SVN Class 4 Social Science Chapter 17 ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা । Short Question Answer

Chapter 17

ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা

১। প্ৰাচীন কালত মানুহ বোৰে এঠাই পৰা আন ঠাইলৈ কিহে আহা যোৱা কৰিছিল ?

উত্তৰঃ  প্ৰাচীন কালত মানুহ বোৰে এঠাই পৰা আন ঠাইলৈ খোজ কাঢ়ি  আহা যোৱা কৰিছিল ।

২। পৰিবহণৰ বাবে প্ৰধানকৈ কিহত চলাচলৰ  বাবে নাওজাতীয় বাহন ব্য়ৱহাৰ কৰিছিল ?

উত্তৰঃ পৰিবহণৰ বাবে প্ৰধানকৈ জলপথ আৰু পানীত  চলাচলৰ  বাবে নাওজাতীয় বাহন ব্য়ৱহাৰ কৰিছিল।

৩। বৰ্তমান আমাৰ দেশত কিমান প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে ?

উত্তৰঃ  বৰ্তমান আমাৰ দেশত চাৰি প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে ।

৪। বৰ্তমান ভাৰতত কিমান ৰো অধিক ৰাষ্ট্ৰীয় পথ আছে ?

উত্তৰঃ বৰ্তমান ভাৰতত ২০০ ৰো অধিক ৰাষ্ট্ৰীয় পথ আছে ।

৫। ৰাজ্য়ৰ ভিতৰৰ প্ৰধান অঞ্চলসমূহ সংযোগী আলিবাট নিৰ্মাণ, মেৰামতি আৰু তদাৰক কৰিবলৈ প্ৰত্য়েক ৰাজ্য়তে কি বিভাগ একোটা থাকে ?

উত্তৰঃ ৰাজ্য়ৰ ভিতৰৰ প্ৰধান অঞ্চলসমূহ সংযোগী আলিবাট নিৰ্মাণ, মেৰামতি আৰু তদাৰক কৰিবলৈ প্ৰত্য়েক ৰাজ্য়তে গড়কাপ্টানি  বিভাগ একোটা থাকে।

৬। ৰাজ্য়খনৰ মুখ্য় পথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ দায়িত্ব কোন বিভাগৰ ?

উত্তৰঃ ৰাজ্য়খনৰ মুখ্য় পথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ দায়িত্ব গড়কাপ্টানি বিভাগৰ ।

৭। কিমান চনত ভাৰত দেশত প্ৰথম ৰে’ল পথ নিৰ্মাণ কৰা হয় ?

উত্তৰঃ ১৮৫৩  চনত ভাৰত দেশত প্ৰথম ৰে’ল পথ নিৰ্মাণ কৰা হয়।

৮। ভাৰতত ৰে’লসেৱা বিভাগে অৰ্থনীতিত এক কি স্থান অধিকাৰ কৰি আহিছে ?

উত্তৰঃ ভাৰতত ৰে’লসেৱা বিভাগে অৰ্থনীতিত এক সুকীয়া  স্থান অধিকাৰ কৰি আহিছে।

৯। যাতায়াত ব্য়ৱস্থাৰ মাধ্য়ম কি ?

উত্তৰঃ যাতায়াত ব্য়ৱস্থাৰ মাধ্য়ম চাইকেল, ৰে’ল, মটৰ গাড়ী, জাহাজ, বিমান আদি ।

১০। কলকাতা, দিল্লী, মুম্বাই, হায়দৰাবাদ আদি মহানগৰীত কি পথৰ ব্য়ৱস্থা আছে ?

উত্তৰঃ  কলকাতা, দিল্লী, মুম্বাই, হায়দৰাবাদ আদি মহানগৰীত মেট্ৰ’ ৰে’ল পথৰ  ব্য়ৱস্থা আছে।

Type – Boby Bora