SVN Class 4 Social Science Chapter 9 ভাৰতবৰ্ষৰ প্ৰকৃতিক বিভাগ আৰু জলবায়ু । Short Question Answer

Chapter 9

ভাৰতবৰ্ষৰ প্ৰকৃতিক বিভাগ আৰু জলবায়ু

১। ভাৰতবৰ্ষ এখন কি দেশ ?

উত্তৰ- ভাৰতবৰ্ষ এখন বিশাল দেশ।

২। মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে কিমান স্থান অধিকাৰ কৰি আছে?

উত্তৰ–  মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে সপ্তম স্থান অধিকাৰ কৰি আছে ।

৩। ভাৰতবৰ্ষ কোন এছিয়াৰ এখন অতি উল্লেখযোগ্য় দেশ ?

উত্তৰ-  ভাৰতবৰ্ষ দক্ষিণ এছিয়াৰ এখন অতি উল্লেখযোগ্য় দেশ ।

৪। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?

উত্তৰ- ভাৰতবৰ্ষৰ মুঠ মাটিকালি হ’ল- ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ ।

৫। ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কি ৰেখা পাৰ হৈ গৈছে ?

উত্তৰ–  ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

৬। ভাৰতবৰ্ষক প্ৰাকৃতিকভাৱে কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰ- ভাৰতবৰ্ষক প্ৰাকৃতিকভাৱে চাৰিটা ভাগত ভাগ কৰা হৈছে।

৭। পৃথিৱীৰ সৰ্ববৃহৎ পৰ্বতমালাটো কি ?

উত্তৰ-  পৃথিৱী সৰ্ববৃহৎ পৰ্বতমালাটো হৈছে- হিমালয় পৰ্বত ।

৮। প্ৰায় ৫০ নিযুত বছৰৰ আগতে কি নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল ?

উত্তৰ – প্ৰায় ৫০ নিযুত বছৰৰ আগতে টেথিছ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল।

৯। টেথিছ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল বুলি কোনে কয় ?

উত্তৰ- টেথিছ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কয় ।

১০। হিমালয় পৰ্বতমালাত প্ৰধানকৈ কেইটা শৃংখল আছে ?

উত্তৰ- হিমালয় পৰ্বতমালাত প্ৰধানকৈ তিনিটা শৃংখল আছে।

Type – Boby Bora