আমাৰ পৰিৱেশ । অধ্যায় ৪ । Chapter 4 | Class 7 Social Science Geography Lesson 4 Question and Answer Assam | SCERT Class 7 S.Science Chapter 4 Solution | Assamese medium Class 7 Social Science Lesson 4 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৪ আমাৰ পৰিৱেশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আমাৰ পৰিৱেশ

১। উত্তৰ লিখা।

(ক) পৰিৱেশ মানে কি?

উত্তৰঃ পৰিৱেশ হ’ল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সম্বন্বয়ত গঢ়ি উঠা এক স্বাভাৱিক অৱস্থা। 

(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পৰিbsশ দুই প্ৰকাৰৰ– প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।

(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ প্ৰধান উপাংশসমূহ দুটা ভাগত ভাগ কৰিব পাৰি – (ক) জৈৱিক উপাংশ- পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি।
(খ) অজৈৱিক উপাংশ- বায়ু (বায়ুমণ্ডল), পানী (জলমণ্ডল), মাটি (স্থলমণ্ডল) আদি।

(ঘ) মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ মানুহে নিজৰ প্রয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিৱেশত থকা সমলবোৰ কামত খটুৱায়। এনে কাৰ্যৰ ফলত, পৰিৱেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু নতুন পৰিৱেশ এটা গঢ় লৈ উঠে। এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই মানৱ সৃষ্ট পৰিৱেশ। 

২। শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া।

(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?

(১) মাটি (২) শিক্ষানুষ্ঠান(৩) পৰিবহণ ব্যৱস্থা

উত্তৰঃ (১) মাটি। 

(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?

(১) পর্বত(২) ঘৰ (৩) নদী

উত্তৰঃ (২) ঘৰ। 

(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?

(১) গছ-গছনি(২) কল-কাৰখানাৰ আৱৰ্জনা(৩) খাদ্য শস্যৰ বৃদ্ধি(৪) জনসংখ্যা বৃদ্ধি(৫) জীৱ-জন্তু নিঃশেষ হলে।

উত্তৰঃ(২) কল-কাৰখানাৰ আৱৰ্জনা,(৪) জনসংখ্যা বৃদ্ধি,(৫) জীৱ-জন্তু নিঃশেষ হলে। 

৩। বাওফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।

বাওঁফাল                  সোঁফাল

(ক) আমাৰ চৌপাশ     (ক) মাটি

(খ) জলমণ্ডল।            (খ) বায়ু

(গ) স্থলমণ্ডল।             (গ) পৰিৱেশ    

(ঘ) জীৱমণ্ডল             (ঘ) পানী

(ঙ) বায়ুমণ্ডল।     (ঙ) জীৱ-জগত

উত্তৰঃ

(ক) আমাৰ চৌপাশ – (গ) পৰিৱেশ

(খ) জলমণ্ডল – (ঘ) পানী

(গ) স্থলমণ্ডল – (ক) মাটি

(ঘ) জীৱমণ্ডল – (ঙ) জীৱ-জগত

(ঙ) বায়ুমণ্ডল – (খ) বায়ু 

৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০ টা মান শব্দৰ ভিতৰত লিখা।

উত্তৰঃ

৫। তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা। (১০০ টা মান শব্দৰ ভিতৰত লিখা।)

উত্তৰঃ

Jyotish Kakati (জ্যোতিষ কাকতি)