আঞ্চলিক ভূগোল । Chapter3 | SEBA Class 10 Geography Lesson 3 Question and Answer | Assamese Medium Class 10 Geography Solution | Geography Class 10 Lesson 3 Answer Assam | Class 10 Geography | দশম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৩ আঞ্চলিক ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

তৃতীয় অধ্যায়

আঞ্চলিক ভূগোল

১) অঞ্চল বুলিলে কি বুজা ? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ǀ

উত্তৰঃ সাধাৰণ অৰ্থত ‘অঞ্চল’ শব্দটো সকলোৱে ব্যৱহাৰ কৰে যদিও ভূগোলত ইয়াৰ অৰ্থ আৰু অন্তনিৰ্হিত ধাৰণা কিছু সুকীয়া। আধুনিক ভূগোলৰ বিকাশৰ আৰম্ভনিৰে পৰা অঞ্চল সম্বন্ধীয় ধাৰণা আৰু তাৰ লগত জড়িত বিতৰ্কই ভূগোল বিষয়ক চিন্তা-চৰ্চাক জাগ্ৰত কৰি ৰাখিছে বুলি কব পাৰি। পৃথিৱীৰ বহুতো ভূগোলবিদে আঞ্চলিক ভূগোল বিষয়ক অধ্যয়ন কৰিছে বা আঞ্চলিক পৰিকল্পনাৰ লগত নিজকে জড়িত কৰিছে। প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰে নিজা নিজা অস্তিত্ব আৰু বৈশিষ্ট্য আছে।

২) ভূ-পৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি বাখ্যা কৰা ǀ

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলবোৰে সিঁহতৰ  নিজস্ব ভৌগোলিক,সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক  প্ৰতিফলিত কৰে ǀ গতিকে এটা সামগ্ৰিক আভাস পাবলৈ হ’লে ডাঙৰ পৃথিৱীখনক সৰু সৰু ভাগত বিভক্ত কৰি লোৱাটো দৰকাৰ। তেতিয়াহে প্রতিটো অংশৰ প্রকৃত স্বৰূপ নির্ণয় কৰাটো সম্ভৱ হৈ উঠিব । ভূগোলবিদসকলে নির্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধার্থে ভাগ কৰি লয়। এনে বিভাজন কার্য সাধাৰণতে দুই প্রকাৰে কৰা দেখা যায়- (১) ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু (২) উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত। সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অংশক সমধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা অংশক ক্রিয়াত্মক অঞ্চল বুলি কোৱা হয়। সমধর্মী অঞ্চলবোৰ প্রাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্রাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে অসমৰ ব্রহ্মপুত্র উপত্যকাক এটা সৰু প্রাকৃতিক অঞ্চল হিচাপে গণ্য কৰিব পাৰি ǀএনে অঞ্চল উপাদানবোৰৰ মাজৰ ক্ৰিয়াত্মক সম্পর্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰক কেন্দ্র কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে  একোখন নগৰৰ কেউফালে থকা এলেকাবোৰ নগৰখনৰ লগত এনেদৰে নগৰখনৰ লগত চাৰিওফালৰ অঞ্চলটো পাৰস্পৰিক ক্রিয়া-কৰ্মৰ দ্বাৰা সংযুক্ত ǀউদাহৰণস্বৰূপে অসমৰ গুৱাহাটী মহানগৰৰ এটা ডাঙৰ ক্রিয়াত্মক অঞ্চল আছে।

৩) সহধৰ্মী অঞ্চল আৰু ক্রিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা ǀ

উত্তৰঃ সমধৰ্মী অঞ্চলঃ সমধৰ্মী অঞ্চল নিৰ্বাচিত উপাদানবোৰৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয়। প্ৰাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্ৰাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। মৌছুমী অঞ্চল এটা প্ৰাকৃতিক অঞ্চল। এই অঞ্চলৰ অন্তৰ্গত জলবায়ু, মাটি আৰু উদ্ভিদৰ ক্ষেত্ৰত যথেষ্ট সাদৃশ্য আছে।

ক্ৰিয়াত্মক অঞ্চলঃ প্ৰতিখন নগৰৰে একোটা ক্ৰিয়াত্মক অঞ্চল থাকে। ক্ৰিয়াত্মক অঞ্চলটো নগৰখনৰ লগত বাট-পথ, যাতায়াত-পৰিবহন ব্যৱস্থাৰে নিবিড়ভাৱে জড়িত। অঞ্চলটোৰ পৰা প্ৰতিদিনে যথেষ্ট মানুহৰ আহ-যাহ চলে। অঞ্চলটোৰ উৎপাদিত সামগ্ৰীবোৰো নগৰকেন্দ্ৰলৈ আহে। সেইদৰে নগৰৰ পৰা বিভিন্ন সেৱা আৰু সামগ্ৰী অঞ্চলটোলৈ যায়।

৪) পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা ? এনে অধ্যয়নৰ তাৎপৰ্য কি ?

উত্তৰঃ আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে ǀ ইয়াৰ যোগেদি একোখন দেশ বা অঞ্চলৰ অন্তৰ্গত প্ৰাকৃতিক,সামাজিক,অৰ্থনৈতিক আৰু যাতায়ত পৰিবহন আদি অৱস্থাৰ বিতং বিবৰণ দিয়ে ǀ আঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চলটোৰ ভিতৰৰ স্থানিক পাৰ্থক্যৰো আভাস দিয়ে তথা কাষৰীয়া অঞ্চলৰ লগত আলোচ্য অঞ্চলটোৰ সম্পৰ্ক বা পাৰ্থক্য দাঙি ধৰে ǀ

৫) ‘প্ৰাকৃতিক অঞ্চল’ বুলিলে কি বুজা ?সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত ভাগ বিভক্ত কৰিব পাৰি ? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা ǀ

উত্তৰঃ পৃথৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ, সেইবোৰক প্ৰাকৃতিক অঞ্চল বোলা হয়।

