SVN Class 6 Computer Course | Chapter 1 | কম্পিউটাৰৰ প্ৰজন্ম | Question Answer Assamese Medium | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 1

কম্পিউটাৰৰ প্ৰজন্ম

অনুশীলনীঃ

১। খালী ঠাই পূৰ কৰাঃ


(ক) কম্পিউটাৰক কাৰ্যক্ষমতা আৰু নিৰ্মান শৈলীৰ ভিত্তি কৰি মুঠ পাঁচটা প্ৰজন্মত ভাগ কৰা হৈছে।


(খ) ট্ৰেনজিষ্টাৰ দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয়।


(গ) ”আই.চি”ৰ সম্পূৰ্ণ নাম হ’ল ”ইন্টিগ্ৰেটেড চাৰ্কিট”


(ঘ) চতুৰ্থ প্ৰজন্মৰ কম্পিউটাৰত ”মাইক্ৰপ্ৰচেচৰ” ব্যৱহাৰ কৰা হয়।


(ঙ) ১৯৮০ চনৰ পৰা বৰ্তমানলৈকে ব্যৱহাৰ হোৱা কম্পিউটাৰ বোৰক পঞ্চম প্ৰজন্মৰ কম্পিউটাৰ বুলি কোৱা হয়।

২। কম্পিউটাৰৰ প্রজন্ম কেইটা আৰু কি কি ?
উত্তৰঃ কম্পিউটাৰৰ প্ৰজন্ম পাঁচটা। সেই কেইটা হ’লঃ
(ক) প্ৰথম প্ৰজন্ম ( First Generation)
(খ) দ্বিতীয় প্ৰজন্ম ( Second Generation)
(গ) তৃতীয় প্ৰজন্ম ( Third Generation)
(ঘ) চতুৰ্থ প্ৰজন্ম ( Fourth Generation)
(ঙ) পঞ্চম প্ৰজন্ম (Fifth Generation)

৩। তৃতীয় প্রজন্মৰ কম্পিউটাৰৰ দুটা উদাহৰণ দিয়া ?
উত্তৰঃ তৃতীয় প্ৰজন্মৰ কম্পিউটাৰপ দুটা উদাহৰণ হ’ল IBM-360,PDP-II ।

৪। পঞ্চম প্রজন্মৰ কম্পিউটাৰৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ পঞ্চম প্ৰজন্মৰ কম্পিউটাৰৰ বিষয়ে বহলাই হ’লঃ
পঞ্চম প্ৰজন্মৰ কম্পিউটাৰ ১৯৮০ চনৰ পৰা আজি পৰ্যন্ত যিবোৰ কম্পিউটাৰ নিৰ্মাণ হৈছে সেই বোৰ কম্পিউটাৰক পঞ্চম প্ৰজন্ম কম্পিউটাৰ বোলা হয়। পঞ্চম প্ৰজন্মপ কম্পিউটাৰত ”মাইক্ৰচিপ ব্যনগাৰ কৰা হয়। এই শ্ৰেণী কম্পিউটাৰত নিতৌ নতুন উন্নত মানৰ সা-সঁজুলি সংযোজন কৰি আহিছে। এই কম্পিউটাৰবোৰৰ নিজা বুদ্ধিমত্তা,যিকোনো ভাষা বুজি পোৱা দক্ষতা আদিৰ ওপৰত গৱেষণা চলি আছে ।

৫। UNIVAC – I কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?
উত্তৰঃ UNIVAC-I প্ৰথম প্ৰজন্ম কম্পিউটাৰ ।

৬। কোনটো প্ৰজন্মৰ কম্পিউটাৰত মাইক্ৰ’চিপ ( Microchip ) ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ পঞ্চম প্ৰজন্মৰ কম্পিউটাৰত মাইক্ৰ’চিপ (Microchip) ব্যৱহাৰ কৰা হয়।

৭। আই. চি. ( I.C) ৰ সম্পূর্ণ নামটো কি ?
উত্তৰঃ আই.চি. (I.C)ৰ সম্পূৰ্ণ নাম ইন্টিগ্ৰেটেড চাৰ্কিটত (Integrated Circuit)।

৮। আধুনিক কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় ?
উত্তৰঃ আধুনিক কম্পিউটাৰৰ জনক বুলি চালৰ্চ বেবেজ কোৱা হয়।

৯। “ট্রেনজিষ্টাৰ” (Transistor) কোনটো প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ ”ট্ৰেনজিষ্টাৰ” (Transistor) দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয়।

১০। CDC 1604 কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?
উত্তৰঃ CDC 1604 দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰ।

১১। প্রথম মাইক্র’প্রচেচৰ ( Microprocessor ) কোনটো প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ প্ৰথম মাইক্ৰ’প্ৰচেচৰ (Microprocessor) চতুৰ্থ প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয়।

১২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলােৱা ।

 ‘ক’ অংশ ‘খ’ অংশ
প্ৰথম প্ৰজন্মমাইক্ৰ’প্ৰচেচৰ 
দ্বিতীয় প্ৰজন্মভেকাম টিউৱ
তৃতীয় প্ৰজন্মমাইক্ৰ’চিপ 
চতুৰ্থ প্ৰজন্ম ট্ৰেনজিষ্টৰ 
পঞ্চম প্ৰজন্ম ইণ্টিগ্ৰেটেড চাৰ্কিটা

উত্তৰঃ
‘ক’ অংশ ‘খ’ অংশ
প্ৰথম প্ৰজন্ম = ভেকাম টিউৱ
দ্বিতীয় প্ৰজন্ম = ট্ৰেনিজিষ্টৰ
তৃতীয় প্ৰজন্ম = ইন্টিগ্ৰেটেড চাৰ্কিট
চতুৰ্থ প্ৰজন্ম = মাইক্ৰ’প্ৰচেচৰ
পঞ্চম প্ৰজন্ম = মাইক্ৰ’চিপ

Type: Pompi Hazarika