাবিলাকৰ গঠন কেনেকুৱা?
(ক) বৃত্তাকৃতিৰ
(খ) চুঙাকৃতিৰ
(গ) আয়তাকৃতিৰ

উত্তৰ- (খ) চুঙাকৃতিৰ ।


৮) প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে?
(ক) গোটা আৰু গেছীয়
(খ) সংকোচন আৰু প্ৰসাৰণ
(গ) এটাও নহয়

উত্তৰ- (খ) সংকোচন আৰু প্ৰসাৰণ ।


৯) তলৰ কোনবিধ এবিধ বিশেষধৰণৰ জুলীয়া সংযোজক কলা?
(ক) পানী আৰু তেল
(খ) তেজ বা ৰক্ত
(গ) এটাও নহয়

উত্তৰ- (খ) তেজ বা ৰক্ত ।


১০) তলৰ কোনদুবিধ আমাৰ শৰীৰত পোৱা কলা?
(ক) স্থায়ী কলা আৰু সৰল স্থায়ী কলা
(খ) পোশী আৰু তেজ
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) পোশী আৰু তেজ ।

১১) তেজ হ’ল এবিধ-
(ক) স্থায়ী কলা
(খ) সৰল স্থায়ী কলা
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (গ) এটাও শুদ্ধ নহয় ।


১২) উদ্ভিদৰ পাতৰ বহিঃস্তকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয়?
(ক) জাইলেম
(খ) পত্ৰৰন্ধ্ৰ
(গ) ফ্লোৱেম

উত্তৰ- (খ) পত্ৰৰন্ধ্ৰ ।


১৩) উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয়?
(ক) অক্সিজেন গেছ
(খ) কাৰ্বন ডাই অক্সাইড গেছ
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) কাৰ্বন ডাই অক্সাইড গেছ ।


১৪) উদ্ভিদৰ শিপাৰৰ বহিঃস্তকখনৰ কাম কি?
(ক) সূৰ্যৰ পৰা তাপ আহপৰণ কৰা
(খ) পানী শোষণ কৰা
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) পানী শোষণ কৰা ।


১৫) পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষেৰে আগুৰি ৰাখে?
(ক) চাৰিটা
(খ) তিনিটা
(গ) দুটা

উত্তৰ- (গ) দুটা ।


১৬) পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষকেইটাক কি বুলি কোৱা হয়?
(ক) ৰক্ষীকোষ
(খ) ৰক্তকোষ
(গ) শ্বেত ৰক্ত কোষ

উত্তৰ- (ক) ৰক্ষীকোষ ।


১৭) মস্তিকত কি কলা থাকে?
(ক) জটিল কলা
(খ) স্থায়ী কলা
(গ) স্নায়ু কলা

উত্তৰ- (গ) স্নায়ু কলা ।


১৮) এটা কোষত কেইটা কোষকেন্দ্ৰ পোৱা যায়?
(ক) এটা
(খ) দুটা
(গ) তিনিটা

উত্তৰ- (ক) এটা ।


১৯) চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়?
(ক) মাকোসদৃশ পেশী
(খ) অৰেখিত পেশী
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) অৰেখিত পেশী ।


২০) হৃদযন্ত্ৰৰ বেৰ কেনেধৰণৰ পেশীকলাৰ দ্বাৰা গঠিত?

(ক) অৰেখিত পেশী
(খ) হৃদপেশী
(গ) স্থায়ী পেশী

উত্তৰ- (খ) হৃদপেশী ।