পৃথিৱীক ১১ টা প্ৰাকৃতিক অঞ্চলত ভাগ কৰা হৈছে। সেইকেইটা হৈছে-

১/ নিৰক্ষীয় অঞ্চল

২/ মৌচুমী অঞ্চল

৩/ ক্ৰান্তীয় তৃণভূমি অঞ্চল

৪/ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল

৫/ ভূমধ্য সাগৰীয় অঞ্চল

৬/ মধ্য অক্ষাংশীয় মৰু অঞ্চল

৭/ মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল

৮/ মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল

৯/ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল

১০/ শীতল মেৰু অঞ্চল

১১/ উচ্চ পাৰ্বত্য অঞ্চল

৭) পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ  ভূ-প্ৰাকৃতিক পৰিবেশ সম্পৰ্কে লিখা ǀ

উত্তৰঃ পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ-প্ৰাকৃতিক পৰিৱেশৰ সম্পৰ্কে তলত আলোচনা কৰা হলঃ

১/ নিৰক্ষীয় অঞ্চলঃ বিষুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গঢ় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ গিৰি উপকূল, আৰু দক্ষিণ পূব এছিয়াৰ মালয়েছীয় উপদ্বীপ, আৰু ইণ্ডোনেছিয়া আৰু ফিলিপাইন দ্বীপপুঞ্জ নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত।

২/ মৌচুমী অঞ্চলঃ নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হল ঋতু পৰিবৰ্তন – উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পাৰ্থক্য হল ১৫° চেলচিয়াছ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ। মৌচুমী অঞ্চল ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অক্ষাংশলৈকে বিস্তৃত। ভাৰতবৰ্ষকে ধৰি দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব অংশ, আফ্ৰিকাৰ পূব অংশ, ব্ৰাজিলৰ পূব অংশ, মধ্য আমেৰিকা আদি মৌচুমী প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত।

৩/ ক্ৰান্তীয় তৃণভূমি অঞ্চলঃ ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্ভাগত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখা যায়। দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চল ১০° – ২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল উচ্চ ভূমি আৰু ভেনেজুৱেলাত অৱস্থিত অৰিনিকো নদী অৱবাহিকা, আফ্ৰিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্ৰিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশত, আৰু অষ্ট্ৰলিয়াৰ উত্তৰ অংশ ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত।

৪/ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্ৰায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ। বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে। এছিয়াৰ আৰৱ, ইৰাণ, আফগানিস্তান, সিন্ধুৰ মৰুময় অঞ্চল আৰু ভাৰতবৰ্ষৰ থৰ, আফ্ৰিকাৰ ছাহাৰা আৰু কালাহাৰী, দক্ষিণ আমেৰিকাৰ আটাকামা, অষ্ট্ৰেলিয়া বৃহৎ মৰুভূমি আদি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত।

৫/ ভূমধ্য সাগৰীয় অঞ্চলঃ মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰপশ্চিম প্ৰান্তীয় আৰু বিশেষকৈ ক্ৰান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই প্ৰাকৃতিক অঞ্চলৰ এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮° – ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ। ভূমধ্য সাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনে প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়।

৬/ মধ্য অক্ষাংশৰ মৰু অঞ্চলঃ এছিয়া আৰু উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্ভাগৰ মালভূমি আৰু অৱবাহিকাৰ কিছু অংশৰ প্ৰাকৃতিক অৱস্থা মৰুময়। এনে প্ৰাকৃতিক অঞ্চলৰ কেউকাষ উচ্চ পৰ্বতেৰে আৱৰা। সমুদ্ৰৰ পৰা বহু দূৰৈত অৱস্থিত আৰু উচ্চ পৰ্বতে আগুৰি থকা বাবে ইয়াত বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পাৰ্থক্য বেছি। এছিয়া মহাদেশৰ প্ৰায় মাজ ভাগত অৱস্থিত তিব্বত মালভূমি আৰু গোবি মৰুভূমিয়েই প্ৰধানকৈ মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ অন্তৰ্গত।

৭/ মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল – পৃথিৱীৰ দুয়োটা গোলার্ধৰে মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্রাকৃতিক অঞ্চল বিৰাজমান। উত্তৰ গোলার্ধত সাধাৰণতে কর্কটক্রান্তিৰ (২৩ উত্তৰ) পৰা ৫০° উত্তৰ অক্ষাংশলৈ বহু ঠাই আৰু দক্ষিণ গোলার্ধত মকৰ ক্ৰান্তিৰ ( ২৩ দক্ষিণ) পৰা ৫০° দক্ষিণলৈ কিছু অংশত এই প্রাকৃতিক অঞ্চল দেখা যায়। এই অঞ্চলত জাৰ জহৰ প্রকোপ কম। গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫ চেলচিয়াছ আৰু শীতকালত ৫-১০° চেলচিয়াছ। সমুদ্ৰৰ কাষৰীয়া ঠাইবোৰৰ জলবায়ু সমভাৱাপন্ন। বছৰি গড় বৃষ্টিপাত ৭৫-১৫০ চেণ্টিমিটাৰৰ  ভিতৰত। সমুদ্ৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ ক্রমে হ্রাস পায়। এই অঞ্চলত শীতকাল অতি শুকান।

৮/  মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। অন্তৰ্দেশীয় অৱস্থানে এই অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পাৰ্থক্য বৃদ্ধি কৰিছে। ইয়াত গ্ৰীষ্মকালতহে কিছু বৰষুণ হয়। বছৰি গড়ে মাত্ৰ ১৫-৫০ চেণ্টিমিটাৰলৈ বৰষুণ হয়। উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আৰ্জেণ্টিনা, দক্ষিণ আফ্ৰিকাৰ কিছু অংশ আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত।

৯/ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলঃ উত্তৰ গোলাৰ্ধৰ ৫০° – ৭০° অক্ষাংশৰ মাজত শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্ৰীষ্মকালত উত্তাপ গড়ে ১৫° চেলচিয়াছলৈ বৃদ্ধি পায়। ইউৰোপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্ৰশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলাণ্টিক উপকূললৈ এই অঞ্চল বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰে আমেৰিকাৰ এক বিস্তীৰ্ণ অঞ্চল ইয়াৰ অন্তৰ্গত।

