Class 6 Social Science SCERT | Chapter 7 | অসমঃ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

অসমঃ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি

১। পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম কি?

a) চেৰাপুঞ্জী

b) মৌচিনৰাম

c) শ্বিলং

উত্তৰঃb) মৌচিনৰাম

২। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত?
a) গোলাঘাট
b) যোৰহাট
c) মৰিগাঁও
উত্তৰঃa) গোলাঘাট

৩। এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধ নাম কি?
a) পৰ্ণপাতী
b) চিৰ সেউজীয়া 

c) তৃণভূমি
উত্তৰঃa) পৰ্ণপাতী

৪। উদ্ভিদে এৰি দিয়া গেছ বিধৰ নাম কি?
a) কাৰ্বন-ডাই-অক্সাইড
b) অক্সিজেন
c) নাইট্ৰ’জেন
উত্তৰঃb) অক্সিজেন

৫। বৰ্তমান অসমত মুঠ কিমান খন অভয়াৰণ্য আছে?
a) ১৫ খন
b) ১৭ খন
c) ১৩ খন
উত্তৰঃb) ১৭ খন

৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
a) হাতীৰ বাবে
b) গড়ৰ বাবে
c) ভালুকৰ বাবে
উত্তৰঃb) গড়ৰ বাবে

৭। অসমত মুঠ কিমান খন ৰাষ্ট্ৰীয় উদ্যান আছে?
a) ৬ খন
b) ৫ খন
c) ৪ খন
উত্তৰঃb) ৫ খন

৮। কি উদ্ভিদক সাধাৰণতে ৮০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ গড় বৰষুণ লাগে?
a) ক্ৰান্তীয় তৃণভূমি
b) ক্ৰান্তীয় পৰ্ণপাতী
c) ক্ৰান্তীয় চিৰ সেউজীয়া

উত্তৰঃb) ক্ৰান্তীয় পৰ্ণপাতী

৯। মৌচিনৰামত বৰষুণৰ পৰিমাণ বছৰি কিমান চেণ্টিমিটাৰ?
a) ১৩৪০ চেণ্টিমিটাৰ
b) ১২৫০ চেণ্টিমিটাৰ
c) ১৩৫০ চেণ্টিমিটাৰ
উত্তৰঃb) ১২৫০ চেণ্টিমিটাৰ

১০। অসমৰ কিমান শতাংশ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল?
a) ৫০ শতাংশ
b) ৭০ শতাংশ
c) ৬০ শতাংশ
উত্তৰঃb) ৭০ শতাংশ

১১। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত?
a) তিনিচুকীয়া জিলাত
b) শোণিতপুৰ জিলাত
c) গোলাঘাট জিলাত
উত্তৰঃb) শোণিতপুৰ জিলাত

১২। কি কালত গছ-বনত কুঁহিপাত আৰু ফুল-ফল ওলায় আৰু চৰাই-চিৰিকটিয়ে গীত মাতেৰে পৰিৱেশ মনোৰম কৰি তোলে?
a) বসন্ত কালত
b) শীতকালত
c) শৰৎকালত
উত্তৰঃa) বসন্ত কালত

১৩। কি কালত দিনবোৰ পৰিস্কাৰ হোৱাৰ লগতে শুক্লপক্ষৰ ৰাতিবোৰ ফটফটীয়া হয়?
a) শীতকালত
b) শৰৎকালত
c) গ্ৰীষ্মকালত
উত্তৰঃb) শৰৎকালত

১৪। নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
a) কাছাৰ জিলাত
b) কামৰূপ জিলাত
 c) কাৰ্বি আংলং জিলাত
উত্তৰঃ c) কাৰ্বি আংলং জিলাত

১৫। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত?
a) শোণিতপুৰ জিলাত
b) তিনিচুকীয়া জিলাত
c) যোৰহাট জিলাত
উত্তৰঃb) তিনিচুকীয়া জিলাত

১৬। অসমত কি কি কালত তাপ আৰু বৰষুণৰ পৰিমাণ বেছি বাবে সেই সময়ত তেনে বতৰৰ উপযোগী শস্য খেতি কৰা হয়?
a) গ্ৰীষ্ম আৰু বৰ্ষাকালত
b) শীত আৰু গ্ৰীষ্মকাল
c) শৰৎ আৰু বৰ্ষাকাল
উত্তৰঃa) গ্ৰীষ্ম আৰু বৰ্ষাকালত

১৭। যি গছৰ ডালত পাত সদায় সেউজীয়া হৈ থাকে সেই উদ্ভিদক কি বোলে?
a) তৃণভূমি উদ্ভিদ
b) পৰ্ণপাতী উদ্ভিদ
c) চিৰ সেউজীয়া উদ্ভিদ
উত্তৰঃc) চিৰ সেউজীয়া উদ্ভিদ

১৮। সোণাই-ৰূপাই অসমৰ কোন জিলাত অৱস্থিত?
a) গোলাঘাট জিলাত 

b) কাছাৰ জিলাত
c) শোণিতপুৰ জিলাত

উত্তৰঃc) শোণিতপুৰ জিলাত

১৯। পৃথিৱীৰ সৌন্দৰ্য ৰক্ষাত কিহে সহায় কৰে?
a) প্ৰাকৃতিক উদ্ভিদে
b) জীৱ-জন্তুয়ে
c) পৰ্বত-পাহাৰয়ে
উত্তৰঃa) প্ৰাকৃতিক উদ্ভিদে

২০। বৰনদী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত?
a) ওদালগুৰি জিলাত
b) কাৰ্বি আংলং জিলাত
c) কাছাৰ জিলাত
উত্তৰঃa) ওদালগুৰি জিলাত