পৰিবেশ ভূগোল । Lesson 2 | Chapter 2 | SEBA Class 10 Geography Lesson 2 Question and Answer Assam | Assamese Medium Class 10 Geography Chapter 2 Solution | SEBA Class 10 Geography Answer Assam | পৰিবেশ ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 দ্বিতীয় অধ্যায়

পৰিবেশ ভূগোল

১) পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ?

উত্তৰঃ পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ কেউকাষৰ অৱস্থকে বুজায়। কেউকাষৰ অৱস্থা বুলি কওঁতে যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে, সেই আটাইবোৰকে সামৰি লোৱা হয়। এই উপাদানসমূহ জীৱীয় আৰু অজীৱীয় উভয় প্ৰকাৰৰ হব পাৰে। এই দুয়ো প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলে।

অগনন পাৰস্পৰিক সম্পৰ্কৰ ফল। গোলকীয় পৰ্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে ক্ৰিয়া কৰি আছে। তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা অটি বিশেষ পৰিস্থিতিক সূচায়। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ অসংখ্য জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হৈছে। পৃথিৱীৰ এই বিশাল পৰিৱেশতন্ত্ৰৰ ভিতৰতে প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰ নিজস্ব পৰিৱেশ অন্তৰ্ভুক্ত হৈ আছে।

২) পৃথিৱীৰ বায়ুমণ্ডল,স্হলমণ্ডল, জলমণ্ডল আৰ জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা ǀ

উত্তৰঃ পৃথিৱীৰ পৰিবেশৰ চাৰিওটা মণ্ডল ক্ৰমে -বায়ুমণ্ডল,স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল প্ৰত্যেকৰে সুকীয়া অস্তিত্ব আছে যদিও ইটো ইটোৰ লগত প্ৰাকৃতিকভাৱেই সম্পৰ্কিত ǀ 

উদাহৰণস্বৰূপেঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ থকা অংশবোৰ সামৰি লয় ǀ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে- স্থলপৃষ্ঠ,সাগৰ মহাসাগৰ আৰু বায়ু মণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ ǀ গতিকে দেখা যায় যে জীৱমণ্ডল আটাইকেইটা মণ্ডলৰে অৰ্ন্তভুক্ত হৈ আছে ǀ ঠিক তেনেদৰে হ্ৰদ, নদ নদী ,সাগৰ মহাসাগৰৰ (জলভাগৰ )উপস্থিতি ভূ-ভাগৰ ওপৰতে আকৌ জল আৰু স্থলভাগৰ ওপৰতে বায়ুমণ্ডলে অৱস্থান লৈ আছে ǀ জল আৰু স্থলভাগত হোৱা সামান্যতম পৰিবৰ্তনে বায়ুমণ্ডলৰ আমুল পৰিবৰ্তন ঘটাব পাৰে ǀ

৩) পৃথিৱীৰ সকলো অঞ্চলৰ পৰিবেশ কিয় একে নহয়, চমুকৈ লিখা 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিৱেশৰ মাজত পাৰস্পৰিক সম্বন্ধ থাকিলেও ভৌগোলিক কাৰণতে প্ৰতিটো অঞ্চলৰে পৰিৱেশৰ কিছু সুকীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে। প্ৰাকৃতিক উপাদানবোৰৰ গুণাগুণ পৃথিৱীৰ সকলো অঞ্চলতে একে নহয়। মাটি, পানী, উত্তাপ, জীৱ আদিৰ অঞ্চলভেদে পাৰ্থক্য দেখা যায়।সেয়েহে  পৃথিৱীৰ সকলো অঞ্চলৰ পৰিবেশ  একে নহয় ǀউদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ থিয়কৈ পৰে বাবে সেই অঞ্চলবোৰ উষ্ণ ǀ তাৰ বিপৰীতে দুই মেৰুত সূৰ্যৰ তাপ হেলনীয়াকৈ পৰে বাবে সেই অঞ্চলবোৰ শীতল ǀ

