Class 6 General Science Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা | MCQ

Chapter 7

উদ্ভিদৰ বিষয়ে জানো আহা

১। এখিলা পাতৰ সাধাৰণতে কি থাকে ?

(ক) কাণ্ড আৰু ফুল

(খ) ঠাৰি আৰু ফলক

(গ) ডাল আৰু শিপা

উত্তৰঃ (খ) ঠাৰি আৰু ফলক

২। সিৰাবিন্যাস কাক বোলে ?

(ক) পাতত থকা সিৰাৰ সাজোনকে

(খ) গছৰ তলৰ দীঘল শিপাক

(গ) ঘাঁহ-বনৰ সৰু সৰু শিপাবোৰক

উত্তৰঃ (ক)পাতত থকা সিৰাৰ সাজোনকে

৩। পাতে কি প্ৰক্ৰিয়াৰ জৰিয়তে পানী বাষ্প আকাৰত উলিয়াই দিয়ে ?

(ক) পৰিৱহণ

(খ) সালোক-সংশ্লেষণ

(গ) প্ৰস্বেদন

উত্তৰঃ (গ) প্ৰস্বেদন

৪। শিপা প্ৰধানত কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) ছয় প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

৫। যিবোৰ উদ্ভিদৰ শিপা জাল সিৰাবিন্যাসযুক্ত সেইবোৰক কি বুলি কোৱা হয় ?

(ক) গুচ্ছ মূল

(খ) মুখ্য মূল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) মুখ্য মূল

৬। কাণ্ডই শিপাৰ পৰা পাতলৈ কি পৰিৱহণ কৰে ?

(ক) পানী

(খ) খনিজ দ্ৰব্য

(গ) ফুল

উত্তৰঃ (ক) পানী

৭। উদ্ভিদৰ খাদ্য কোন ঠাইত প্ৰস্তুত হয় ?

(ক) ডালত

(খ) পাতত

(গ) শিপাত

উত্তৰঃ (খ) পাতত

৮। শিপা প্ৰধানত কি কি ?

(ক) মুখ্যমূল

(খ) গুচ্ছমূল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

৯। যিবোৰ উদ্ভিদৰ পাতৰ সিৰাবিন্যাস সমান্তৰাল সেইবোৰ উদ্ভিদৰ শিপাৰ কি প্ৰকৃতিৰ ?

(ক)মূখ্যমূল

(খ) গুচ্ছমূল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) গুচ্ছমূল

১০। সেউজীয়া উদ্ভিদে কাৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে ?

(ক) সূৰ্যৰ

(খ) গছ-গছনিৰ

(গ) ঘাঁহ-বনৰ

উত্তৰঃ (ক) সূৰ্যৰ

১১। ‘ডিম্বক’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Shurbs

(খ) Vein

(গ) Ovule

উত্তৰঃ (গ) Ovule

১২। উদ্ভিদক সাধাৰণতে কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক) দুটা

(খ) চাৰিটা

(গ) ছয়টা

উত্তৰঃ (খ) চাৰিটা

১৩। তলৰ ছবিখনত থকা ফুলটো কি আকৃতিৰ ?

(ক) ঘণ্টা

(খ) কাণ্ড

(গ) সিৰা

উত্তৰঃ (ক) ঘণ্টা

১৪। শিপাবোৰৰ সৰু সৰু শিপাবোৰক কি বুলি কোৱা হয় ?

(ক) ঘাই শিপা

(খ) মূল শিপা

(গ) পাৰ্শ্বীয় শিপা

উত্তৰঃ (গ) পাৰ্শ্বীয় শিপা

১৫। পাতলৈ পানী পৰিৱহন কৰে।

(ক) শিপাই

(খ) কাণ্ডই

(গ) গা-গছে

উত্তৰঃ (খ) কাণ্ডই

১৬। পাতৰ যি অংশৰ জৰিয়তে পাত কাণ্ডত লাগি থাকে সেই অংশক কি বুলি কোৱা হয় ?

(ক) ঠাৰি

(খ) ফলক

(গ) সিৰা

উত্তৰঃ (ক) ঠাৰি

১৭। যিবোৰ উদ্ভিদৰ কাণ্ড দুৰ্বল হোৱা বাবে থিয়কৈ থাকিব নোৱাৰে আৰু মাটিতহে বিস্তাৰিত হ’ব পাৰে তেনে উদ্ভিদক কি বুলি কোৱা হয় ?

(ক) বৃক্ষজাতীয় উদ্ভিদ

(খ) গুল্মজাতীয় উদ্ভিদ

(গ) লতাজাতীয় উদ্ভিদ 

উত্তৰঃ (গ) লতাজাতীয় উদ্ভিদ

১৮। পাতৰ মাজত থকা ডাঠ সিৰাডালক কি বুলি কোৱা হয় ?

(ক) সিৰাবিন্যাস

(খ) মধ্য সিৰা

(গ) জালসিৰা

উত্তৰঃ (খ) মধ্য সিৰা

১৯। উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পানী বায়ুমণ্ডললৈ উলিয়াই দিয়ে ?

(ক) প্ৰচ্ছেদন

(খ) জলীয় বাষ্প

(গ) ঘনীভৱণ

 উত্তৰঃ (ক) প্ৰচ্ছেদন

২০। ‘বৃক্ষ’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Shurbs

(খ) Shursh

(গ) Tree

উত্তৰঃ Tree

Type: Pompi Hazarika