SVN Class 5 Science। Chapter 6। আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ। Short Question Answer

Chapter 6

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ

১. পাচন তন্ত্ৰ কাক বোলে ? 

উত্তৰ :- হজম নোহোৱা অংশ শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ালৈকে এই অংগতন্ত্ৰ ব্য়স্ত থাকে। এই অংগতন্ত্ৰক পাচন তন্ত্ৰ বোলে।

২. শ্বসন তন্ত্ৰ কাক বোলে ?

উত্তৰ :- ঠিক সেইদৰে শ্বসন প্ৰক্ৰিয়াৰ জড়িত অংগতন্ত্ৰক শ্বসন তন্ত্ৰ বোলা হয়।

৩. ৰেচন তন্ত্ৰ কাক বোলে ?

উত্তৰ :- শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈউলিয়াি দিয়াত যি অংগতন্ত্ৰই সহায় কৰে তাক ৰেচন তন্ত্ৰ বোলে।

৪. ৰক্ত পৰিবহণ তন্ত্ৰ কাক বোলে ?

উত্তৰ :- শৰীৰৰ প্ৰতিটো অংশলৈ তেজ চলাচলত সহায় কৰা অংগতন্ত্ৰক ৰক্ত পৰিবহণ তন্ত্ৰ বোলে।

৫. পাচন তন্ত্ৰ কাম আমাৰ ক’ৰ পৰা আৰম্ভ হয় ? 

উত্তৰ :- পাচন তন্ত্ৰ কাম আমাৰ মুখৰ পৰা আৰম্ভ হয়।

৬. এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ মুঠ দাঁত কিমান থাকে ?

উত্তৰ :- এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ মুঠ দাঁত ৩২ টা থাকে।

৭. আমাৰ মুখত কেই প্ৰকাৰৰ দাঁত থাকে ? 

উত্তৰ :- আমাৰ মুখত চাৰি প্ৰকাৰৰ দাঁত থাকে।

৮. আমাক কোনবোৰ দাঁতে খাদ্য়বস্তু টুকুৰা কৰাত সহায় কৰে ?

উত্তৰ :- আমাক মুখৰ সন্মুখৰ অংশত থকা আঠটা দাঁতে খাদ্য়বস্তু টুকুৰা কৰাত সহায় কৰে।

৯. আগদাঁত বা কৃন্তক কাক বোলে ?

উত্তৰ :- মুখৰ সন্মুখত দাঁতবোৰক আগদাঁত বা কৃন্তক বোলে।

১০. দাঁত কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ :- দাঁত  চাৰি প্ৰকাৰৰ আৰু সেইকেইটা হ’ল-
(i) কৃন্তক দাঁত

(ii) জোঙা দাঁত 

(iii) গ্ৰজামুদাত 

(iv) জামুদাত 

১১. কুকুৰ দাঁত জোঙা দাঁত কাক বোলে ? 

উত্তৰ :- খাদ্য়বস্ত ফালি চিৰি খোৱাত সহায় কৰে। এনে দাঁত মুঠতে চাৰিটা। এইকেইটা দাঁতক  বা জোঙা দাঁত বোলে।

১২. গ্ৰজামুদাত কাক বোলে ?

উত্তৰ :- তৃতীয় প্ৰকাৰৰ দাঁতক গ্ৰজামুদাত বোলে। এনে দাঁতৰ সংখ্য়া আঠটা।

১৩. জামুদাত কাক বোলে ?

উত্তৰ :- চতুৰ্থ প্ৰকাৰৰ দাঁতক জামুদাত বোলে। এনে দাঁতৰ সংখ্য়া বাৰটা।

১৪. খাদ্য়নলী কাক বোলে ?

উত্তৰ :- মুখৰ পৰা পাকস্থলীলৈ থকা এডাল নলী। খাদ্য়নলীয়েদি আহাৰ পাকস্থলীলৈ যায়। তাক 

খাদ্য়নলী বোলে।

১৫. পাকস্থলী কাক বোলে ?

উত্তৰ :- পাকস্থলীটো এখন মোনাৰ দৰে। ই পাচকৰস নিৰ্গত কৰে। এই পাচক ৰস আহাৰ সৈতে মিহলি হয়। তাকে পাৰকস্থলী বোলে।

১৬. ক্ষুদ্ৰান্ত্ৰ কাক বোলে ?

উত্তৰ :- পাকস্থলীৰ পৰা আমি খোৱা আহাৰ ক্ষুদ্ৰাৰন্তলৈ যায়। ইয়াত যকৃত আৰু অগ্নাশয়ৰ পৰা অহা ৰস খাদ্য়ৰ সৈতে মিহলি হয়। তাকে ক্ষুদ্ৰান্ত্ৰ বোলে।

১৭. বৃহদান্ত্ৰ কাক বোলে ?

উত্তৰ :- খাদ্য়ৰ হজম নোহোৱা অংশ বৃহদান্ত্ৰলৈ যায়। আমাৰ খাদ্য়ত থকা পানীৰ সৰহ অংশ বৃহদান্ত্ৰ শোষণ কৰি লয়। তাকে বৃহদান্ত্ৰ বোলে।

১৮. গুহ্য়দ্বাৰ কাক বোলে ?

উত্তৰ :- আমাৰ খাদ্য়ৰ হজম নোহোৱা অংশ মলভীণ্ডত জমা হয় আৰু গুহ্য়দ্বাৰেৰে শৰীৰৰ বাহিৰলৈ ওলায় যায়। তাকে গুহ্য়দ্বাৰ বোলে।

১৯. ধমনী কাক বোলে ?

উত্তৰ :- যিবোৰ ৰক্তবাহী নলীৰ দ্বাৰা হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত সাধাৰণেতে ধমনীবোৰত অক্সিজেন যুক্ত আৰু সিৰাবোৰত কাৰ্বন ডাই-অক্সাইড যুক্ত তেজ পোৱা যায় যদিও ক্লোমসিৰাত অক্সিজেন আৰু ক্লোম ধমনীত কাৰ্বন ডাই-অক্সিজেন যুক্ত তেজ পৰিবাহিত হয়। সেইবোৰক ধমনী বোলা হয়।

২০. সিৰা কাক বোলে ?

উত্তৰ :- শৰীৰৰ বিভিন্ন অংশৰ পৰা হৃদপিণ্ডলৈ অক্সিজেন বিহীন বা অশুদ্ধ চলাচল হোৱা ৰক্তবাহী নলীবোৰক সিৰা বোলে।

Type – Boby Bora