৪) পৰিবেশ ভূগোলৰ সংজ্ঞা দিয়া ǀ

উত্তৰঃ  ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিবেশৰ স্বৰূপ  পৰিবৰ্তন আৰু সমস্যা ৰ অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে ,তাকে পৰিবেশ ভূগোল বোলে ǀ

৫) ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিবেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা ǀ

উত্তৰঃ সম্প্ৰতি আমাৰ পৃথিৱীখনে নানা ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এহাতে দ্ৰুত হাৰত ঘটা জনসংখ্যাৰ বৃদ্ধি আৰু নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ প্ৰসাৰ আৰু আনহাতে মানুহৰ জীৱন-প্ৰণালীৰ চমকপ্ৰদ উন্নয়নে পৃথিৱীৰ পৰিৱেশৰ ওপৰতে স্বাভাৱিকতে হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত পৰিবহনৰ অভূতপূৰ্ব প্ৰসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ প্ৰচেষ্টা, কৃষিৰ আধুনিকীকৰণ, বজাৰৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যান-বাহনত খনিজ ইন্ধনৰ ব্যাপক প্ৰয়োগ আৰু বহুতো আৰ্থ-সামাজিক উন্নয়ন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতেই বননি ধবংস, জৈৱ-বৈচিত্ৰ্যৰ সংকোচন, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ, মাটি – পানী – বায়ু প্ৰদূষণ আদিৰ দৰে পাৰিৱেশিক সমস্যাই পৃথিৱীখনক জুমুৰি দি ধৰিছে। পৰম্পৰাগত ধ্যান-ধাৰণা, কৌশল, পদ্ধতি আদিৰে এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান। ভূগোলবিদসকলে সেয়েহে ন-ন চিন্তা আৰু কৰিছে। এই উদ্দেশ্যে ভূগোল বিষয়টোৰ অধ্যয়ন পৰিসৰৰ ভিতৰতে পাৰিৱেশিক সমস্যাৰ বিশেয অধ্যয়নৰ বাবে এটা নতুন শাখা গঢ়ি তোলো হৈছে। এই শাখটোকে পৰিৱেশ-ভূগোল বুলি কোৱা হৈছে।

৬) পৰিবেশ-ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া।

উত্তৰঃ পৰিৱেশ-ভূগোলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি, স্বৰূপ আৰু পৰিবৰ্তন অধ্যয়ন কৰে। কোনো এটা অঞ্চলত বন্ঞ্চল ধবংসৰ পৰিমাণ আৰু কাৰণ, বানপানী, গৰাখহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ কত কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে কত কি ধৰণে পৰিৱেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিৱেশ – ভূগোলত আলোচনা কৰিব পাৰি। প্ৰাকৃতিক সম্পদৰ পৰিৱেশ-অনুকূল ব্যৱহাৰ, পৰিৱেশৰপৰিচালনা, বহনক্ষম উন্নয়ন আদিও পৰিৱেশ-ভৌগোলিক অধ্যয়নৰ বিষয়বস্ত। পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিৱেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিৱেশ-ভূগোলৰ প্ৰধান উদ্দেশ্যে।

পৰিবেশ বিজ্ঞানত বিজ্ঞানৰ প্ৰতিটো শাখাই কম বেছি পৰিমাণে জড়িত ǀ ৰাসায়ন বিজ্ঞান,ভূ-বিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান সম্পৰ্কীয় বহুতো বিষয় পৰিবেশ বিজ্ঞানৰ অধ্যয়নে সামৰি লয় ǀ

৭) পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? জীবীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা।

উত্তৰঃ পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ যথেষ্ঠ বহল ǀ স্থলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ সকলোবোৰকে পৰিৱেশৰ উপাদানে সামৰি লয় ǀপৰিবেশৰ অগণন উপাদানবোৰ এই আটাইকেইটা মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ এক জটিল বান্ধোনেৰে বান্ধ খাই আছে ǀ

