SVN Class 3 Environment Chapter 15 | পৰিৱেশ ধ্বংস হোৱাৰ মূল কাৰণবোৰ Question and Answer |

Chapter 15

পৰিৱেশ ধ্বংস হোৱাৰ মূল কাৰণবোৰ

পৰিৱেশ ধ্বংস হােৱাৰ মূল কাৰণবােৰ হ’ল— অৰণ্য ধ্বংস কৰা, প্রদূষক উৎপন্ন কৰা আৰু জধে মধে ঘৰ-দুৱাৰ সাজি মাটি আৰু জলাশয়বােৰৰ অনিষ্ট কৰা। অৰণ্য কমি গলে জলবায়ুৰ তাৰতম্য হয়। জলবায়ুৰ তাৰতম্যতাৰ ফলত নিয়মিত বৰষুণ নহয়। বৰষুণ নহলে পানীৰ অভাৱ হয়। পানীৰ অভাৱে কৃষিকার্য বিঘ্নিত কৰে। কৃষি অবিহনে মানুহ জীয়াই থাকিব নােৱাৰে। দিনে নিশাই কাৰখানাৰ ধোঁৱা আৰু গেছে বায়ুমণ্ডলক দূষিত কৰি আছে। অত্যধিক জনসংখ্যা বৃদ্ধিও পৰিৱেশ ধ্বংসৰ এটি কাৰণ। জনসংখ্যা বৃদ্ধি মানে প্রাকৃতিক সম্পদৰ ওপৰত বেদখল। ফলত প্রকৃতি অস্থিৰ হৈ পৰে। অর্থাৎ জীয়াই থকাৰ পৰিৱেশ ধ্বংস হয়।

১। পৰিৱেশ ধ্বংস হোৱাৰ মূল কাৰণবোৰ লিখা।

উত্তৰঃ পৰিৱেশ ধ্বংশ হোৱাৰ মূল কাৰণবোৰ হ’ল – অৰণ্য ধ্বংস কৰা, প্ৰদূষক উৎপন্ন কৰা আৰু জধে মধে ঘৰ-দুৱাৰ সাজি মাটি আৰু জলাশয়বোৰৰ অনিষ্ট কৰা আদি।

২। জলবায়ুৰ তাৰতম্য ঘটিলে কেনেকুৱা ধৰণৰ সমস্যা হয়?

উত্তৰঃ জলবায়ুৰ তাৰতম্য অৰণ্য কমি গলে হয়। জলবায়ুৰ তাৰতম্য়তাৰ ফলত নিয়মিত বৰষুণ নহয়। আকৌ বৰষুণ নহলে পানীৰ অভাৱ হয়। পানীৰ অভাৱে কৃষিকাৰ্য বিঘ্নিত কৰে। কৃষি অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। অৰ্থাৎ বিভিন্ন ধৰণৰ সমস্যায়ে দেখা দিব পাৰে।

৩। পৰিৱেশ ধ্বংসৰ যিকোনো দুটা কাৰণ লিখা।

উত্তৰঃ পৰিৱেশ ধ্বংসৰ যিকোনো দুটা কাৰণ হ’ল- কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু গেছে বায়ুমণ্ডল অৰ্থাৎ পৰিৱেশ বিনষ্ট কৰিছে। জনসংখ্যা বৃদ্ধিয়েও পৰিৱেশ ধ্বংস কৰে।

৪। জনসংখ্যা বৃদ্ধি হ’লে আমাৰ মাজত কেনেকুৱা সমস্যা দেখা দিব।

উত্তৰঃ জনসংখ্য়া বৃদ্ধি হ’লে আমাৰ মাজত বিভিন্ন ধৰণৰ সমস্যা দেখা দিব পাৰে। জনসংখ্যা বৃদ্ধি মানে প্ৰাকৃতিক সম্পদৰ ওপৰত বেদখল। ফলত প্ৰকৃতিৰ অস্থিৰ হৈ পৰে। খোৱা বস্তুৰ নাটনি হ’ব। থকাৰ ঠাই নোহোৱা হ’ব। এনেকুৱা সমস্যা দেখা দিব পাৰে।

Type: Pompi Hazarika