১০/ শীতল মেৰু অঞ্চলঃ প্ৰায় গোটেই বছৰ জুৰি বৰফেৰে আবৃত উত্তৰ আৰু দক্ষিণ মেৰুৰ কাষৰীয়া অঞ্চলটোকে মেৰু অঞ্চল বোলা হয়। ইয়াত গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া। গ্ৰীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০° -১০° চেলচিয়াছৰ ভিতৰত থাকে। শীতকালত উষ্ণতা -১৮° চেলচিয়াছলৈ হ্ৰাস পায়। ইয়াত বৰষুণ প্ৰায় নহয়েই। গ্ৰীনলেণ্ডকে ধৰি উত্তৰ গোলাৰ্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলাৰ্ধৰ এণ্টাৰ্কটিকা এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত।

১১/ উচ্চ পাৰ্বত্য অঞ্চলঃ উচ্চতা বঢ়াৰ লগে লগে পাৰ্বত্য অঞ্চলত এক বিশেষ প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পৰ্বত শ্ৰেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বত শ্ৰেণীয়ে বিস্তীৰ্ণ ঠাই আগুৰি আছে। বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পাৰ্বত্য অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়।হিমালয় পৰ্বতশ্ৰেণীৰ দক্ষিণ ঢালত মৌচুমী বতাহৰ প্ৰভাৱত যথেষ্ট বৰষুণ হয় বাবে এই অংশত ডাঠ অৰণ্যৰ সৃষ্টি হৈছে।

৮) পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু  আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা 

উত্তৰঃ ক) নিৰক্ষীয় অঞ্চলঃ  বিষ্ণুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ। 

প্রায় সমগ্ৰ নিৰক্ষীয় অঞ্চলেই চিৰ সেউজীয়া ডাঠ অৰণ্যৰে ভৰা । লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা ǀ ডাঠ হাবিৰ উপৰি গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্রাকৃতিক পৰিবেশ মানুহৰ বসবাসৰ বৰ উপযোগী নহয় । 

খ ) মৌচুমী অঞ্চলঃ নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। দৰাচলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হ’ল ঋতু পৰিবর্তন— উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫° চেলচিয়াছ । বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ । ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে ǀ 

গ) ) ক্রান্তীয় তৃণভূমি অঞ্চলঃ ক্রান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তভাগত সাধাৰণতে ক্রান্তীয় তৃণভূমি অঞ্চল দেখা যায় ǀ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°—২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত । এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্রান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে । ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ  তাৰতম্য বেছি । বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। 

ঘ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্হিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি।  গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ। 

ঙ) মধ্য অক্ষাংশৰ মৰু অঞ্চলঃ এচিয়া আৰু উত্তৰ আমেৰিকা মহাদেশৰ অন্তভাগৰ মালভূমি আৰু অৱবাহিকাৰ কিছু অংশৰ প্ৰাকৃতিক অৱস্থা মৰুময়। এনে প্রাকৃতিক অঞ্চলৰ কেউকাষ উচ্চ পর্বতেৰে আৱৰা। সমুদ্ৰৰ পৰা বহু দূৰৈত অৱস্থিত আৰু উচ্চ পর্বতে আগুৰি থকা বাবে ইয়াত বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বেছি। ঠিক তেনেকৈ দিন ৰাতিৰ ক্ষেত্ৰতো উষ্ণতাৰ ব্যৱধান মন কৰিবলগীয়া। শীত কালি এই অঞ্চলত কিছু পৰিমাণে তুষাৰপাতত হয়।

চ) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলঃ পৃথিৱীৰ দুয়োটা গোলার্ধৰে মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্রাকৃতিক অঞ্চল  বিৰাজমান। উত্তৰ গোলার্ধত সাধাৰণতে কর্কটক্রান্তিৰ (২৩১˚২ উত্তৰ) পৰা ৫০° উত্তৰ অক্ষাংশলৈ বহু ঠাই আৰু দক্ষিণ গোলার্ধত মকৰ ক্ৰান্তিৰ ( ২৩১˚২ দক্ষিণ) পৰা ৫০° দক্ষিণলৈ কিছু অংশত এই প্রাকৃতিক অঞ্চল দেখা যায়। এই অঞ্চলত জাৰ জহৰ প্রকোপ কম। গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫ চেলচিয়াছ আৰু শীতকালত ৫-১০° চেলচিয়াছ। সমুদ্ৰৰ কাষৰীয়া ঠাইবোৰৰ জলবায়ু সমভাৱাপন্ন। বছৰি গড় বৃষ্টিপাত ৭৫-১৫০ চেণ্টিমিটাৰৰ  ভিতৰত। সমুদ্ৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ ক্রমে হ্রাস। পায়

ছ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ  উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। অন্তর্দেশীয় অৱস্থানে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বৃদ্ধি কৰিছে। ইয়াত গ্রীষ্মকালতহে কিছু বৰষুণ হয়। বছৰি গড়ে মাত্র ১৫–৫০ চেণ্টিমিটাৰলৈ বৰষুণ হয়। 

জ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ উত্তৰ গোলার্ধৰ ৫০-৭০° অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। 

ঝ) শীতল মেৰু অঞ্চলঃ গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀউত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্হিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। 

ঞ) ভূমধ্য সাগৰীয় অঞ্চলঃ মধ্য অক্ষাংশত অৱস্হিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু বিশেষকৈ ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই | প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অর্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্রীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮- ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ। 

ট) উচ্চ পার্বত্য অঞ্চলঃ উচ্চতা বঢ়াৰ লগে লগে পার্বত্য অঞ্চলত এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পর্বত শ্রেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বত শ্ৰেণীয়ে বিস্তীর্ণ ঠাই আগুৰি আছে। ঠাইৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা মন কৰিবলগীয়া ধৰণে হ্রাস পায়। উদাহৰণস্বৰূপে, এণ্ডিজ পৰ্বতৰ নামনিত যদিও নিৰক্ষীয় অৰণ্য অঞ্চল আছে, অধিক উচ্চতাত থকা ইয়াৰ শৃংগবোৰ কিন্তু সদায় বৰফেৰে ঢাক খাই থাকে। 

বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পার্বত্য অঞ্চলৰ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়। হিমালয় পর্বতশ্রেণীৰ দক্ষিণ ঢালত মৌচুমী বতাহৰ প্রভাৱত যথেষ্ট বৰষুণ হয় বাবে এই অংশত ডাঠ অৰণ্যৰ সৃষ্টি হৈছে। আনহাতে, তিবৃত মালভূমিৰ ফালে থকা হিমালয়ৰ উত্তৰ অংশ বৰষুণৰ অভাৱত প্রায় গছ-গছনিবিহীন। এইদৰে উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰতে বেলেগ বেলেগ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ দেখা যায়। 

১০) পৃথিৱীত মহাদেশ কেইখন আৰু কি কি ? প্ৰতিখন মহাদেশৰে এচি চমু ভৌগোলিক পৰিচয় ডাঙি ধৰা ǀ

উত্তৰঃ পৃথিৱীৰ প্ৰধান মহাদেশ ৭ খন ǀ সেই কেইখন হৈছেঃ

১/ এছিয়া মহাদেশ

২/ আফ্ৰিকা মহাদেশ

৩/ ইউৰোপ মহাদেশ

৪/ উত্তৰ আমেৰিকা মহাদেশ

৫/ দক্ষিণ আমেৰিকা মহাদেশ

৬/ ওছেনিয়া মহাদেশ

৭/ এণ্টাৰ্কটিকা মহাদেশ

এছিয়া মহাদেশঃ এছিয়া পৃথিৱীৰ মহাদেশসমূহৰ সৰ্ববৃহৎ। ইয়াৰ মাটিকালিয়ে (৪৪.৪ নিযুত বর্গ কিলোমিটাৰ) পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশ মুলতঃ উত্তৰ গোলার্ধত অৱস্থিত। ই দক্ষিণে ১° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। বহলভাৱে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে ভাৰত মহাসাগৰ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্যসাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ; ইউৰাল নদী আৰু ইউৰাল পর্বতমালা। এই মহাদেশখন উত্তৰা-দক্ষিণাকৈ প্ৰায় ৮৪০০ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ৯৬০০ কিলোমিটাৰ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় ৫৮,০০০ কিলোমিটাৰ।

আফ্ৰিকা মহাদেশঃ আফ্ৰিকা মহাদেশঃ আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ৩০ নিযুত বৰ্গ কিলোমিটাৰতকৈ কিছু অধিক মাটিকালিৰে আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ২০ শতাংশ আৱৰি আছে। মহাদেশখনৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা বিষুৱৰেখাই ইয়াক দুইভাগত বিভক্ত কৰিছে। আফ্ৰিকা মহাদেশখন উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ, আৰু পূবে ৫১° পূব দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। ইয়াৰ উত্তৰে ভূমধ্যসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ। ইয়াৰ উপকূলৰেখা প্ৰায় ৩০ হেজাৰ কিলোমিটাৰ দীঘল। ২.৫ নিযুত মাটিকালিৰে ছুডান মহাদেশখনৰ বৃহত্তম দেশ।

ইউৰোপ মহাদেশঃ ইউৰোপ মহাদেশখন এছিয়াৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত। ই সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। এই মহাদেশখন দক্ষিণে ৩৬° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ১০° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূবে ৬৫° পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। ইয়াৰ মাটিকালি ১০.৯ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৭.৩ শতাংশ আৰু ভাৰতবৰ্ষৰ মাটিকালি প্ৰায় তিনি গুণ। ইউৰোপ মহাদেশৰ পূবে এছিয়া মহাদেশ, পশ্চিমে আটলাণ্টিক মহাসাগৰ, উত্তৰে উত্তৰ মহাসাগৰ আৰু দক্ষিণে ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰে আগুৰি আছে। ইউৰোপ মহাদেশখন তিনিওফালৰ পৰা সাগৰ-মহাসাগৰেৰে বেষ্টিত। ইয়াৰ মূল ভূ-খণ্ডৰ উপকূলীয় দৈৰ্ঘ্য প্ৰায় ৩৮ হেজাৰ কিলোমিটাৰ। ৰাছিয়াই হল মহাদেশখনৰ তথা বিশ্বৰ বৃহত্তম দেশ। অৱশ্যে ৰাছিয়াৰ এটা বৃহৎ অংশ এছিয়া মহাদেশৰ অন্তৰ্গত। ইউৰোপ মহাদেশৰ মুঠ স্বাধীন দেশৰ সংখ্যা ৪৪।

উত্তৰ আমেৰিকাঃ এছিয়া আৰু আফ্ৰিকাৰ পাছতে উত্তৰ আমেৰিকাখন পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ ২৪.৩ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ ১৬.৩ শতাংশ। এই আমেৰিকা মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত বাবে ইয়াক উত্তৰ আমেৰিকা বোলা হয়। এই মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূবে ৫০° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্ৰাধিমাংশলৈ বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন পূবা-পশ্চিমাকৈ ৪৯৬০ কিলোমিটাৰ আৰু উত্তৰা-দক্ষিণাকৈ ৯৬০০ কিলোমিটাৰ দীঘল।

দক্ষিণ আমেৰিকাঃ উত্তৰ আমেৰিকা মহাদেশৰ ঠিক দক্ষিণে অৱস্থিত মহাদেশখনেই হল দক্ষিণ আমেৰিকা। ই উত্তৰে ১২° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দক্ষিণ অক্ষাংশ আৰু পূবে ৩৫° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ৮১° পশ্চিম দ্ৰাঘিমাংশ মাজত অৱস্থিত। মহাদেশখনৰ আকৃতি এটা ওভোতা ত্ৰিভূজৰ দৰে। অৰ্থাৎ ইয়াৰ উত্তৰ অংশ যথেষ্ট বহল আৰু দক্ষিণ অংশ অতি ঠেক। উত্তৰা-দক্ষিণাকৈ ই প্ৰায় ৭,৫০০ কিলোমিটাৰ আৰু পূবা – পশ্চিমাকৈ প্ৰায় ৫,১০০ কিলোমিটাৰ। মহাদেশখনৰ মুঠ মাটিকালি প্ৰায় ১৮ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ভূ-খণ্ডৰ ১২.২ শতাংশ। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলাণ্টিক মহাসাগৰ দক্ষিণে দক্ষিণ মহাসাগৰ, পশ্চিমে প্ৰশান্ত মহাসাগৰ আৰু পূবে আটলাণ্টিক মহাসাগৰে আগুৰি আছে। দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ভিতৰত কলম্বিয়া, ভেনেজুৱেলা, ব্ৰাজিল, ইকুৱেডোৰ, পেৰু, বলিভিয়া, আৰ্জেণ্টিনা, চিলি আদি। অৱশ্যে ৮.৫৪ নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে ব্ৰাজিলেই হল মহাদেশখনৰ বৃহত্তম আৰু বিশ্বৰ পঞ্চম বৃহৎ দেশ।

