SVN Class 6 Science Chapter 7 পোহৰ আৰু পোহৰৰ প্ৰতিফলন। MCQ Question Answer

Chapter 7

পোহৰ আৰু পোহৰৰ প্ৰতিফলন

১। পোহৰ কি?

(ক) শক্তি

(খ) ক্ষমতা

(গ) কাৰ্য

উত্তৰঃ (ক) শক্তি

২। যিবিলাক বস্তুৰ পৰা আমি পোহৰ পাওঁ,তাক পোহৰৰ কি বোলে?

(ক) শক্তি

(খ) উৎস

(গ) কাৰ্য

উত্তৰঃ (খ) উৎস

৩। সূৰ্য,চন্দ্ৰ,জোনাকী পৰুৱা আদি পোহৰৰ কি?

(ক) উৎস

(খ) কৃত্ৰিম উৎস

(গ) প্ৰাকৃতিক উৎস

উত্তৰঃ (গ) প্ৰাকৃতিক উৎস

৪। বৈদ্যুতিক বাল্ব,মমবাতি,চাকি,টৰ্চ লাইট আদি পোহৰৰ কি?

(ক) কৃত্ৰিম উৎস

(খ) উৎস

(গ) প্ৰাকৃতিক উৎস

উত্তৰঃ (ক) কৃত্ৰিম উৎস

৫। বগা পোহৰ কাক বোলে?

(ক) চন্দ্ৰৰ পৰা পোৱা পোহৰক

(খ) সূৰ্যৰ পৰা পোৱা পোহৰক

(গ) বাল্বৰ পোহৰক

উত্তৰঃ (খ) সূৰ্যৰ পৰা পোৱা পোহৰক

৬। পোহৰৰ ৰশ্মি আচলতে কি?

(ক) কিছুমান কণিকাৰ সমষ্টি

(খ) বগা পোহৰ

(গ) কলা পোহৰ

উত্তৰঃ (ক) কিছুমান কণিকাৰ সমষ্টি

৭। পোহৰ ৰশ্মি আচলতে কিছুমান কণিকাৰ সমষ্টি আৰু এই পোহৰৰ কণিকাক কি বোলে?

(ক) বগা পোহৰ

(খ) কৃত্ৰিম পোহৰ

(গ) ফ’টন

উত্তৰঃ (গ) ফ’টন

৮। পোহৰে কোন দিশত গতি কৰে?

(ক) বেকাবেকি দিশত

(খ) সৰলৰৈখিক দিশত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সৰলৰৈখিক দিশত

৯। উৎসৰপৰা নিৰ্গত পোহৰ ৰশ্মিৰ প্ৰকৃতি অনুসৰি ইয়াক কেইটাভাগত ভগোৱা হয়?

(ক) দুটা ভাগত

(খ) পাঁচটা ভাগত

(গ) তিনিটা ভাগত

উত্তৰঃ (গ) তিনিটা ভাগত

১০। পোহৰ ৰশ্মিৰবোৰৰ ব্যৱধান সকলো অংশতে সমান হ’লে সেই ৰশ্মিবোৰক কি বোলে?

(ক) সমান্তৰাল

(খ) ফ’টন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সমান্তৰাল

১১। পোহৰৰ ৰশ্মিবোৰ যদি ক্ৰমাৎ ওচৰ চাপি এটা নিৰ্দিষ্ট বিন্দু অভিমুধে অগ্ৰসৰ হয়,তাক কি বোলে?

(ক) সমান্তৰাল

(খ) কৃত্ৰিম পোহৰ

(গ) অভিসাৰী ৰশ্মি

উত্তৰঃ (গ) অভিসাৰী ৰশ্মি

১২। পোহৰ ,সকলো বস্তুৰ মাজেৰে পাৰ হ’ব পাৰেনে?

(ক) নোৱাৰে

(খ) পাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নোৱাৰে

১৩। যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে তাক কি বোলে?

(ক) অস্বচ্ছ মাধ্যম

(খ) স্বচ্ছ মাধ্যম

(গ) ঈষৎ স্বচ্ছ মাধ্যম

উত্তৰঃ (খ) স্বচ্ছ মাধ্যম

১৪। পোহৰ পাৰ হৈ যাব নোৱৰা মাধ্যমক কি বোলে?

(ক) স্বচ্ছ মাধ্যম

(খ) অস্বচ্ছ মাধ্যম

(গ) ঈষৎ স্বচ্ছ মাধ্যম

উত্তৰঃ (খ) অস্বচ্ছ মাধ্যম

১৫। এবিধ স্বচ্ছ মাধ্যমৰ উদাহৰণ হ’ল।

(ক) মাটি

(খ) টিন

(গ) বায়ু

উত্তৰঃ (গ) বায়ু

১৬। এবিধ অস্বচ্ছ মাধ্যমৰ উদাহৰণ হ’ল।

(ক) লো

(খ) কাচ

(গ) বায়ু

উত্তৰঃ (ক) লো

১৭। সামান্য পোহৰ পাৰ হ’ব পৰা মাধ্যমক কি বোলে?

(ক) স্বচ্ছ মাধ্যম

(খ) ঈষৎ স্বচ্ছ মাধ্যম

(গ) অস্বচ্ছ মাধ্যম

উত্তৰঃ (খ) ঈষৎ স্বচ্ছ মাধ্যম

১৮। উৎসৰপৰা আহি কোনো প্ৰতিফলকত ঠেকা খোৱা ৰশ্মিটোক কি বোলে?

(ক) আপতিত ৰশ্মি

(খ) আপতন বিন্দু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আপতিত ৰশ্মি

১৯। যিটো বিন্দুত পোহৰ ৰশ্মিটো ঠেকা খায় তাক কি বোলে?

(ক) আপতন বিন্দু

(খ) আপতিত ৰশ্মি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আপতন বিন্দু

২০। আপতন বিন্দুৰপৰা পূৰ্বৰ মাধ্যমলৈ উভতি যোৱা ৰশ্মিটোক কি বোলে?

(ক) আপতিত ৰশ্মি

(খ) আপতন বিন্দু

(গ) প্ৰতিফলিত ৰশ্মি

উত্তৰঃ (গ) প্ৰতিফলিত ৰশ্মি

Type – Boby Bora