SVN Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ চৌপাশ । MCQ Question Answer

Chapter 3

জীৱ আৰু ইয়াৰ চৌপাশ

১। শ্বাস-প্ৰশ্বাস কি?

(ক) জীৱৰ বিশেষ লক্ষণ

(খ) জীৱৰ এটা প্ৰধান বৈশিষ্ট্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জীৱৰ এটা প্ৰধান বৈশিষ্ট্য

২। অক্সিজেন গেছৰ অন্য এটা নাম কি?

(ক) অম্লজান

(খ) এঙাৰ গেছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অম্লজান

৩। কাৰ্বন-ডাই-অক্সাইড গেছৰ অন্য এটা নাম কি?

(ক) নাইট্ৰজেন

(খ) অম্লজান

(গ) এঙাৰ গেছ

উত্তৰঃ (গ) এঙাৰ গেছ

৪। উৎপাদকৰ পৰা উপভোক্তালৈ,উপভোক্তাৰপৰা বিয়োজকলৈ আৰু বিয়োজকৰ পৰা পুনৰ উৎপাদকলৈ খাদ্যৰ যোগানকে কি বোলে?

(ক) খাদ্য-শৃংখল

(খ) শক্তি প্ৰৱাহ

(গ) পৰিস্থিতিতন্ত্ৰ

উত্তৰঃ (ক) খাদ্য-শৃংখল

৫। খাদ্যৰ জৰিয়তে উপাদকৰ পৰা (সেউজীয়া উদ্ভিদ) বিভিন্ন উপভোক্তালৈ হোৱা শক্তিৰ চলনক কি বোলে?

(ক) শক্তি প্ৰৱাহ

(খ) পৰিস্থিতিতন্ত্ৰ

(গ) খাদ্য-শৃংখল

উত্তৰঃ (ক) শক্তি প্ৰৱাহ

৬। যিবোৰ প্ৰাণীয়ে মাছ-মাংস,ফল-মূল,শাক-পাচলি আদি সকলো ধৰণৰ খাদ্য খায়,সেইবোৰ প্ৰাণীক কি বোলে?

(ক) তৃণভোজী প্ৰাণী

(খ) সৰ্বভক্ষী প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সৰ্বভক্ষী প্ৰাণী

৭। যিবোৰ জীৱই আন জীৱ-জন্তুৰ মল-মূত্ৰ,গেলা-পচা মৃতদেহ আদিৰ দেহত বাস কৰে আৰু প্ৰয়োজনীয় দ্ৰব্যসমূহ তাৰপৰাই আহৰণ কৰে,সিহঁতক কি বোলে?

(ক) মৃতজীৱী প্ৰাণী

(খ) পৰজীৱী প্ৰাণী

(গ) সৰ্বভক্ষী প্ৰাণী

উত্তৰঃ (ক) মৃতজীৱী প্ৰাণী

৮। কিছুমান জীৱই আন জীৱদেহৰ ভিতৰত বা বাহিৰত থাকি সেই জীৱদেহৰপৰাই খাদ্য গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰে,এনে জীৱক কি বোলে?

(ক) সৰ্বভক্ষী

(খ) মৃতজীৱী

(গ) পৰজীৱী

উত্তৰঃ (গ) পৰজীৱী

৯। মৌ-প্ৰিয়া চৰাই কি খাই জীয়াই থাকে?

(ক) ফুলৰ মৌ

(খ) মাংস

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ফুলৰ মৌ

১০। কি ন’হলে বীজৰ সৃষ্টি নহয়?

(ক) বতাহ নহলে

(খ) পৰাগযোগ ন’হলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰাগযোগ ন’হলে

১১। মানুহৰ খাদ্যৰ অধিকাংশই কি?

(ক) উদ্ভিদজাত

(খ) প্ৰাণীজাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উদ্ভিদজাত

১২। মানুহ বা অন্যান্য ঘৰচীয়া জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় ঔষধৰ প্ৰায় কিমান শতাংশ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়?

(ক) ২০ শতাংশ

(খ) ৭০ শতাংশ

(গ) ৮০ শতাংশ

উত্তৰঃ (গ) ৮০ শতাংশ

১৩। জীৱসমূহ বাস কৰা চৌপাশেই কি?

(ক) উদ্ভিদ

(খ) আৱাসস্থলী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আৱাসস্থলী

১৪। সেউজীয়া উদ্ভিদক কি বোলে?

(ক) আৱাসস্থলী

(খ) উদ্ভিদ

(গ) উৎপাদক

উত্তৰঃ (গ) উৎপাদক

১৫। এটা আৱাসস্থলত সাধাৰণতে প্ৰাণী আৰু উদ্ভিদবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থাকে। ইয়াক কি বোলে?

(ক) শক্তি প্ৰৱাহ

(খ) পৰিস্থিতিতন্ত্ৰ

(গ) খাদ্য-শৃংখল

উত্তৰঃ (খ) পৰিস্থিতিতন্ত্ৰ

১৬। উদ্ভিদে কি গঠনত মূখ্য ভূমিকা গ্ৰহণ কৰে?

(ক) সাৰ গঠনত

(খ) মাটি গঠনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাটি গঠনত

১৭। ফল-মূল,শাক-পাচলি আদিত থকা আঁহজাতীয় পদাৰ্থৰ বেছিভাগেই আমাৰ স্বাস্থ্যৰ বাবে কি?

(ক) উপকাৰী

(খ) অপকাৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উপকাৰী

১৮। উদ্ভিদে খাদ্য প্ৰস্তুতৰ সময়ত কি গেছ গ্ৰহণ কৰে?

(ক) নাইট্ৰজেন

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড

১৯। উদ্ভিদে খাদ্য প্ৰস্তুতৰ সময়ত কি গেছ এৰি দিয়ে?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰজেন

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড

২০। উদ্ভিদে প্ৰস্তুত কৰা খাদ্য প্ৰথমতে কোনে গ্ৰহণ কৰে?

(ক) মাংসভোজী প্ৰাণীয়ে

(খ) তৃণভোজী প্ৰাণীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তৃণভোজী প্ৰাণীয়ে

Type – Boby Bora