জীবীয় উপাদানঃ জীৱীয় উপাদান সমূহ জীৱমণ্ডলৰ অন্তৰ্ভুক্ত ǀ নানা প্ৰজাতিৰ উদ্ভিদ আৰু অণুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে ǀ যেনে- জীৱ জন্তু,গছ-গছনি ইত্যাদি ǀ 

অজীৱীয় উপাদানঃ স্থলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডলৰ প্ৰাণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰত পৰে ǀ যেনে- মাটি,পানী,বতাহ,বিভিন্ন ধাতু ইত্যাদি । 

৮। তলত উল্লেখ কৰা উপাদানবোৰ জীৱীয় আৰু অজীৱীয় -এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰোৱা ǀ

উপাদান – বালি, মণিক, বেক্টেৰিয়া, উদ্ভিদপ্লৱক (Phyloplankton), ঘাঁহ ,বৰষুণ, আর্দ্রতা (humidiy)., মাটি, পানী,অৰণ্য , কীট-পতঙ্গ,ভাইৰাছ. কয়লা ,খনিজ তেল,মেনগ্ৰভ, সৌৰ শক্তি ।

উত্তৰঃ জীৱিয় উপাদানবোৰৰ হৈছে – বেক্টেৰিয়া, উদ্ভিদপ্লৱক, ঘাঁহ, অৰণ্য, কীট-পতংগ, ভাইৰাছ, মেনগ্ৰভ।

অজীৱিয় উপাদানবোৰ বৈছে – বাণ, মণিক, বৰষুণ, আৰ্দ্ৰতা, মাটি, পানী, কয়লা, খনিজ তেল, সৌৰশক্তি।

৯)পাৰিৱেশিক সমস্যা মানে কি ?

উত্তৰঃ প্ৰাকৃতিক বা মানৱ সৃষ্ট বিভিন্ন কাৰকৰ ফলত পৰিবেশৰ ওপৰত যি বিৰূপ প্ৰভাৱ পৰে তাকে পাৰিৱেশিক সমস্যা বোলে ǀ

১০) পৃথিৱীৰ পাৰিবেশিক সমস্যা ক্ৰমে বৃদ্ধি পায় অহাৰ কাৰণবোৰ উল্লেখ কৰা ǀ

উত্তৰঃ মানব সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পৃথিৱীয়ে অৱশ্যে যুগ যুগ ধৰি ভূমিকম্প, আগ্নেয় উদগিৰণ, ঘূর্ণীবতাহ, বানপানী, ভয়াবহ সাগৰীয় আদিৰ দৰে প্রাকৃতিক দূৰ্যোগৰ সম্মুখীন হৈ আহিছে। কিন্তু সাম্প্ৰতিক কালত পাৰিবেশিক সমস্যাৰ গুৰিতে আছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদনত ব্যৱস্থাৰ প্ৰযুক্তি বিদ্যাৰ ব্যাপক প্ৰয়োগ, যান বাহনৰ বৃদ্ধি ,নগৰ মহানগৰৰ সম্প্ৰসাৰণ ইত্যাদি ǀ

১১) পৰিবেশৰ ভাৰসাম্য অৱস্হা বুলিলে কি বুজা ?