ওছেনিয়া মহাদেশঃ অষ্ট্ৰেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, ঠাছমানিয়া, নিউগিৰি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহকলৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। ই উত্তৰে ০°নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূব দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় ১৮০° দ্ৰাঘিকাংশলৈ বিস্তৃত। ইয়াৰ মাটিকালি ৭.৭ নিযুত বৰ্গ কিলোমিটাৰ। অষ্ট্ৰেলিয়াই এই মহাদেশৰ বৃহত্তম আৰু পৃথিৱীৰ ষষ্ঠ বৃহৎ দেশ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় ১০,০০০ কিলোমিটাৰ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিৰি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওছেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্ৰায় ৯ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰে দক্ষিণ-পূব এছিয়াৰ জাভা-সুমাত্ৰা-ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এণ্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। ওছেনিয়া মহাদেশৰ প্ৰধান ভূ-খণ্ড অষ্ট্ৰেলিয়া আৰু অন্যান্য দ্বীপসমূহৰ চাৰিওফালে প্ৰশান্ত মহাসাগৰে আগুৰি আছে।

১১) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভূ-প্ৰকৃতিৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে – এছিয়া মহাদেশ।

এছিয়া পৃথিৱীৰ মহাদেশসমূহৰ সৰ্ববৃহৎ। ইয়াৰ মাটিকালিয়ে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই মহাদেশ উত্তৰা-দক্ষিণাকৈ প্ৰায় ৮৪০০ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ৯৬০০ কিলোমিটাৰ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় ৫৮,০০০ কিলোমিটাৰ। এছিয়া মহাদেশখন সু-উচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী-উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। পৰ্বত শ্ৰেণী সমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা-দক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালা, মধ্যাংশত পূবা-পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পৰ্বতমালা আৰু ইয়াৰ ঠাল-ঠেঙুলি, কাৰাকোৰাম পৰ্বতমালা, আৰাৱলী পৰ্বত আদি। ই দক্ষিণে ১° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। বহলভাৱে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে ভাৰত মহাসাগৰ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্যসাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ; ইউৰাল নদী আৰু ইউৰাল পর্বতমালা।

১২) পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন ? সেই মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ এচিয়া  বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ ǀ

এছিয়া মহাদেশৰ জনসংখ্যাঃ

২০০৭ৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৪০১ কৌটি, অর্থাৎ বিশ্ব জনসংখ্যাৰ তিনি-পঞ্চমাংশ । মহাদেশখনৰ ভূ- প্ৰকৃতিৰ বিভিন্নতাৰ বাবে ইয়াৰ জনসংখ্যাৰ বিতৰণো যথেষ্ট অসমান । ইয়াৰ প্রায় তিনি চতুথাংশ মানুহেই দক্ষিণ, দক্ষিণ-পূব আৰু পূবৰ ক্রান্তীয় আৰু উপক্রান্তীয় মৌচুমী অঞ্চলত বাস কৰে। উদাহৰণস্বৰূপে এছিয়া মহাদেশৰ ৪৯ খন দেশৰ কেৱল দুখন দেশতেই (চীনদেশ আৰু ভাৰতবৰ্ষ) ৬১ শতাংশ লোক ঠাহ খাই আছে ǀ মহাদেশখনৰ  বৃহৎ মহানগৰ কেইখনমান হৈছে টকিঅ, বেইজিং, মুম্বাই, দিল্লী, কলিকতা, ছিংগাপুৰ, ছিউল, ছাংঘাই, হংকং, বেঙ্কক, কোৱালালামপুৰ, টাইপেই আদি। মহাদেশৰ ৪১ শতাংশ লোক নগৰবাসী। ইয়াৰ গড় জনমূৰি জাতীয় আয় ৬,৬৩০ আমেৰিকান ডলাৰ।

মহাদেশৰ অৰ্থনৈতিক বৈশিষ্ট্যঃ

এচিয়া মহাদেশ প্ৰাকৃতিক সম্পদত চহকী ǀপ্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ, খনিজ আৰু কৃষিজ সম্পদ বিশেষকৈ উল্লেখযোগ্য ǀমহাদেশৰ বিভিন্ন অঞ্চলত বিভিন্ন খনিজ সম্পদৰ প্ৰয়োভৰ হোৱা হেতুকে সেইবোৰ অঞ্চলত খনিজদ্ৰব্য উদ্ঘাটন আৰু উদ্যোগীকৰণৰ বাবে আৰ্থিক উন্নতি ঘটিছে ǀ যেনে- ভাৰত, ম্যানমাৰ, চীন, ছাইবেৰিয়াত কয়লা আৰু প্ৰকৃতিক গেছ ; ইণ্ডোনেছিয়া, ফিলিপাইন, চীন, ভাৰতত লোৰ আকৰ, ভাৰত আৰু ছাইবেৰিয়াত মেংগানিজ ৰ উৎপাদন হোৱা বাবে ঠাইবোৰত উদ্যোগীকৰণ প্ৰক্ৰিয়া অব্যাহত আছে ǀ পশ্চিম এছিয়া ৰ মৰু অঞ্চলবোৰত অৱস্থিত ঠাইসমূহ যেনে ইৰাণ ,ইৰাক, কুৱেইট, ছৌদি আৰব, কাটাৰ, ওমান আদি দেশবোৰ পেট্ৰলিয়াম সম্পদত চহকী হোৱাৰ বাবে সেইবোৰ দেশৰ মানুহৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন ধাৰনৰ মানদণ্ড যথেষ্ঠ উন্নত ǀ

