Class 6 Social Science SCERT | Chapter 8 | আমাৰ ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

আমাৰ ভাৰতবৰ্ষ

১। ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণত থকা ঠাইখন কি?

a) কন্যাকুমাৰী

b) পণ্ডিচেৰী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) কন্যাকুমাৰী

২। ভাৰতক কি ৰেখাই প্ৰায় সমানে দুভাগ কৰিছে?
a) বিষুৱ ৰেখাই
b) মকৰ ক্ৰান্তি ৰেখাই
c) কৰ্কটক্ৰান্তি ৰেখাই
উত্তৰঃc) কৰ্কটক্ৰান্তি ৰেখাই

৩। গংগা নদীৰ উৎস হিমবাহ কি?
a) টামছুক খাম্বাৰ
b) গংগাত্ৰী
c) যমুনোত্ৰী
উত্তৰঃb) গংগাত্ৰী

৪। কিহে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে?
a) চুৱেজ খালে
b) পানামা খালে
c) পক প্ৰণালীয়ে
উত্তৰঃc) পক প্ৰণালীয়ে

৫। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কি?
a) কাঞ্চনজংঘা
b) নামছা বাৰোৱা
c) মাউণ্ট এভাৰেষ্ট
উত্তৰঃc) মাউণ্ট এভাৰেষ্ট

৬। মাউণ্ট এভাৰেষ্ট কিহৰ অন্তৰ্গত?
a) নেপালৰ অন্তৰ্গত
b) শ্ৰীলংকাৰ অন্তৰ্গত
c) মেঘালয়ৰ অন্তৰ্গত
উত্তৰঃa) নেপালৰ অন্তৰ্গত

৭। মাউণ্ট এভাৰেষ্ট কি হিমালয়ত অৱস্থিত?
a) বৃহৎ হিমালয়ত
b) নিম্ন হিমালয়ত
c) বহিঃ হিমালয়ত
উত্তৰঃa) বৃহৎ হিমালয়ত

৮। মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান?
a) ৮,৮৪৮ মিটাৰ
b) ৭,৭৪৭ মিটাৰ
c) ৬,৬৪৬ মিটাৰ
উত্তৰঃa) ৮,৮৪৮ মিটাৰ

৯। কিমান চনৰ কি মাহত এডমাণ্ড হিলাৰী আৰু আৰু টেনজিং নৰ্গেই পোন প্ৰথমে এই শৃংঙ্গ আৰোহণ কৰে?
a) ১৯৫৮ চনৰ ১৮ মাৰ্চত
b) ১৯৫৩ চনৰ ১৯ মে’ত

c) ১৯৫৪ চনৰ ১৭ জুনত
উত্তৰঃb) ১৯৫৩ চনৰ ১৯ মে’ত

১০। চীন, নেপাল আৰু ভূটান ভাৰতবৰ্ষৰ কোন সীমাত অৱস্থিত?
a) উত্তৰ সীমাত
b) দক্ষিণ সীমাত
c) পূব সীমাত
উত্তৰঃa) উত্তৰ সীমাত

১১। উত্তৰ ভাৰতৰ সমভূমিৰ দক্ষিণে থকা তিনিকোণীয়া আকৃতিৰ মালভূমি ভাগ কি?  
a) উপকূলীয় নিম্নভূমি অঞ্চল
b) উত্তৰ পাৰ্বত্য অঞ্চল
c) দক্ষিণাত্য মালভূমি
উত্তৰঃc) দক্ষিণাত্য মালভূমি

১২। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ প্ৰধান নদী কি?
a) সম্বৰ
b) লুণী
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃb) লুণী

১৩। ভাৰতৰ উপকূল অঞ্চল কি দুটা ভাগত বিভক্ত কৰা হৈছে?
a) উত্তৰ আৰু দক্ষিণ
b) পূব আৰু পশ্চিম
c) দক্ষিণ আৰু পশ্চিম
উত্তৰঃb) পূব আৰু পশ্চিম

১৪। মহাৰাষ্ট্ৰ ৰাজ্যৰ অঞ্চলটো কি খেতিৰ বাবে বিখ্যাত?
a) চাহ খেতিৰ বাবে
b) কফি খেতিৰ বাবে
c) কপাহ খেতিৰ বাবে
উত্তৰঃc) কপাহ খেতিৰ বাবে

১৫। নীলগিৰি অঞ্চলত প্ৰচুৰ পৰিমাণে কি কি খেতি কৰা হয়?
a) ধান আৰু কলৰ খেতি
b) কপাহ আৰু কফি খেতি
c) চাহ আৰু কফি খেতি
উত্তৰঃc) চাহ আৰু কফি খেতি

১৬। ভাষাসমূহৰ ভিতৰত কিমানটা ভাষা চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি লাভ কৰিছে?
a) ২২ টা
b) ২৫ টা
c) ২৩ টা
উত্তৰঃa) ২২ টা

১৭। ভাৰতবৰ্ষৰ কিমানখন ৰাজ্য লৈ গঠিত?
a) ২৫ থন
b) ২৬ খন
c) ২৯ খন
উত্তৰঃc) ২৯ খন

১৮। ভাৰতবৰ্ষ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলক লৈ গঠিত?
a) ৯ খন
b) ৭ খন
c) ৫ খন
উত্তৰঃb) ৭ খন

১৯। কিমান চনৰ প্ৰলংয়কৰী প্ৰাকৃতিক দুৰ্যোগ চুনামীয়ে ইণ্ডোনেচিয়াৰ সুমাত্ৰা দ্বীপ অঞ্চলত বৰ ক্ষতি সাধন কৰিছে?
a) ২০০৫ চনত
b) ২০০৪ চনত
c) ২০০৬ চনত
উত্তৰঃb) ২০০৪ চনত

২০। ভাৰতবৰ্ষৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা?
a) ৫ টা
b) ৪ টা
c) ৩ টা
উত্তৰঃb) ৪ টা