Class 7 Social Science | Chapter 10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ

১) শুঙ্গবংশই মগধত কিমান বছৰ ৰাজত্ব কৰিছিল?

(ক)২৩৫ বছৰ।

(খ)৯৮১ বছৰ।

(গ)১১২ বছৰ।

উত্তৰঃ (গ)১১২ বছৰ।

২) সাতবাহনৰ প্ৰাধন সামাজিক বৈশিষ্ট্য কি আছিল?

(ক)একক পৰিয়াল।

(খ)যৌথ পৰিয়াল।

(গ)ইয়াৰ এটাও নহয়।

উত্তৰঃ (খ)যৌথ পৰিয়াল।

৩) অৰ্থনীতি আৰু কলা সংস্কৃতিৰ মূল ভেতি কি?

(ক)নগৰবোৰ।

(খ)সমৃদ্ধিশালী গাওঁবোৰ।

(গ)ইয়াৰ এটাও নহয়।

উত্তৰঃ (খ)সমৃদ্ধিশালী গাওঁবোৰ।

৪) গ্ৰীকসকলৰ ৰাজপৃষ্ঠপোষকতাত কি ভাষাই বিশেষ সমৃদ্ধি লাভ কৰিস্থিল?

(ক)স্থানীয় ভাষাই।

(খ)ৰাষ্ট্ৰীয় ভাষাই।

(গ)মাতৃ ভাষাই।

উত্তৰঃ (ক)স্থানীয় ভাষাই।

৫) গান্ধাৰ শিল্প কলাৰ মূল বিষয় বস্ত্ত কি আছিল?

(ক)ত্ৰিপিতক।

(খ)বৌদ্ধবিহাৰ।

(গ)বৌদ্ধ ধৰ্ম।

উত্তৰঃ (গ)বৌদ্ধ ধৰ্ম।

৬) কোন ৰজাৰ ৰাজত্বকালত বৌদ্ধধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়?

(ক)অশোকৰ ৰাজত্বকালত।

(খ)কণিষ্কৰ ৰাজত্বকালত।

(গ)মিনাণ্ডাৰৰ ৰাজত্বকালত।

উত্তৰঃ (খ)কণিষ্কৰ ৰাজত্বকালত।

৭) চোল, চেৰা পাণ্ড্যসকলে কিমান বছৰ ধৰি ৰাজত্ব কৰিছিল?

(ক)১২৫ বছৰ।

(খ)৯০০ বছৰ।

(গ)৪০০ বছৰ।

উত্তৰঃ (গ)৪০০ বছৰ।

৮) সাতবাহনসকলক অন্ধ্ৰ্ৰ নামেৰেও জনা যায়।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

৯) অৰ্থনৈতিক ক্ষেত্ৰতো কুষাণ যুগ পিচ পৰি থকা নাছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১০) কৃষক,পশুপালক সকলে নগৰৰ মানুহৰ বাবে আৱশ্যকীয় খাদ্যৰ যোগান ধৰিছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১১) সাতবাহন ৰাজ্যত কিমান ধৰণৰ শাসন ব্যৱস্থা আছিল?

(ক)৪ ধৰণৰ।

(খ)৯ ধৰণৰ।

(গ)২ ধৰণৰ।

উত্তৰঃ (গ)২ ধৰণৰ।

১২) মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক কোনে হত্যা কৰিছিল?

(ক)সিমুকে।

(খ)অশোকে।

(গ)পুষ্যমিত্ৰ শুঙ্গই।

উত্তৰঃ (গ)পুষ্যমিত্ৰ শুঙ্গই।

১৩) মিনাণ্ডাৰে কি নিৰ্মাণ কৰিছিল?

(ক)মন্দিৰ।

(খ)চৈত আৰু বৌদ্ধবিহাৰ।

(গ)নামঘৰ।

উত্তৰঃ (খ)চৈত আৰু বৌদ্ধবিহাৰ।

১৪) মৌৰ্য যুগত বস্ত্ৰ শিল্পৰ কেন্দ্ৰ স্থল ক’ত আছিল?

(ক)ঢকুৱাখানা।

(খ)দ্বাৰকা।

(গ)উত্তৰ বাৰানসী আৰু দক্ষিণৰ মাদুৰাই।

উত্তৰঃ (গ)উত্তৰ বাৰানসী আৰু দক্ষিণৰ মাদুৰাই।

১৫) চেদী বংশই ক’ত নিজকে প্ৰতিষ্ঠা কৰিছিল?

(ক)কলিঙ্গত।

(খ)পাটলিপুত্ৰত।

(গ)বৃন্দাবনত।

উত্তৰঃ (ক)কলিঙ্গত।

১৬) গ্ৰীকসকলে কিহৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্ম, দুয়োটাই গ্ৰহণ কৰিছিল?

(ক)ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি।

(খ)ভাৰতীয় লোকসকলৰ প্ৰতি।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি।

১৭) ভাৰতীয় লোকসকলে গ্ৰীকসকলৰ পৰা কিহৰ জ্ঞান লাভ কৰিছিল?

(ক)যুদ্ধবিদ্যাৰ।

(খ)জ্যোতিষ শাস্ত্ৰ, মুদ্ৰা আৰু শিল্প কলাৰ।

(গ)সূতা কটাৰ।

উত্তৰঃ (খ)জ্যোতিষ শাস্ত্ৰ, মুদ্ৰা আৰু শিল্প কলাৰ।

১৮) মৌৰ্য যুগৰ শিল্প কলাৰ এটি উৎকৃষ্ট নিদৰ্শন কি?

(ক)উত্তৰ ভাৰতীয় ক’লা মৃৎপাত্ৰ।

(খ)কুষাণ মুদ্ৰা।

(গ)গান্ধাৰৰ শিল্প।

উত্তৰঃ (ক)উত্তৰ ভাৰতীয় ক’লা মৃৎপাত্ৰ।

১৯) কোন কোন বিদগ্ধ পণ্ডিতে কণিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল?

(ক)কালিদাসে।

(খ)অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতে।

(গ)ওপৰৰ এটচাও নহয়।

উত্তৰঃ (খ)অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতে।

২০) সাতবাহনসকলৰ মাজত কেনেকুৱা সামাজিক ব্যৱস্থা চলিছিল?

(ক)পিতৃপ্ৰধান।

(খ)মাতৃ প্ৰধান।

(গ)ভাতৃ প্ৰধান।

উত্তৰঃ (ক)পিতৃপ্ৰধান।