উত্তৰঃ 

১২) নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল-উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা ǀ

উত্তৰঃ পৃথিৱীৰ সম্মুখীন হোৱা পাৰিৱেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে বননি ধবংস। বননি ধবংস কাৰ্য্যক নিৰ্বনীকৰণ বুলি কোৱা হয়। এই নিৰ্বনীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু পৃথিৱীত চলি থকা উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম ফল। বায়ুমণ্ডলত ক্ৰমে কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি অহাত গোলকীয় উত্তাপ বৃদ্ধি পাইছে। পৃথিৱীত সেউজ আৱৰণ হ্ৰাস পাই অহাটোৱেই হৈছে ইয়াৰ প্ৰধান কাৰণ। নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন-প্ৰণালীৰ দ্ৰুত উন্নয়ন। নিৰ্বনীকৰণে এহাতে মানুহক বনজ সম্পদ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আৰু আনহাতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে।

১৩) গোলকীয় উত্তাপ বৃদ্ধি মানে কি ? ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা

উত্তৰঃ মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোকে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয় ǀ

ইয়াৰ প্ৰধান কাৰণবোৰ হৈছে-

1) যান বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাষ্ম ইন্ধনৰ বহুল প্ৰয়োগ

2) শিল্প উদ্যোগৰ প্ৰসাৰ

3) বনজুই বা দুৰ্ঘটনাৰ ফলত সংঘটিত অগ্নিকাণ্ড

4) নগৰীকৰণ ৰ বাবে বনাঞ্চল ধ্বংস কৰা 

5) ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পায় অহা শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ৰেফ্ৰিজৰিটাৰ আদিৰ ব্যৱহাৰ 

১৪) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ’ব পৰা সমস্যাবোৰৰ এটি আভাস দিয়া ǀ

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হব পৰা সমস্যাবোৰৰ হৈছে –

1) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিব ǀ শস্যৰ উৎপাদন হ্ৰাস পাব আৰু ঠায়ে ঠায়ে বিভিন্ন অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰিবǀ

2) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভিদজগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব ǀ ভূ-পৃষ্ঠত উদ্ভিদৰ বৰ্তমানৰ যি বিতৰণ ,তাৰ লক্ষণীয় পৰিববৰ্তন ঘটিব ǀ বিশেষকৈ মৰুভূমিৰ কাষৰীয়া অঞ্চলবোৰত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাব আৰু অৰণ্য এলেকা ঘাঁহনিলৈ ৰূপান্তৰিত হ’ব ǀ ঠিক তেনেদৰে পাৰ্বত্য অঞ্চলতো হিমবাহৰ গলৰ ফলত উদ্ভিদৰ বৰ্তমানৰ ৰূপৰ পৰিবৰ্তন ঘটিব ǀ

3) বিভিন্ন কাৰণত পৃথিৱীপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ  লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে ǀ ইয়াৰ ফলত বহুতো সামুদ্ৰিক দ্বীপ,প্ৰবাল দ্বীপ আৰু ব-দ্বীপ জলমগ্ন হোৱাৰ সম্ভাৱনা আছে ǀ

4) জলবায়ুৰ পৰিবৰ্তন ঘটিব ǀ ন ন ঠাই অতিবৃষ্টি বা অনাবৃষ্টিৰ কবলত পৰিব পাৰে ǀ

5) জলবায়ুৰ পৰিবৰ্তন ৰ ফলত অৰণ্য অঞ্চলত থকা জীৱজন্তুবোৰ খাদ্যাভাস,বাসস্থান আদিৰ পৰিবৰ্তন হ’ব ǀ সঘন পৰিবৰ্তিত পৰিস্থিতিত অভিযোজন  কৰিব নোৱাৰা প্ৰাণীবোৰ বিলুপ্তপ্ৰায় হ’ব ǀ

6) ভাইৰাচ আৰু বেক্টৰিয়া জনিত ৰোগৰ (মেলেৰীয়া,ডেংগো, গ্ৰহণী ) প্ৰকোপ বৃদ্ধি পাব ǀ ন ন ৰোগৰ অৰ্ভিভাৱ হ’ব ǀ

১৫) গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্যসমূহ হৈছে –

1) যান বাহনৰ সীমিত ব্যৱহাৰ কৰা উচিত ǀ গাড়ী-মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদুষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত ল’ব লাগিব ǀ

2) শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰ, ৰেফ্ৰ্িজৰেটাৰ আদিৰ ব্যৱহাৰ পৰাপক্ষত কম কৰিব লাগে ǀ

3) ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব লাগিব ǀ

4) পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় আইন কানুন সমূহ দেশ বা ৰাজ্য খনত কঠোৰভাৱে পালন কৰা উচিত 

5) স্কুল,কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগিব ǀ

১৬) সেউজগৃহ গেছকেইটাৰ নাম লিখা । 

উত্তৰঃ সেউজগৃহ গেছকেইটাৰ নাম হৈছে – কাৰ্বন ডাই – অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰোফ্লুৰকাৰ্বন আদি।

১৭) বায়ু প্ৰদূষণ বুলিলে কি বুজা ? কি কি কাৰণত বায়ু প্ৰদূষিত হয় ?

উত্তৰঃ বায়ুত কোনো দূষিত পদাৰ্থ বা গেছ মিহলি হৈ ইয়াৰ স্বাভাৱিক ধৰ্মৰ পৰিবৰ্তন ঘটালে ,তেতিয়া তাক বায়ু প্ৰদূষণ বুলিব পাৰি ǀ বায়ুত মিহলি হৈ থকা দূষিত পদাৰ্থ বা গেছবোৰক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জীণ নিয়াব নোৱাৰি ǀ ই ক্ৰমে বায়ুক বিষাক্ত কৰি তোলে ǀ

বায়ু প্ৰদূষিত হোৱাৰ কাৰণবোৰ হৈছে- 

1) শিল্প উদ্যোগৰ প্ৰসাৰ

2) নগৰীকৰণ

3) যান বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাষ্ম ইন্ধনৰ বহুল প্ৰয়োগ

4) আণৱিক শক্তিৰ প্ৰয়োগ,

5) অৰণ্য ধ্বংস

6) বনজুই

১৮) বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা ǀ

উত্তৰঃ বায়ু প্ৰদূষণে সৃষ্টি কৰা সমস্যাবোৰৰ হৈছে এনেধৰণৰ –

1) বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যজনিত সমস্যাবিলাক বৃদ্ধি কৰিছে ǀ  শ্বাস-প্ৰশ্বাসৰ লগত জড়িত নানান ৰোগ (হাপানি,ব্ৰংকাইটিছ, হাওফাওঁৰ কৰ্কট,হাৰ্ট এটেক),  চৰ্মৰোগ আদিবোৰ লাহে লাহে বৃদ্ধি পাইছে ǀ

2) বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় ǀবায়ুত অত্যাধিক পৰিমাণত চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ উপস্হিতিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে ǀ এচিড বৰষুণে গছ-গছনি ,খেতিবাতি নষ্ট কৰাৰ উপৰিও খাল বিলৰ পানীও নষ্ট কৰে ǀ

3) বায়ুমণ্ডলত বিভিন্ন কাৰণত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি অহাৰ বাবে পৃথিৱীপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ǀ ইয়াৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে ǀ

4) বায়ুমণ্ডলৰ ষ্টেটছ’ফিয়াৰত থকা অ’জন গেছৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা  অতি বেঙুণীয়া ৰশ্মি ক বাধা প্ৰদান কৰি জীৱ জগতৰ উপকাৰ সাধে ǀ বায়ু প্ৰদূষণৰ ফলত এই অ’জন গেছৰ তৰপটো ক্ৰমে দুৰ্বল হৈ পৰিছে ǀ 

5) শীতকালত ধোৱা আৰু ধূলিৰ সংমিশ্ৰণত সষ্টি হোৱা কুঁৱলীৰ ফলত বাটে পথে নানান দূৰ্ঘটনা সংঘটিত হোৱা দেখা যায় ǀ 

১৯) পানী কিদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ পানী প্ৰদূষণৰ কাৰণবোৰৰ হৈছে-

