SVN Class 4 Social Science Chapter 8 আমাৰ দেশ ভাৰতবৰ্ষ । Short Question Answer

Chapter 8

আমাৰ দেশ ভাৰতবৰ্ষ

১। ইংৰাজীত ভাৰতৰ নাম কি ?

উত্তৰ- ইংৰাজীত ভাৰতৰ নাম ইণ্ডিয়া।

২। মধ্য়যুগত আমাৰ দেশক কি হৈছিল ?

উত্তৰ- মধ্য়যুগত আমাৰ দেশৰক হিন্দুস্তান বোলা হৈছিল।

৩। কিহৰ ভিত্তিত আমাৰ দেশ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ ?

উত্তৰ- জনসংখ্য়াৰ ভিত্তিত আমাৰ দেশ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ।

৪। ভাৰতত প্ৰাচীন কালত কি নামৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল ?

উত্তৰ- ভাৰতত প্ৰাচীন কালত ভৰত নামৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল।

৫। প্ৰাচীন সভ্য়তাৰ জন্মভূমি ভাৰতৰ ভৌগোলিক পৰিবেশৰ অতি কি ? 

উত্তৰ- প্ৰাচীন সভ্য়তাৰ জন্মভূমি ভাৰতৰ ভৌগোলিক পৰিবেশৰ অতি বৈচিত্ৰ্য়পূৰ্ণ ।

৬। ভাৰতবৰ্ষৰ চাৰিসীমাত উত্তৰে কি কি আছে ?

উত্তৰ– ভাৰতবৰ্ষৰ চাৰিসীমাত উত্তৰে চীন, নেপাল,ভূটান আৰু পাকিস্তান ।

৭। জনসংখ্য়া ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত কিমান ত্তম দেশ ?

উত্তৰ- জনসংখ্য়া ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম বৃহত্তম দেশ ।

৮। ভাৰতবৰ্ষৰ চাৰিসীমাত দক্ষিণে  কি কি আছে ?

উত্তৰ- ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা ।

৯। ভাৰতত বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰিলেও ইয়াৰ প্ৰধান ধৰ্মকেইটা কি কি ? 

উত্তৰ- ভাৰতত বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰিলেও ইয়াৰ প্ৰধান ধৰ্মকেইটা হল- হিন্দু, ইছলাম, খ্ৰীষ্টান,বৌদ্ধ, শি্খ আৰু জৈন ।

১০। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কিমান বৰণীয়া ?

উত্তৰ- ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন তিনিবৰণীয়া ।

১১। ভাৰতবৰ্ষৰ ৰাজধানী কি ?

উত্তৰ- নতুন দিল্লী ।

১২। জাতীয় পতাকাৰ ওপৰৰ গেৰুৱা ৰং টো কিহৰ প্ৰতীক ?

উত্তৰ- জাতীয় পতাকাৰ ওপৰৰ গেৰুৱা ৰং ত্য়াগ আৰু সাহসৰ প্ৰতীক ।

১৩। জাতীয় পতাকাৰ  মাজৰ বগা ৰং টো কিহৰ প্ৰতীক ?

উত্তৰ- জাতীয় পতাকাৰ মাজৰ বগা ৰং টো শান্তি আৰু ঐক্য়ক প্ৰতীক ।

১৪। জাতীয় পতাকাৰ তলৰ সেউজীয়া ৰং টো কিহৰ প্ৰতীক ?

উত্তৰ- জাতীয় পতাকাৰ  তলৰ সেউজীয়া ৰং টো বিশ্বাস আৰু শোৰ্যৰ প্ৰতীক।

১৫। জাতীয় পতাকাৰ বগা অংশৰ মাজত ২৪ ডাল দণ্ডৰে এটা কি আছে ?

উত্তৰ- জাতীয় পতাকাৰ বগা অংশৰ মাজত ২৪ ডাল দণ্ডৰে এটা নীলা ৰংৰ চক্ৰ আছে ।

Type – Boby Bora