Class 6 General Science Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী | MCQ

Chapter 12

বিদ্যুৎ আৰু বৰ্তনী

১। বৈদ্যুতিক কোষ কি ?

(ক) বিদ্যুৎৰ এটা উৎস

(খ) বিদ্যুৎ প্ৰবাহ

(গ) এটা বাল্ব

উত্তৰঃ (ক) বিদ্যুৎৰ এটা উৎস

২। এটা বৈদ্যুতিক কোষৰ কেইটা মেৰু থাকে ?

(ক) এটা

(খ) দুটা

(গ) চাৰিটা

উত্তৰঃ (খ) দুটা

৩। এটা বাল্ব কেনেকৈ জ্বলি উঠে ?

(ক) এটা বাল্বৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ’লে

(খ) এটা বাল্বৰ মাজত থকা তাৰবোৰৰ বিচ্ছেদ হ’লে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) এটা বাল্বৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ’লে

৪। যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ’বলৈ দিয়ে তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

(ক) অপৰিবাহী

(খ) পৰিবাহী

(গ) বৰ্তনী

উত্তৰঃ (খ) পৰিবাহী

৫। ‘পৰিবাহী’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Electric

(খ) Cell

(গ) Conductors

উত্তৰঃ (গ) Conductors

৬। বৈদ্যুতিক বৰ্তনী এটা বিছিন্ন কৰিবলৈ যি আঁহিলা ব্যৱহাৰ কৰা হয় তাক কি বোলে ?

(ক) চুইছ

(খ) কোষ

(গ) পৰিবাহী

উত্তৰঃ (ক) চুইছ

৭। এডোখৰ থাৰ্মকলৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ’ব পাৰেনে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নোৱাৰে

৮। ধাতুৰ টুপীটো বিদ্যুৎ কোষৰ কি মেৰু ?

(ক) ঋনাত্মক মেৰু

(খ) ধনাত্মক মেৰু

(গ) এটাও নহয়

উত্তৰঃ (খ) ধনাত্মক মেৰু

৯। যিডাল মিহি তাঁৰৰ পৰা পোহৰ নিৰ্গত হয় তাক বাল্বটোৰ কি বুলি কোৱা হয় ?

(ক) ফিউজ

(খ) ফিলামেণ্ট

উত্তৰঃ (খ) ফিলামেণ্ট

১০। ধাতুৰ ঢাকনিখন বিদ্যুৎ কোষটোৰ কি মেৰু ?

(ক) ধনাত্মক

(খ) ঋনাত্মক

(গ) এটাও নহয়

উত্তৰঃ (খ) ঋনাত্মক

১১। তলৰ ছবিখনে কি বুজাইছে ?

(ক) ঘৰতে সাজি উলিওৱা এটা টৰ্চ

(খ) এটা চুইছৰ সৈতে এটা বৈদ্যুতিক বৰ্তনী

(গ) এটা বিদ্যুৎ বৰ্তনীত বিদ্যুৎ প্ৰবাহৰ দিশ

উত্তৰঃ (গ) এটা বিদ্যুৎ বৰ্তনীত বিদ্যুৎ প্ৰবাহৰ দিশ

১২। যিবোৰ পদাৰ্থই সিহতৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’বলৈ নিদিয়ে তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

(ক) পৰিবাহী

(খ) অপৰিবাহী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) অপৰিবাহী

১৩। ‘অপৰিবাহী পদাৰ্থ’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Insulator

(খ) Filament

(গ) Terminal

উত্তৰঃ (ক) Insulator

১৪।   শৰীৰৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হয়।

(ক) ৰবৰৰ

(খ) মানুহৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) মানুহৰ

১৫। ‘বৈদ্যুতিক বৰ্তনী’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Electric Circle

(খ) Electric Cell

(গ) Switch

উত্তৰঃ (ক) Electric Circle

১৬। ধাতুৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’ব পাৰেনে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) পাৰে

১৭। পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল বিদ্য়ুতৰ                      ।

(ক) সুপৰিবাহী

(খ) কুপৰিবাহী

(গ) তাৰ

উত্তৰঃ (খ) কুপৰিবাহী

১৮। তলৰ ছবিখনত দেখুওৱা বাল্বটো জ্বলিবনে ?

(ক) জ্বলি উঠিব

(খ) জ্বলি নুঠে

(গ) এটাও নহয়

উত্তৰঃ (ক) জ্বলি উঠিব

১৯। ‘মেৰু’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Conductors

(খ) Insulator

(গ) Terminal

উত্তৰঃ (গ) Terminal

২০। চাবি কি পদাৰ্থৰ দ্বাৰা প্ৰস্তুত কৰা হয় ?

(ক) প্লাষ্টিক

(খ) বৰব

(গ) ধাতু

উত্তৰঃ (গ) ধাতু

Type: Pompi Hazarika