মহাদেশখনৰ মূল অৰ্থনীতি এতিয়াও কৃষিৰ ওপৰতে নিৰ্ভৰশীল ǀ নিৰক্ষীয় অঞ্চলত অৱস্হিত মহাদেশখনৰ দেশসমূত ধান, ঘেঁহু, কুহিয়াৰ, ধপাত, কপাহ, ৰবৰ, চাহ, কফি আদিৰ খেতি কৰা হয় ǀউৎদপাদিত দ্ৰব্য সমূহৰ এটা বৃহৎ অংশ ইউৰোপৰ দেশসমূহলৈ পঠিয়াই দিয়া হয় ǀ উৎপাদিত সা-সামগ্ৰীবোৰ অনা নিয়া  কৰাৰ বাবে ৰেলপথ বা আলিবাটৰ যাতায়ত ব্যৱস্থা আগতকৈ উন্নত হৈছে ǀ ৰবৰ আৰু চাহ,কফিৰ দৰে ৰোপন কৃষিৰ যোগেদি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ঘটিছে ǀ 

১৩)  ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা ǀ

উত্তৰঃ ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ হল এনেধৰণৰঃ

১/ ইউৰোপ মহাদেশৰ ভূ-প্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময়। ভূ-প্ৰকৃতিৰ ক্ষেত্ৰত ইউৰোপ মহাদেশক বহলভাৱে দুভাগত ভগাব পাৰি। ইয়াৰ উত্তৰ অংশটো পশ্চিমৰ ফ্ৰান্স উপকূলৰ পৰা পূবত ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত প্ৰায় সমতল ভূমি। কিন্ত দক্ষিণ অংশটো (স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে) পৰ্বত-পাহাৰ মালভূমিৰে যথেষ্ট ওখোৰা-মোখোৰা।

২/ দক্ষিণ ইউৰোপৰ পৰ্বতশ্ৰেণীৰ ভিতৰত আল্পচ, পাইৰেনিজ, কাৰ্পেথিয়ান আৰু ককেচাছ শৃংগই (৫,৬৩৩ মিটাৰ) হল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই। আনহাতে আল্পচ পৰ্বতৰ উচ্চতম শৃংগটো হল মাউণ্ট ব্লেঙ্ক (৪,৮০৭ মিটাৰ)।

৩/ নদ-নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্ৰো,ফ্ৰান্সৰ ৰোন আৰু ছেইন, জাৰ্মানীৰ ৰাইন আৰু এল্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা, অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্ৰেইনৰ নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইনৰ থেম্চ, ৰাচিয়াৰ ডন, ভল্গা আৰু ইউৰাল আদি।

৪/ মহাদেশখনৰ প্রধান দ্বীপসমূহ হ’ল আটলান্টিক মহাসাগৰত থকা বৃটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড ইত্যাদি ǀ

১৪) উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি আৰু খনিজ সম্পদৰ বিষয়ে লিখা ǀ

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখন ভূ-প্রাকৃতিক বৈষম্যৰে ভৰা। ইয়াৰ উচ্চতম ঠাই মেকিলে শৃংগ (৬,১৯৪ মিটাৰ) আৰু নিম্নতম ঠাই ডে’থভেলি (সাগৰ পৃষ্ঠৰ পৰা ৮৬ মিটাৰ তলত)। মহাদেশখনৰ পশ্চিম অংশ আৰু পূব অংশ উত্তৰ-দক্ষিণাকৈ পর্বত-পাহাৰময় । আনহাতে বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা। গতিকে মহাদেশখনৰ এনে ভূ-প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰিঃ 

(১) ৰকি পার্বত্য অঞ্চল, 

(২) বিশাল উচ্চ সমভূমি অঞ্চল, 

(৩) আপেলেছিয়ান উচ্চভূমি অঞ্চল আৰু 

(৪) উপকূলীয় সমতল ভূমি অঞ্চল। 

ৰকি পাৰ্বত্য অঞ্চলৰঃ  পূবে আৰু আপেলেচিয়ান উচ্চভূমিৰ পশ্চিমে অবস্হিত কানাডাৰ উত্তৰ অংশৰ পৰা মেক্সিকো উপসাগৰলৈকে বিস্তৃত ক্ষয়জাত মালভূমি আৰু পলসুৱা সমভূমি ক্ষেত্ৰটোক বিশাল সমভূমি বোলা হয়। দক্ষিণৰ এই অংশটো মিছিছিপি, মিছৌৰী, অহিঅ আদি বিশাল নদীয়ে পলসুৱা সমতল ভূমিলৈ ৰূপান্তৰ কৰিছে। 

মহাদেশৰ পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্রোৰিডা পর্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদিৰে গঠিত কিছু ওখোৰা-মোখাৰা অঞ্চলটোকে আপেলেছিয়ান উচ্চভূমি বোলা হয়। এই অঞ্চলৰ সর্বোচ্চ অংশৰ উচ্চতা কেৱল ১৯১৭ মিটাৰ (মাউন্ট ৱাশ্বিংটন)। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লৰিজ পর্বতশ্রেণী আছে। 

আনহাতে আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ পূবে থকা আটলান্টিক মহাসাগৰ উপকূলৱর্তী উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামা লৈকে বিস্তৃত সমতল ভূমিখণ্ডকে উপকূলীয় সমতল ভূমি অঞ্চল বোলে। এই অঞ্চলটো কেইবাখনো বিশাল নদীৰ মোহনাৰ উপৰি বহুতো জলাহ ভূমি আৰু অৰণ্যৰে ভৰা। কেলিফোর্ণিয়াৰ ঠেক উপকূলীয় সমভূমিৰ বাহিৰে পশ্চিম উপকূলত বিস্তৃত সমভূমি নাই। পশ্চিমে আলস্কৰ পৰা পূবে নিউফাউগুলেণ্ডলৈকে থকা উত্তৰাংশৰ উপকূলভূমি বহু পৰিমাণে ভগ্ন। ইয়াৰোপৰি মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ-পূর্ব অংশত অজস্ৰ সৰু বৰ দ্বীপআছে।

