Class 6 General Science Chapter 13 | চুম্বকৰ লগত ধেমালি | MCQ

Chapter 13

চুম্বকৰ লগত ধেমালি

১। মেগনেটাইট এবিধ কি ? 

(ক) গোল পদাৰ্থ

(খ) প্ৰাকৃতিক চুম্বক

(গ) চুম্বকীয় আকৃতিৰ এটা টুকুৰা

উত্তৰঃ (খ) প্ৰাকৃতিক চুম্বক

২। যিবোৰ বস্তু চুম্বকে আকৰ্ষণ নকৰে তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

(ক) আকৰ্ষণীয়

(খ) আকৰ্ষণহীন পদাৰ্থ

(গ) অচুম্বকীয় পদাৰ্থ

উত্তৰঃ (গ) অচুম্বকীয় পদাৰ্থ

৩। প্ৰত্যেক চুম্বকৰে কেইটা মেৰু থাকে ?

(ক) দুটা

(খ) চাৰিটা

(গ) আঠটা

উত্তৰঃ (ক) দুটা

৪। কাগজ  পদাৰ্থ নহয়।

(ক) চুম্বকীয়

(খ) পাতলীয়

(গ) এটাও নহয়

উত্তৰঃ (ক) চুম্বকীয়

৫। দণ্ড চুম্বকৰ মেৰু দুটা কত থাকে ?

(ক) চুম্বকডালৰ তলৰ মূৰত

(খ) চুম্বকডালৰ ওপৰৰ মূৰত

(গ) চুম্বকডালৰ দুটা মূৰত

উত্তৰঃ (গ) চুম্বকডালৰ দুটা মূৰত

৬। মেগনাচ কোন দেশৰ আছিল ?

(ক) ভাৰতৰ

(খ) গ্ৰীচৰ

(গ) ইৰাকৰ

উত্তৰঃ (খ) গ্ৰীচৰ

৭। মেগনাচৰ লাঠিডালৰ মূৰটোত এটুকুৰা কি আছিল ?

(ক) লো

(খ) চুম্বক

(গ) শিলগুটি

উত্তৰঃ (ক) লো

৮। ‘চুম্বক’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Magnet

(খ) Magnetite

(গ) Pole

উত্তৰঃ (ক) Magnet

৯। মেগনাচে তাৰ ভেড়াবোৰ কোন ঠাইত চৰাবলৈ নিছিল ?

(ক) ওচৰৰ পথাৰখনলৈ

(খ) ওচৰৰ পাহাৰটোলৈ

(গ) ওচৰৰ বিলখনৰ পাৰলৈ

উত্তৰঃ (খ) ওচৰৰ পাহাৰটোলৈ

১০। তলৰ চিত্ৰখনে কি বুজাইছে ?

(ক) একে মেৰুৰ মাজত বিকৰ্ষণ

(খ) বিপৰীত মেৰুৰ মাজত বিকৰ্ষণ

(গ) একে মেৰুৰ মাজত আকৰ্ষণ

উত্তৰঃ (ক) একে মেৰুৰ মাজত বিকৰ্ষণ

১১। দুটা বিপৰীত মেৰুৰে ইটোৱে সিটোক কি কৰে ?

(ক) বিকৰ্ষণ

(খ) আকৰ্ষণ

(গ) এটাও নহয়

উত্তৰঃ (খ) আকৰ্ষণ

১২। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থক কি বুলি কোৱা হয় ?

(ক) আকৰ্ষণীয়

(খ) চুম্বকীয়

(গ) অচুম্বকীয়

উত্তৰঃ (খ) চুম্বকীয়

১৩। প্ৰত্যেক চুম্বকৰে কি কি মেৰু থাকে ? 

(ক) পূব আৰু পশ্চিম

(খ) উত্তৰ আৰু পূব

(গ) উত্তৰ আৰু দক্ষিণ

উত্তৰঃ (গ) উত্তৰ আৰু দক্ষিণ

১৪। মেগনেটাইটত কি থাকে ?

(ক) চিমেণ্ট

(খ) লো

(গ) শিল

উত্তৰঃ (খ) লো

১৫। লো আকৰ্ষণ কৰিব পৰা গুণ থকা দ্ৰব্যবোৰক কি বুলি কোৱা হয় ?

(ক) চুম্বক

(খ) মেগনেট্

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৬। তলৰ কোনটো পদাৰ্থ অচুম্বকীয় ?

(ক) পলিথিন

(খ) লো

(গ) নিকেল

উত্তৰঃ (ক) পলিথিন

১৭। আগৰ দিনত নাৱিকে  দিশ নিৰ্ণয় কৰিবলৈ এটুকুৰা  ওলোমাই থৈছিল।

(ক) প্লাষ্টিক

(খ) চুম্বক

(গ) এটাও নহয়

উত্তৰঃ (খ) চুম্বক

১৮। দিশ নিৰ্ণয় কৰা মূৰ্তিৰ ৰথখন কাৰ আছিল ?

(ক) মেগনাচৰ

(খ) হোৱাংটিৰ

(গ) প্ৰজ্ঞানৰ

উত্তৰঃ (খ) হোৱাংটিৰ

১৯। চুম্বকডালৰ যিটো মূৰ উত্তৰ দিশত থাকে তাক কি বুলি কোৱা হয় ?

(ক) উত্তৰ দিশৰ মূৰ

(খ) উত্তৰ মেৰু

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

২০। ‘দক্ষিণ মেৰু’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) South pole

(খ) North pole

(গ) Magnetite

উত্তৰঃ (ক) South pole

Type: Pompi Hazarika