আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে । অধ্যায় ২ । Chapter 2 | Class 9 General Science Lesson 2 Question and Answer Assam | SEBA Class 9 General Science Lesson 2 Solution | Assamese Medium Class IX Science Chapter 2 Notes and Suggestion |

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? 

অনুশীলনীঃ
প্ৰশ্ন- ১ঃ তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ? 
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা Sodium Chloride ।
উত্তৰঃ বাষ্পীভৱন পদ্ধতি।

(b) Sodium Chloride আৰু Amonium Chloride মিশ্ৰণৰ পৰা Amonium Chloride ।

উত্তৰঃ উৰ্ধপাতন পদ্ধতি।

(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ।

উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।

(e) দৈ পৰা মাখন।

উত্তৰঃ  অপকেন্দ্ৰিক পদ্ধতি।

(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ ।
উত্তৰ :-  বৰ্ণলেখন পদ্ধতি

(f) পানীৰ পৰা তেল ।
উত্তৰ :- পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।

(g) চাহৰ পৰা চাহপাত ।
উত্তৰ :- ফিল্টাৰ কৰা পদ্ধতি।

(h) বালিৰ পৰা লোৰ পিন ।
উত্তৰ :- চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।

(i) চোকোৰাৰ পৰা গমৰ গুটি ।
উত্তৰ :- জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।

(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ ।
উত্তৰ :- পৰিস্ৰাবণ পদ্ধতি।

4.  উদাহৰণ দি ব্যাখ্যা কৰা ।

(a) সংপৃক্ত দ্ৰৱ ।
উত্তৰ :- এটা নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক “সংপৃক্ত দ্ৰৱ” বোলা হয় । দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰৱীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ কোৱা হয়।          উদাহৰণ স্বৰূপে, ১০০ মিঃলিঃ পানীত ৫০ গ্ৰাম NaCl মিলাব পাৰি।

(b) বিশুদ্ধ পদাৰ্থ ।
উত্তৰ :- যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত, তাকেই  “বিশুদ্ধ পদাৰ্থ” বুলি কোৱা হয়। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গ’লে। কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পৰ্দাথৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি, কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি।                উদাহৰণ স্বৰূপে, বিশুদ্ধ বৰফ সদায় ০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গলে আৰু পানী সদায় ০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত ঘনীভূত হয়।

(c) কলয়ড ।
উত্তৰ :- কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ। ইয়াৰ কণিকাবোৰ  বৰ সৰু ইহঁতক খালী চকুৰে মণিব নোৱাৰি কিন্তু পোহৰৰ ৰশ্মি বিচছুৰিত কৰিব পাৰে।অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি। যেনে-গাখীৰ আৰু পানীৰ মিশ্ৰণ। 

(d) প্ৰলম্বন।
উত্তৰ :- যিবোৰ অসমসত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়, সেইবোৰ মিশ্ৰণক “প্ৰলম্বন” বোলা হয়। নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট মাৰে। তৰলটো সাৱধানে ঢালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচছুৰণ ঘটাব পাৰে। উদাহৰণ স্বৰূপে- বোকাৰ মিশ্ৰণ আৰু পানী।

6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?
উত্তৰ :-
বায়ুমণ্ডলীয় চাপত যদি তৰলখিনিৰ উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছ হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদিহে তৰলখিনিৰ উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছতকৈ বেছি হয় তেতিয়া ই বিশুদ্ধ পানী নহয়।আৰু বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি।

7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থ” ৰ শাৰীত পৰিব ?
(ক) বৰফ ।(খ) গাখীৰ ।(গ) লো ।(ঘ) হাইড্ৰ’ক্লৰিক এছিদ ।(ঙ) Calcium oxide ।(চ) পাৰা ।(ছ) ইটা ।(জ) কাঠ ।(ঝ) বায়ু ।
উত্তৰ :- (ক) বৰফ।              (চ) পাৰা।

8. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা ।
(ক) মাটি ।(খ) সাগৰৰ পানী ।(গ) বায়ু ।(ঘ) কয়লা ।(ঙ) চ’দা পানী ।
উত্তৰ :- (খ) সাগৰৰ পানী।            (গ) বায়ু।            (ঙ) চ’দা পানী।

9. তলৰ কোনটোৱে “টিণ্ডল প্ৰভাৱ” দেখুৱায় ? 
(ক) লৱণৰ দ্ৰৱ ।(খ) গাখীৰ ।(গ) কপাৰ ছালফেটৰ দ্ৰৱণ ।(ঘ) Starch Solution ।
উত্তৰ :-  (খ) গাখীৰ।

10. তলৰ বিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপো শ্ৰেণীভুক্ত কৰা।a) চ’ডিয়ামb) মাটিc) চেনিৰ দ্ৰৱণ।d) ছিলভাৰe) কেলছিয়াম কাৰ্বনেটf) টিন।g) ছিলিকন।
উত্তৰঃ মৌলঃ a) ছডিয়াম d) ছিলভাৰ f) টিন g) ছিলিকন             যৌগঃ e)কেলছিয়াম কাৰ্বনেট             মিশ্ৰণঃ b) মাটি  c) চেনিৰ দ্ৰৱণ