SVN Class 4 Social Science Chapter 18 সৌৰজগতৰ কথা । Short Question Answer

Chapter 18

সৌৰজগতৰ কথা 

১। ৰাতিৰ আকাশত অগণন কি থকা দেখিবলৈ পাঁও ?

উত্তৰঃ  ৰাতিৰ আকাশত অগণন তৰা চিকমিকাই থকা দেখিবলৈ পাঁও।

২। আকাশত তিৰবিৰাই থকা বস্তুবোৰক কি  বোলে ?

উত্তৰঃ আকাশত তিৰবিৰাই থকা বস্তুবোৰক জ্য়োতিষ্ক বোলে।

৩। যিবোৰ জ্য়োতিষ্কৰ নিজা তাপ আৰু পোহৰ আছে তেনেবোৰ জ্য়োতিষ্কৰক কি বোলে ?

উত্তৰঃ যিবোৰ জ্য়োতিষ্কৰ নিজা তাপ আৰু পোহৰ আছে তেনেবোৰ জ্য়োতিষ্কৰক নক্ষত্ৰ বোলে ।

৪। সূৰ্য এটা কি ?

উত্তৰঃ সূৰ্য এটা নক্ষত্ৰ।

৫। কাৰ পোহৰ স্থিৰ ?

উত্তৰঃ গ্ৰহ আৰু উপগ্ৰহবোৰৰ পোহৰ স্থিৰ।

৬। প্লুটো এটা কি ?

উত্তৰঃ প্লুটো এটা গ্ৰহাণু।

৭। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো কি ?

উত্তৰঃ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হ’ল- বুধ।

৮। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি ?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ’ল- বৃহস্পতি।

৯। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি ?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ’ল-বুধ।

১০। শেহতীয়াভাৱে প্লুটোৰ দৰেই আন কেইটা গ্ৰহাণু আৱিষ্কৃত হৈছিল ?

উত্তৰঃ শেহতীয়াভাৱে প্লুটোৰ দৰেই আন তিনিটা  গ্ৰহাণু আৱিষ্কৃত হৈছিল।

Type – Boby Bora