SEBA Class 9 Maths Solution Chapter 10। বৃত্ত । অনুশীলনী 10.2 Question Answer

অনুশীলনী 10.2

1. মনত পেলোৱা যে দুটা বৃত্ত সৰ্বসম হ’ব যদি সিহঁতৰ ব্যাসাৰ্ধ একে হয়। প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে।

উত্তৰঃ 

AB জ্য়াই এটা বৃত্তৰ কেন্দ্ৰ O ত ㄥAOB উৎপন্ন কৰিছে।

আকৌ, আন এটা বৃত্তৰ PQ জ্য়াই ㄥPMQ উৎপন্ন কৰিছে।

এতিয়া, 

△AOB আৰু△PMQ ৰ

AB = PQ (প্ৰশ্নমতে)

AO = PM (সৰ্বসম বৃত্তৰ ব্য়াসাৰ্ধ)

BO = QM (সৰ্বসম বৃত্তৰ ব্য়াসাৰ্ধ)

∴△AOB≅△PMQ

∴ㄥAOB=ㄥPMQ

2. প্ৰমাণ কৰা যে, যদি সৰ্বসম বৃত্তৰ জ্য়াই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে, তেন্তে জ্য়াবোৰ সমান।

উত্তৰঃ

AB জ্য়াই এটা বৃত্তৰ কেন্দ্ৰ O ত ㄥAOB উৎপন্ন কৰিছে।

আকৌ, আন এটা বৃত্তৰ PQ জ্য়াই ㄥPMQ উৎপন্ন কৰিছে।

এতিয়া, 

△AOB আৰু△PMQ ৰ

ㄥAOB=ㄥPMQ (প্ৰশ্নমতে)

AO = PM (সৰ্বসম বৃত্তৰ ব্য়াসাৰ্ধ)

BO = QM (সৰ্বসম বৃত্তৰ ব্য়াসাৰ্ধ)

∴△AOB≅△PMQ

∴ AB = PQ

Type – Boby Bora