১/ ঔদ্যোগিক অপদ্ৰব্য

২/ ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব প্ৰয়োগ কৰা কৃষিক্ষেত্ৰ

৩/ খনিজ পদাৰ্থৰ উদঘাটনক্ষেত্ৰ

৪/ পেলনীয়া দ্ৰব্যৰ নিক্ষেপন আদি।

৫/ নগৰীকৰণ আৰু জাবৰ-জোথৰ নিষ্কাষণৰ পৰ্যাপ্ত ব্যৱস্থা নথকা অপৰিকল্পিত নিৰ্মাণকাৰ্য 

৬/ যান বাহনৰ পৰা হোৱা প্ৰদূষণ (বিশেষকৈ তেল পৰিবাহী জাহাজ সাগৰত দুৰ্ঘটনাগ্ৰস্থ হ’লে সৃষ্টি হোৱা প্ৰদূষণ) 

৭/ তেজস্ক্ৰীয় পদাৰ্থ পানীত মিহলি হলে

৮/ বায়ুমণ্ডলত জমা হোৱা চালফাৰ ডাই অক্সাইড বৰষুণ আকাৰে নামি আহিলে পানী প্ৰদূষণ হয় ǀ

পানী প্ৰদূষণৰ পৰা হ’ব পৰা ক্ষতিসমূহ হৈছে- 

১/ নদী এখনৰ পানী প্ৰদূষিত হলে উপত্যকাটোৰ বাসিন্দাসকল খাদ্য, খোৱাপানী আৰু জীৱিকা আদিৰ দৰে সমস্যাত ভুগিবলগীয়া হয় ǀ

২/ শিল্প-উদ্যোগৰ ৰা নির্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদার্থ আৰু নগৰ অঞ্চলৰ বৃহৎ নিৰ্মাণৰ পেলনীয়া দ্রব্যই প্রধানকৈ ওচৰতে বিল- খাল বা নদ-নদীৰ পানী প্ৰদূষিত কৰে।

৩/ পানী প্ৰদূষণে মানুহৰ বেমাৰ আজাৰ সৃষ্টি কৰে ǀ

৪/  জল প্ৰদূষণে মাটি উৰ্বৰা শক্তি হ্ৰাস কৰে ǀ

৫/ বৃহৎ উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া দ্ৰৱ্যৰ ফলত আশে পাশে থকা জলাশয়ৰ নিৰ্মল পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পাইছে ǀই মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ǀ পানীত এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে বহুতো জলজ উদ্ভিদ আৰু জীৱ লুপ্তপ্ৰায় অৱস্হালৈ গতি কৰিছে ǀ 

২০) পাৰিবেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা ǀ

উত্তৰঃ মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ থকা, খোৱা, পিন্ধন-উৰণৰ বাবে প্ৰয়োজনীয় সকলো পৰিৱেশে যোগান ধৰে। সম্প্ৰতি পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰ সম্মুকীন হৈছে। অতি উন্নত নগৰ-মহানগৰকে ধৰি একেবাৰে ভিতৰুৱা পিছ পৰা গাওঁ পৰ্যন্ত সকলোতে পৰিৱেশ আজি সমস্যাৰ দ্বাৰা আক্ৰান্ত। পাৰিবেশিক সমস্যাৰ গুৰিতে আছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদন ব্যৱস্থাত প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ, যান-বাহনৰ বৃদ্ধি, নগৰ-মহানগৰৰ সম্প্ৰসাৰণ ইত্যাদি। শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ অতি উচ্চ প্ৰাবল্যৰ মাইক, চাউণ্ড ছিচটেম, গাড়ী মটৰৰ হৰ্ণ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ǀ নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰখা আৰু তাত জাবৰ-জোথৰ পেলোৱা নিষেধ কৰা ǀ খেতি পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰৱ্য প্ৰয়োগ কৰাতকৈ জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা উচিত ǀ

Type-Jyotish kakati (জ্যোতিষ কাকতি)