SVN Class 4 Social Science Chapter 2 অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন। Short Question Answer

Chapter 2

অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন

১। অসমৰ চৰকাৰী ভাষা কি ?

উত্তৰ- অসমৰ চৰকাৰী ভাষা হ’ল আৰ্য ভাষা অসমীয়া। 

২। অসমত বাস কৰা জন-জাতীবোৰ কি ?

 উত্তৰ- অসমত বাস কৰা জন-জাতীবোৰ হ’ল কুকি , মণিপুৰী , কছাৰী , কাৰ্বি  ,বড়ো , দেউৰী , গাৰো , মিচিং , তিৱা , ডিমাচা , ৰেংমা , ৰাভা , সোণোৱাল আদি।

৩। অসমত কেইধৰণৰ আৰু কি কি উসৱ পালন কৰা হয় ?

উত্তৰ- অসমত তিনিধৰণৰ উৎসৱ পালন কৰা হয় আৰু সেইকেইটা হল (১) ধৰ্মীয় (২) কৃষিমূলক আৰু (৩) সামাজিক অনুষ্ঠানমূলক। 

৪। অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলত আৰু কেইখন ৰাজ্য় আছে ?

উত্তৰ- অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলত আৰু ৬ খন ৰাজ্য় আছে। 

৫। অসমীয়াৰ জাতীয় সাজ-পাৰ কি ?

উত্তৰ- অসমীয়াৰ জাতীয় সাজ-পাৰ হল কিংসাপ , মেখেলা-চাদৰ, ধুতি-কামিজ , এৰী , পাট-মুগাৰ বিভিন্ন সাজ আদি। 

৬। অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই কি পিন্ধে ?

উত্তৰ- অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই মেখেলা – চাদৰ , শাৰী আদি পিন্ধে।

৭। কৃষিভিত্তিক উৎসৱ কি ?

উত্তৰ- অসমৰ জাতীয় উৎসৱ বিহু আৰু মিচিংসকলৰ আলি-আয়ে-লৃগাং হল কৃষিভিত্তিক।

Type – Boby Bora