  খনিজ সম্পদঃ  উত্তৰ আমেৰিকা মহাদেশ প্রাকৃতিক সম্পদত বৰ চহকী। মহাদেশখনত লো, নিকেল, ক’বাল্ট, মাইকা আদি খনিজ সম্পদৰ  প্ৰচুৰ উৎপাদন হয় ǀ তাৰোপৰি কানাডা, যুক্তৰাষ্ট্র আৰু মেক্সিকোত যথেষ্ট পৰিমাণে কয়লা, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ উৎপাদন হয়। এনেবোৰ কেঁচামাল যোগান ধৰা উদ্যোগৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি মহাদেশখনৰ বিভিন্ন ঠাইত গাড়ী মটৰ,ৰেল ,জাহাজ আদি উদ্যোগ প্ৰতিষ্ঠা হৈছে ǀ উত্তৰ আমেৰিকা মহাদেশৰ বিশেষকৈ কানাডাই জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্রগতি লাভ কৰিছে।

১৫) দক্ষিণ আমেৰিকা মহাদেশৰ নদ নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ ক)দক্ষিণ আমেৰিকা মহাদেশৰ নদ নদী

দক্ষিণ আমেৰিকা মহাদেশৰ ভূ-প্রকৃতি বৈচিত্র্যপূর্ণ। ইয়াত উচ্চ । পার্বত্য ভূমি, নদী-গঠিত সমভূমি, মালভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদি প্রায় সকলবোৰ ভূ-অৱয়বেই আছে। 

মহাদেশখনৰ প্ৰধান নদীসমূহ হৈছে- অৰিনিক’, আমাজান, পাৰাণা, পাৰাগুৱে আৰু উৰুগুৱে নদী ǀ এই নদীসমূহ তথা এইবোৰৰ উপনৈসমূহে মহাদেশখনত প্ৰায় ৭ লাখ বৰ্গ কি মি জুৰি এক বিস্তৃত সমভূমি এলেকাৰ সৃষ্টি কৰিছে , যি পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ǀ উপৰোক্ত নদীসমূহৰ ভিতৰত আমাজান বিশ্বৰ ভিতৰতে দ্বিতীয় দীৰ্ঘতম নদী হিচাপেও স্বীকৃতিপ্ৰাপ্ত ǀ এই নদীসমূহ প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ তথা মহাদেশখনৰ বিভিন্ন অংশত বাস কৰা অধিবাসীসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান স্হল ǀ

খ) দক্ষিণ আমেৰিকা মহাদেশৰ উদ্ভিদ

দক্ষিণআমেৰিকা বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ দেখা পোৱা যায়ǀ বিশেষকৈ  অৰিনিক’ নদীৰ অৱবাহিকাত লানোজ নামৰ ঘাঁহনি, মধ্যাংশৰ নৈৰক্ষিক জলবায়ুৰ অন্তর্গত আমাজান নদীৰ অৱবাহিকাত ছেলভা নামৰ অটব্য অৰণ্য আৰু দক্ষিণৰ পাৰাগুৱে-পাৰাণা-উৰুগুৱে অৱবাহিকাত কম্পোজ, গ্ৰেণচাকো আৰু পম্পাছ নামৰ পৃথিৱী বিখ্যাত নাতিশীতোষ্ণ ঘাঁহনি অঞ্চল উল্লেখযোগ্য  ।

দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা অঞ্চল নিৰক্ষীয় জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে তাত চিৰসেউজীয়া ডাঠ হাবি পোৱা যায় ǀ এই অংশত পোৱা অৰণ্যক চেলভা বোলা হয় ǀ নিৰক্ষীয় অঞ্চলৰ কাষত সৰু সৰু জোপোহা বন আৰু লতা জাতীয় গছো পোৱা যায় ǀ

দক্ষিণ আমেৰিকা মহাদেশখনৰ এটা অংশ ক্ৰান্তীয় অঞ্চলত অৱস্হিত বাবে ইয়াত ক্ৰান্তীয় তৃণজাতীয় উদ্ভিদো  পোৱা যায় ǀ দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ উচ্চভূমি আৰু ভেনেজুৱেলাত অৱস্হিত অৰিনিকো নদীৰ অৱবাহিকাত ঘাঁহনি জাতীয় উদ্ভিদ দেখা যায় ǀ এনে ঘাঁহনি ৩ মটাৰ পৰ্যন্ত ওখ হয় ǀ

১৬) পৃথিৱীৰ প্ৰধান পৰ্বত শ্ৰেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি মানচিত্ৰত দেখুওৱা ǀ

উত্তৰঃ

১৭) আফ্রিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ আফ্ৰিকা মহাদেশৰ বেছি অংশই প্ৰধানকৈ ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত। ইয়াৰ কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূল ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি। কিন্ত চাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১৫ চেণ্টিমিটাৰতকৈও কম। সেয়ে আফ্ৰিকাৰ বহু অংশই ক্ৰমে শুষ্ক হবলৈ ধৰিছে।

আফ্ৰিকা মহাদেশ জলসম্পদ, বননি আৰু বনজ সম্পদ আৰু খনিজ সম্পদত চহকী। ইয়াৰ বেছিভাগ দেশৰেই অৰ্থনীতি কৃষি নিৰ্ভৰশীল। মহাদেশখনৰ মুঠ বিদেশী আয়ৰ প্ৰায় এক-তৃতীয়াংশ কৃষিৰ পৰা আহে আৰু ইয়াৰ ৭০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আফ্রিকা মহাদেশ খনৰ ৩৭ শতাংশ লোক নগৰৰ অধিবাসীৎ মহাদেশখনৰ গড় জনমুৰি জাতীয় আয় ২,৫৫০ আমেৰিকান ডলাৰ ǀ

১৮) পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভৌগোলিক অৱস্হিতি সম্পৰ্কে দুআষাৰ লিখা ǀ

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে – ওছেনিয়া মহাদেশ।

অষ্ট্ৰেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিৰি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহকলৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। ই উত্তৰে ০°নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূব দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় ১৮০° দ্ৰাঘিকাংশলৈ বিস্তৃত। অষ্ট্ৰেলিয়াই এই মহাদেশৰ বৃহত্তম আৰু পৃথিৱীৰ ষষ্ঠ বৃহৎ দেশ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় ১০,০০০ কিলোমিটাৰ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিৰি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওছেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্ৰায় ৯ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰে দক্ষিণ-পূব এছিয়াৰ জাভা-সুমাত্ৰা-ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এণ্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। ওছেনিয়া মহাদেশৰ প্ৰধান ভূ-খণ্ড অষ্ট্ৰেলিয়া আৰু অন্যান্য দ্বীপসমূহৰ চাৰিওফালে প্ৰশান্ত মহাসাগৰে আগুৰি আছে।

