Class 6 Social Science SCERT | Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

 Chapter 19

জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

১। চাউলখিনি অপৰ্ণাই কিহত বহাই দিছিল?

ক) চৰুত

খ) কেটলীত

গ) প্ৰেছাৰ কুকাৰত

উত্তৰঃগ) প্ৰেছাৰ কুকাৰত

২। অভাৱ পূৰণৰ উপায় বা আহিলা কি?

ক) সীমিত

খ) সীমাহীন

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) সীমিত

৩। পাহিয়ে বিছনাৰ পৰা কিয় জাঁপ মাৰি উঠি গৈছিল?

ক) টেলিফোনটোৰ মাত শুনি

খ) টিভিটোৰ মাত শুনি

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) টেলিফোনটোৰ মাত শুনি

৪। নিয়ৰ আৰু পাহি ৰাতিপুৱা কেই বজাত বিছনাৰ পৰা উঠিছিল?

ক) ৬ বজাত

খ) ৫ বজাত

গ) ৭ বজাত

উত্তৰঃক) ৬ বজাত

৫। নিয়ৰে ৰাতিপুৱা উঠিয়েই হাতত প্ৰথমে কি তুলি লৈছিল?

ক) মোবাইলতো

খ) কিতাপখন

গ) টুথব্ৰাছডাল

উত্তৰঃগ) টুথব্ৰাছডাল

৬। দেউতাকে কৰ পৰা ঘূৰি আহোঁতে বাটতে মটৰ চাইকেলখন বেয়া হ’ল?

ক) দোকানৰ পৰা

খ) গেৰেজৰ পৰা

গ) অফিচৰ পৰা

উত্তৰঃ গ) অফিচৰ পৰা

৭। অপৰ্ণাহতঁৰ মটৰ চাইকেলখন ক’ত আছে?

ক) দোকানত

খ) অফিচত

গ) গেৰেজত

উত্তৰঃগ) গেৰেজত

৮। দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে নে নালাগে?

ক) লাগে

খ) নালাগে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) নালাগে

৯। প্ৰযুক্তিয়ে আমাৰ দৈনন্দিক জীৱনত অহৰ্নিশে কি কৰি আছে?

ক) সহায় কৰি আছে

খ) অসুবিধা কৰি আছে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) সহায় কৰি আছে

১০। পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু কি?

ক) চিনাকি

খ) অচিনাকি

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) চিনাকি

১১। মানুহৰ অভাৱ_________?

ক) কম 

খ) বেছি

গ) অসীম

উত্তৰঃগ) অসীম

১২। অভাৱ পূৰণৰ চেষ্টাৰ ফলত নতুন নতুন বস্তুৰ কি হয়?

ক) আৱিষ্কাৰ হয়

খ) উদ্ঘাটন হয়

গ) সৃষ্টি হয়

উত্তৰঃক) আৱিষ্কাৰ হয়

১৩। কাৰ গোটেইখিনি মাটি ট্ৰেক্টৰ লগাই চহোৱা কথা আছিল?

ক) অপৰ্ণাৰ

খ) মিনতিৰ

গ) পাহিৰ

উত্তৰঃখ) মিনতিৰ

১৪। চিলিণ্ডাৰ বিচাৰি মিনতিয়ে অপৰ্ণাক কেনেকৈ যোগাযোগ কৰিছিল?

ক) কম্পিউটাৰ যোগেৰে

খ) ম’বাইলৰ যোগেৰে

গ) গাড়ীৰ যোগেৰে

উত্তৰঃখ) ম’বাইলৰ যোগেৰে

১৫। বিভিন্ন দেশৰ মাজত কি বৃদ্ধি হৈছে?

ক) মানুহ

খ) উদ্য়োগ

গ) বেহা-বেপাৰ

উত্তৰঃগ) বেহা-বেপাৰ

১৬। মানুহৰ আয়ৰ পৰিমাণ বাঢ়িছে আৰু কি সময় বৃদ্ধি হৈছে?

ক) উন্নত সময়

খ) আজৰি সময়

গ) জীৱনৰ সময়

উত্তৰঃখ) আজৰি সময়

১৭। কাৰ দৰে আমি সকলোৱে পুৱাৰপৰা ৰাতিলৈকে বিভিন্ন সামগ্ৰী আৰু সঁজুলি ব্য়ৱহাৰ কৰোঁ?

ক) নিয়ৰহঁতৰ দৰে

খ) কমলহঁতৰ দৰে

গ) আকাশহঁতৰ গৰে

উত্তৰঃক) নিয়ৰহঁতৰ দৰে

১৮। এই বস্তু বিলাকৰ বেছিভাগেই আমি কিহৰ সহায়ত লাভ কৰিছোঁ?

ক) প্ৰযুক্তিৰ সহায়ত

খ) মানুহৰ সহায়ত

গ) শিক্ষাৰ সহায়ত

উত্তৰঃক) প্ৰযুক্তিৰ সহায়ত

১৯। প্ৰযুক্তিৰ বিভিন্ন অৱদানসমূহ ব্য়ৱহাৰ কৰাৰ ফলত মানুহৰ জীৱন-ধাৰণৰ মান ক্ৰমান্বয়ে কি হয়?

ক) উন্নত হয়

খ) বেছি হয়

গ) কম হয়

উত্তৰঃক) উন্নত হয়

২০। নদীৰ পানী কিহৰ অৱদান?

ক) প্ৰকৃতিৰ

খ) মানৱৰ

গ) ভগবানৰ

উত্তৰঃক) প্ৰকৃতিৰ