SVN Class 5 Science। Chapter 5। প্ৰাকৃতিক দুৰ্যোগ। Short Question Answer

 Chapter 5

প্ৰাকৃতিক দুৰ্যোগ

১. প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?

উত্তৰ :- হঠাতে প্ৰাকৃতিক ভাৱে ঘটা মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ঘটনাবোৰক প্ৰাকৃতিক দুৰ্যোগ বোলে।

২. কিছুমান প্ৰাকৃতিক দুৰ্যোগ উদাহৰণ লিখা ?

উত্তৰ :- বানপানী, ধুমুহা, ভূমিকম্প আদিক প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ।

৩. চাৰিওদিশে কিহে ঠাইবোৰ বুৰাই পোলায় ?

উত্তৰ :- চাৰিওদিশে পানীয়ে ঠাইবোৰ বুৰাই পেলায়।

৪. বানপানী কাৰণবোৰ কি কি ?

উত্তৰ :- বানপানী কাৰণবোৰ হ’ল

i) অত্য়ধিক বৰষুণৰ নদীৰ পানী ওপৰলৈ উঠি আহে আৰু কাষৰীয়া ঠাইবোৰ পানীৰ বুৰাই পেলায়।

ii) কেতিয়া নদীৰ কোনো অংশ বাম হ’লে সেই ঠাই পানী উপচি কাষৰ ঠাইবোৰত বানপানী সৃষ্টি কৰে আদি।

৫. বানপানীয়ে জন-জীৱন কি কৰি তোলে ? 

উত্তৰ :- বানপানীয়ে জন-জীৱন বিপৰ্যস্ত কৰি তোলে।

৬. যি ঠাইত বহুদিন ধৰি বৰষুণ নহয় সেই ঠাইত কি নগজে ?

উত্তৰ :- যি ঠাইত বহুদিন ধৰি বৰষুণ লহয় সেই ঠাইত কোনো ধৰণৰ শস্য় নগজে।

৭. বৰষুণ নোহোৱা ঠাইত আৰু কি কি নগজে ?

উত্তৰ :-বৰষুণ নোহোৱা ঠাইত আৰু ঘাঁহ-বনো নগজে।

৮. খৰাং বতৰ কাক বোলে ? 

উত্তৰ :- বৰষুণ নিদিয়া ঠাইত খেতি পথাৰ মাটি ফাটি যায়, খোৱা পানীৰ অভাব হয়। প্ৰকৃতিৰ এনে অৱস্থাটোক খৰাং বতৰ বোলে।

৯. কোনবোৰ ঠাইত খৰাং বতৰ হয় ?

উত্তৰ :- যিবোৰ ঠাইত পানীৰ প্ৰাকৃতিক উৎস যথেষ্ট কম সেই ঠাইত বতৰ খৰাং হয়। 

১০. বায়ুত জলীয় বাষ্প বহুত কম ক’ত হয় ?

উত্তৰ :- যদি ঠাইখণ্ডৰ পানীৰ উৎস সাগৰ আদিৰ পৰা যথেষ্ট দূৰত হয় তেন্তে সেই ঠাইত বায়ুত জলীৰ বাষ্প বহুত কম হয়।

১১. কি কাৰণত যথেষ্ট খৰাং হয় ?

উত্তৰ :- যাৰ ফলত বৰষুণ কম পৰিমানে হয় অথবা একেবাৰে বৰষুণ নহয়। আমাৰ দেশত ৰাজস্থান, গুজৰাট, মধ্য়প্ৰদেশ আদিত এই কাৰণতে যথঅষ্ট খৰাং হয়।

১২. অসমত কিমান চনত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল ?

উত্তৰ :- অসমত ১৯৫০ চনত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল।

১৩. প্ৰলয়ংকৰী ভূমিকম্পত কিমান মানুহ গৃহহাৰা কৰিছিল ?

উত্তৰ :- প্ৰলয়ংকৰী ভূমিকম্পত হাজাৰ হাজাৰ মানুহ গৃহহাৰা কৰিছিল।

১৪. ভূমিকম্পটোত কি কি হৈছিল ?

উত্তৰ :- ভূমিকম্পটোত হাজাৰজনৰ আত্মীয়-স্বজনৰ মৃত্য়ু হৈছিল, বহু শিশু নিঠৰুৱা হৈছিল, সা-সম্পত্তি বিনষ্ট হৈছিল।

১৫. পৃথিৱীৰ খোলা কাক বোলে ?

উত্তৰ :- আমাৰ ভূ-পৃষ্ঠৰ উপৰিভাগ গোটা কঠিন শিল জাতীয় পদাৰ্থ তৈয়াৰী। ই এটা পাতল তৰপ আৰু ইয়াক পৃথিৱীৰ খোলা বোলি কোৱা হয়।

১৬. ভূমিকম্প কিয় হয় ? 

উত্তৰ :- পৃথিৱীৰ আভ্য়ন্তৰ যথেষ্ঠ উত্তপ্ত অৱস্থাত থাকে বাবে ভূমিকম্প হয়।

১৭. উপকেন্দ্ৰ বা অধিকেন্দ্ৰ কাক বোলে ?

উত্তৰ :- ভূমিকম্পৰ উৎপত্তি স্থলৰ ঠিক ওপৰত থকা ঠাইখিনিক উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বুলি কোৱা হয়।

১৮. অধিকেন্দ্ৰ তথা তাৰক আশে-পাশে ঠাইখিনিতেই আটাইতৈ অধিক কি হয় ?

উত্তৰ :- অধিকেন্দ্ৰ তথা তাৰক আশে-পাশে ঠাইখিনিতেই আটাইতৈ অধিক ক্ষতি হয়।

১৯. ভূমিকম্প কি কি হয় ? 

উত্তৰ :- মাটি কঁপনি হয়, ঘৰ-দূৱাৰ কঁপনি হয়, ঘৰ-দূৱাৰ কঁপনিৰ ফলত মানুহ ধৰৰ পৰা বাহিৰলৈ ওলাই আহে আৰু কিছুমান মানুহ বাহিৰলৈ ওলাই আহিব নোৱাৰা ফলত মৃত্য়ু হয়।

২০. ভূমিকম্প ক’ত সঘনে হয় ?

উত্তৰ :- ভূমিকম্প জাপানত সঘনে হয়। 

Type – Boby Bora