১৯) চমু টোকা লিখা  

ক)পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহঃ

উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘাঁহনিসমূহ হৈছেঃ

১/ ক্রান্তীয় তৃণভূমি অঞ্চলঃ ক্রান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তভাগত সাধাৰণতে ক্রান্তীয় তৃণভূমি অঞ্চল দেখা যায় ǀ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°—২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত । এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্রান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে । ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ  তাৰতম্য বেছি । বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। 

২/ মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ  উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। অন্তর্দেশীয় অৱস্থানে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বৃদ্ধি কৰিছে। ইয়াত গ্রীষ্মকালতহে কিছু বৰষুণ হয়। বছৰি গড়ে মাত্র ১৫–৫০ চেণ্টিমিটাৰলৈ বৰষুণ হয়। 

(খ) নিৰক্ষীয় প্ৰাকৃতিক অঞ্চলঃ

উত্তৰঃ বিষুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ গিনি উপকূল, আৰু দক্ষিণ পূব এছিয়াৰ মালয়েছীয় উপদ্বীপ, আৰু ইণ্ডোনেছিয়া আৰু ফিলিপাইন দ্বীপপুঞ্জ নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত।

(গ) ভূমধ্য সাগৰীয় অঞ্চলঃ

উত্তৰঃ মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্ৰান্তীয় আৰু বিশেষকৈ ক্ৰান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮° – ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ। ভূমধ্য সাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনে প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়।

(ঘ) মৌচুমী অঞ্চলঃ 

উত্তৰঃ নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০°ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০°ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হল ঋতু পৰিবৰ্তন – উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পাৰ্থক্য হল ১৫° চেলচিয়াছ। মৌচুমী অঞ্চল ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অক্ষাংশলৈকে বিস্তৃত। ভাৰতবৰ্ষকে ধৰি দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব অংশ, আফ্ৰিকাৰ পূব অংশ, ব্ৰাজিলৰ পূব অংশ, মধ্য আমেৰিকা আদি মৌচুমী প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত।

(ঙ) এছিয়া মহাদেশৰ ভূ-প্ৰকৃতি আৰু জলবায়ুঃ

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশ খন হৈছে- এচিয়া মহাদেশ ǀ এছিয়া মহাদেশখন সু-উচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী-উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। পৰ্বত শ্ৰেণী সমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা-দক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালা, মধ্যাংশত পূবা-পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পৰ্বতমালা আৰু ইয়াৰ ঠাল-ঠেঙুলি, কাৰাকোৰাম পৰ্বতমালা, আৰাৱলী পৰ্বত আদি। হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ)। মালভূমিসমূহৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালক্ষূমি, ইৰান মালভূমি আদিয়েই প্ৰধান। দ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্ৰা, বৰ্ণিও, ছিলিবিছ, আন্দামান-নিকোবৰ, শ্ৰীলংকা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি।

(চ) তুন্দ্ৰা অঞ্চলঃ

উত্তৰঃ গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀ উত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্হিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে। 

ছ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণঃ

উত্তৰঃ পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টার্কটিকা মহাদেশেৰে গঠিত। পৃথিৱীৰ ভূ-প্রকৃতি, জলবায়ু, মাটি, উদ্ভিদ, জীৱ-জন্তু আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ। প্রাকৃতিক পৰিবেশৰ বিভিন্ন উপাদানৰ এনে তাৰতম্যৰ বাবেই জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন- ধাৰণ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয়।   পৃথিৱীৰ মুঠ জনসংখ্যা ৬৬২কোটি ǀ  ৪০১ কোটি জনসংখ্যাৰে এচিয়া মহাদেশ বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ ǀ বিশ্বৰ প্ৰায় তিনি চতুৰ্থাংশ লোক এই মহাদেশখনত বাস কৰে ǀ আফ্ৰিকা মহাদেশত ৯৪৪ নিযুত লোক বাস কৰে ǀ মহাদেশখনৰ প্ৰতি বৰ্গ কি মিত জনসংখ্যাৰ ঘনত্ব ৩১ জন ǀ ইউৰোপৰ মুঠ জনসংখ্যা ৭৩৩ নিযুত ǀ বিশ্বৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই মহাদেশত বাস কৰে ǀ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কি মি ৩২জন ǀ উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা ৫২৩ নিযুত ǀ প্ৰতি বৰ্গ কি মি জনসংখ্যাৰ ঘনত্ব ১৫ জন ǀ দক্ষিণ আমেৰিকা মহাদেশক মুঠ জনসংখ্যা ৩৮১ নিযুত ǀজনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কি মি ১২ জন ǀ বিশ্ব মুঠ জনসংখ্যাৰ ৫.৫৭ শতাংশ লোক এই মহাদেশখনত বাস কৰে ǀওচেনিয়া মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৩৫ নিযুত ǀ (২০০৭ বৰ্ষৰ আনুমানি- তথ্য অনুসৰি) তদুপৰি পৃথিৱীৰ প্রায় ৯০ শতাংশ লোক কেৱল উত্তৰ গোলার্ধত বাস কৰে।

(জ) ক্রান্তীয় তৃণভূমি অঞ্চলঃ

উত্তৰঃ ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্ভাগত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখা যায়। দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চল ১০° – ২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্ৰান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল উচ্চ ভূমি আৰু ভেনেজুৱেনাত অৱস্থিত অৰিনিকো নদী অৱবাহিকা, আফ্ৰিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্ৰিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশত, আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশ ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত।

ঝ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ

উত্তৰঃ  ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্হিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি।  গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ।

ঞ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ 

উত্তৰঃ উত্তৰ গোলার্ধৰ ৫০-৭০° অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। 

Type Jyotish kakati (জ্যোতিষ কাকতি)