SVN Class 6 Science Chapter 9 মৌল,যৌগ আৰু মিশ্ৰ। MCQ Question Answer

Chapter 9

মৌল,যৌগ আৰু মিশ্ৰ

১। পদাৰ্থৰ ক্ষুদ্ৰতম স্বতন্ত্ৰ অংশ যাক খালী চকুৰে দেখা নাযায় তাক কি বোলে?

(ক) অণু

(খ) অম্ল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অণু

২। পানীত অলপ নিমখ দিলে দিলে কি হয়?

(ক) পানীখিনি নীলা হৈ যায়

(খ) পানীখিনি পমি যায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পানীখিনি পমি যায়

৩। কঠিন পদাৰ্থক তাপ দিলে কি হয়?

(ক) ঠাণ্ডা হয়

(খ) গৰম হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গৰম হয়

৪। যিবিলাক পদাৰ্থক ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায় তাক কি বোলে?

(ক) যৌগ

(খ) মিশ্ৰ

(গ) মৌল

উত্তৰঃ (গ) মৌল

৫। লো কি পদাৰ্থ?

(ক) মৌল

(খ) যৌগ

(গ) মিশ্ৰ

উত্তৰঃ (ক) মৌল

৬। কাৰ্বন-ডাই-অক্সাইড গেছ মৌল হয়নে?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

৭। মৌলবোৰ নিৰ্দিষ্ট অনুপাতত লগ লাগি ৰাসায়নিকভাৱে নতুন বস্তুৰ সৃষ্টি কৰিলে তাক কি বোলে?

(ক) মিশ্ৰণ

(খ) মৌল

(গ) যৌগ

উত্তৰঃ (গ) যৌগ

৮। দুটা বা তাতোধিক মৌল বা যৌগ সানমিহলি হৈ থাকিলে তাক কি বোলে?

(ক) মৌল

(খ) মিশ্ৰণ

(গ) যৌগ

উত্তৰঃ (খ) মিশ্ৰণ

৯। মৌল যি উষ্ণতাত গলে তাক কি বোলে?

(ক) গলনাংক

(খ) মিশ্ৰণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গলনাংক

১০। যৌগ যি উষ্ণতাত উতলে তাক কি বোলে?

(ক) যৌগ

(খ) গলনাংক

(গ) উতলাংক

উত্তৰঃ (গ) উতলাংক

১১। মৌলৰ ক্ষুদ্ৰতম অংশক কি বোলে?

(ক) অণু

(খ) যৌগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অণু

১২। অণুক বিভাজন কৰিব পাৰিনে?

(ক) নোৱাৰি

(খ) পাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পাৰি

১৩। অণুক ভাগ কৰিলে কি পোৱা যায়?

(ক) পৰমাণু

(খ) মৌল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰমাণু

১৪। যৌগক পৃথক কৰিলে কি পোৱা যায়?

(ক) মিশ্ৰণ

(খ) অণু

(গ) মৌল

উত্তৰঃ (গ) মৌল

১৫। হাইড্ৰ’জেনৰ সাংকেতিক চিহ্ন কি?

(ক) Ca

(খ) Ha

(গ) H

উত্তৰঃ (গ) H

১৬। গোটা আৰু জুলীয়াৰ মিশ্ৰ এটা কিছু সময় থৈ দিলে গোটা বস্তুখিনি তলত জমা হয়গৈ। এনেদৰে জমা হোৱা কাৰ্যক কি বোলে?

(ক) পৰিস্ৰাৱণ

(খ) অৱক্ষেপণ

(গ) চালনী প্ৰক্ৰিয়া

উত্তৰঃ (খ) অৱক্ষেপণ

১৭। দ্ৰৱ=দ্ৰাব্য+______= কি?

(ক) দ্ৰব্য

(খ) দ্ৰাৱক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দ্ৰাৱক

১৮। ব্ৰ’মিন আৰু পাৰা কি?

(ক) জুলীয়া মৌল

(খ) জুলীয়া যৌগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জুলীয়া মৌল

১৯। মিশ্ৰণ মৌল বা যৌগৰ ধৰ্মৰ পৰিৱৰ্তন হয়নে?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

২০। এলকহলৰ গলনাংক কিমান?

(ক) ১০০ ডিগ্ৰী চেলছিয়াছ

(খ) ৭৮.৫ ডিগ্ৰী চেলছিয়াছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৭৮.৫ ডিগ্ৰী চেলছিয়াছ

Type – Boby Bora