Class 5 Environment Chapter 6 | বতৰ | MCQs Short Question Answer SCERT School |

Chapter 6

বতৰ

1. বছৰৰ ঋতু কেইটা ?

(ক)সাতটা।

(খ)বাৰটা।

(গ)ছয়টা।

উত্তৰঃ (গ)ছয়টা।

2. আকাশত ডাৱৰ নাথাকিলে কি বতৰ হয় ?

(ক)শুকান বতৰ।

(খ)ফৰকাল বতৰ।

(গ)ডাৱৰীয়া বতৰ।

উত্তৰঃ (খ)ফৰকাল বতৰ।

3. গ্ৰীষ্মকালত বতৰ কি হয় ?

(ক)গৰম হয়।

(খ)বৰষুণ হয়।

(গ)ঠাণ্ডা হয়।

উত্তৰঃ (ক)গৰম হয়।

4. কি সঁজুলিৰ সহায়ত বায়ুৰ উষ্ণতা জোখা হয় ?

(ক)কিনিকেল থাৰ্ম’মিটাৰ।

(খ)থাৰ্ম’মিটাৰ।

(গ)ৰেইনগজ।

উত্তৰঃ (খ)থাৰ্ম’মিটাৰ।

5. বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কি সঁজুলিৰ দ্বাৰা জোখা হয় ?

(ক)ৰেইনগজ।

(খ)থাৰ্ম’মিটাৰ।

(গ)হাইগ্ৰ’মিটাৰ।

উত্তৰঃ (গ)হাইগ্ৰ’মিটাৰ।

6. ৰেইনগজ নামৰ সঁজুলিৰ সহায়ত কি জোখা হয় ?

(ক)বায়ুৰ উষ্ণতা।

(খ)বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ।

(গ)বৰষুণৰ পৰিমণ।

উত্তৰঃ (গ)বৰষুণৰ পৰিমণ।

7. বতাহৰ দিশ জুখিবলৈ বায়ুৰ কি সঁজুলি ব্য়ৱহাৰ কৰা হয় ?

(ক)বায়ু মোজা।

(খ)দিক্-দৰ্শীসূচক।

(গ)ৰেইনগজ।

উত্তৰঃ (খ)দিক্-দৰ্শীসূচক।

8. বতাহৰ দিশ জানিবলৈ কি সঁজুলি ব্য়ৱহাৰ কৰা হয় ?

(ক) থাৰ্ম’মিটাৰ।

(খ) বায়ুমোজা।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) বায়ুমোজা।

9. বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি ?

(ক)দিক্-দৰ্শীসূচক।

(খ)এনিম’মিটাৰ।

(গ)হাইগ্ৰ’মিটাৰ

উত্তৰঃ (খ)এনিম’মিটাৰ।

10. শৰৎ কালত বতৰ কেনেকুৱা হয় ?

(ক)ফৰকাল আৰু মনোমোহা।

(খ)গৰম হয়।

(গ)ঠাণ্ডা হয়।

উত্তৰঃ (ক)ফৰকাল আৰু মনোমোহা।