SVN Class 6 Science Chapter 4 কাৰ্য,ক্ষমতা আৰু শক্তি । MCQ Question Answer

Chapter 4

কাৰ্য,ক্ষমতা আৰু শক্তি

১। বল আৰু বলৰ দিশত অতিক্ৰান্ত নূন্যতম দূৰত্বৰ গুণফলক  কি বোলে?

(ক) কাৰ্য

(খ) ক্ষমতা

(গ) শক্তি

উত্তৰঃ (ক) কাৰ্য

২। কাৰ্য সম্পাদনৰ হাৰক কি বোলে?

(ক) শক্তি

(খ) কাৰ্য

(গ) ক্ষমতা

উত্তৰঃ (গ) ক্ষমতা

৩। ক্ষমতাৰ একক কি?

(ক) মিটাৰ

(খ) ৱাট

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৱাট

৪। কাৰ্যৰ একক কি?

(ক) জুল

(খ) ৱাট

(গ) মিটাৰ

উত্তৰঃ (ক) জুল

৫। কাক সভ্যতাৰ চাবিৰূপে অভিহিত কৰা হয়?

(ক) ক্ষমতাক

(খ) কাৰ্যক

(গ) শক্তিক

উত্তৰঃ (গ) শক্তিক

৬। শক্তিৰ অৰ্থ কি?

(ক) কাৰ্য

(খ) কাৰ্য কৰিব পৰা সামৰ্থ্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কাৰ্য কৰিব পৰা সামৰ্থ্য

৭। গতিৰ বিনিময়ত বস্তুৱে শক্তি লাভ কৰে,এই শক্তিক কি বোলে?

(ক) গতিশক্তি

(খ) তীব্ৰশক্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গতিশক্তি

৮। বস্তুৰ স্থান আৰু প্ৰকৃতিৰ পৰিৱৰ্তনৰ বাবে সৃষ্ট শক্তিক কি বোলে?

(ক) স্থিতিশক্তি

(খ) গতিশক্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্থিতিশক্তি

৯। বিজ্ঞানত কিমান খৰকৈ কাৰ্য সম্পন্ন হৈছে,তাক প্ৰকাশ কৰিবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

(ক) কাৰ্য

(খ) শক্তি

(গ) ক্ষমতা

উত্তৰঃ (গ) ক্ষমতা

১০। কেনেকুৱা বস্তুত শক্তি নিহিত কি হৈ থাকে?

(ক) চলন্ত বস্তুত

(খ) উৰন্ত বস্তুত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চলন্ত বস্তুত

১১। শুকান চূণত কি ঢালিলে ৰাসায়নিক শক্তিক তাপ শক্তিলৈ ৰূপান্তৰিত কৰা হয়?

(ক) গাখীৰ

(খ) পানী

(গ) চেনি পানীৰ মিশ্ৰণ

উত্তৰঃ (খ) পানী

১২। কাৰ্যৰ মান কেইটা কাৰকৰ ওপৰত নিৰ্ভৰশীল?

(ক) ১ টা

(খ) ২টা

(গ) ৫টা

উত্তৰঃ (খ) ২টা

১৩। কোনো বস্তু ওপৰলৈ দাঙোতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ বস্তুবিধৰ ওজন আৰু ভূমিৰপৰা তাৰ________ ওপৰত নিৰ্ভৰ কৰে।এই খালী ঠাইত কি বহিব?

(ক) উচ্চতাৰ

(খ) ক্ষমতাৰ

(গ) কাৰ্যৰ

উত্তৰঃ (ক) উচ্চতাৰ

১৪। আমি শক্তি ক’ৰ পৰা লাভ কৰো?

(ক) ক্ষমতাৰ পৰা

(খ) কাৰ্যৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

১৫। ক’ত নিহিত থকা শক্তিৰদ্বাৰাই ট্ৰেইন,মটৰ-গাড়ী,কল-কাৰখানা আদি চলে?

(ক) গাড়ী মটৰত

(খ) কয়লা,পেট্ৰলত

(গ) কেৰাচিনত

উত্তৰঃ (খ) কয়লা,পেট্ৰলত

১৬। চলন্ত বা গতিশীল বস্তুৱে কি কৰিব পাৰে?

(ক) ক্ষমতা অৰ্জন কৰিব পাৰে

(খ) গাড়ী চলাব পাৰে

(গ) কাৰ্য সমাধান কৰিব পাৰে

উত্তৰঃ (গ) কাৰ্য সমাধান কৰিব পাৰে

১৭। কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰাৰ ফলত প্ৰয়োগ বিন্দুৰ কি সলনি হ’লে কাৰ্য কৰা হয়?

(ক) স্থান

(খ) গতিবেগ তীব্ৰ হ’লে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্থান

১৮। কাক এটা ৰূপৰ পৰা অন্য এটালৈ ৰূপান্তৰ কৰিব পাৰি?

(ক) কাৰ্যক

(খ) ক্ষমতাক

(গ) শক্তিক

উত্তৰঃ (গ) শক্তিক

১৯। চাবি দিয়া ঘড়ীত স্প্ৰীংডালক কি দি পকাই ৰখা হয়?

(ক) চাবি

(খ) কিছুমান ৰাসায়নিক পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চাবি

২০। বৈদ্যুতিক বাল্বত বিদ্যুৎশক্তিক কি শক্তিলৈ পৰিৱৰ্তন কৰা হয়?

(ক) ৰাসায়নিক শক্তিলৈ

(খ) পোহৰ শক্তিলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পোহৰ শক্তিলৈ

Type – Boby Bora