SVN Class 4 Social Science Chapter 3 অসমৰ জলবায়ু। Short Question Answer

Chapter 3

অসমৰ জলবায়ু

১। অৱস্থা কেনেধৰনে সষ্টি হয় ?

উত্তৰ- এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ , বায়ুৰ চাপ , বতাহ , বৰষুণ , বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আদি লগ লাগি এক অৱস্থাৰ সৃষ্টি কৰে।

২। জলবায়ু কাক বোলে ?

উত্তৰ- এখন ঠাই বা অঞ্চলৰ এক দীঘলীয়া সময়ক বতৰৰ গড় বা সামগ্ৰিক অৱস্থাকে জলবায়ু বোলে।

৩। অসমত কিমান বৰষুণ হয় ?

উত্তৰ- অসমত বছৰি গড়ে প্ৰায় ২০০ চেমি বৰষুণ হয়। 

৪। বছৰত কেইটা আৰু কি কি ঋতু থাকে ?

উত্তৰ- বছৰত ছটা ঋতু থাকে। সেইকেইতা হল- গ্ৰীষ্ম , বৰ্ষা , শৰত , হেমন্ত , শীত আৰু বসন্ত।

৫। অসমৰ প্ৰধান শস্য় কি ?

উত্তৰ- অসমৰ প্ৰধান শস্য় ধান। 

৬। পাহাৰীয়া অঞ্চলত মানুহে কি খেতি কৰে ?

উত্তৰ- পাহাৰীয়া অঞ্চলত মানুহে ঝুম খেতি কৰে।

৭। ঝুম খেতি কাক বোলে ? 

উত্তৰ- পাহাৰৰ এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰাকে ঝুম খেতি বোলে।

৮। অসমত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ কিয় হয় ?

উত্তৰ- অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয়। 

৯। অসমৰ মানুহৰ প্ৰধান আহাৰ কি ?

উত্তৰ– অসমৰ মানুহৰ প্ৰধান আহাৰ ভাত। 

১০। বাৰিষা কালৰ প্ৰধান শস্য় কি ?

উত্তৰ- বাৰিষা কালৰ প্ৰধান শস্য় ধান আৰু মৰাপাট।

Type – Boby Bora