ভূ-পৃষ্ঠত সময় গণনা । অধ্যায় ১ । Class 7 Social Science geography Lesson 1 Question and Answer Assam | SCERT Class 7 S.Science Chapter 1 Solution | Assamese Medium Class 7 Social Science Geography Lesson 1 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ১ ভূ-পৃষ্ঠত সময় গণনা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভূ-পৃষ্ঠত সময় গণনা

১। চমু উত্তৰ দিয়া-(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? 

উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্য়া হল- ৩৬০ ডাল।

(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?

উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হল- ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।

(গ) পৃথিৱীৰ নিজ মোৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?

উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন।

(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে?

উত্তৰঃ গ্ৰীনিজৰ  ওপৰেৰে  কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে।

(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কিমান? 

উত্তৰঃ  কোণিক দূৰত্ৱৰ জোখৰ একক হ’ল ডিগ্ৰী।

২। খালী ঠাই পূৰ কৰা-

(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০ ডিগ্ৰী কোণ কৰি থাাকে।

(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক দাঘিমাংশ বোলে।(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব  ঠাইখনৰ  দ্ৰাঘিমাংশ।

(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পূৱফালে ১৫ডিগ্ৰী আঁতৰত থকা ঠাইখনত   বাজিব।

৩। সঁচা-মিছা নিৰ্ণয় কৰা-

(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মূখীন হয়।

উত্তৰঃ অশুদ্ধ।

(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত ১ দিন য়োগ দিব লাগে ।

উত্তৰঃ অশুদ্ধ।

(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয়  আৰু অন্য এটা দিন আৰম্ভ হয়

উত্তৰঃ শুদ্ধ।

(ঘ) ১৮০ ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।

উত্তৰঃ শুদ্ধ।

(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা –

(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ  /লোকচান হোৱা বুলি অনুভৱ কৰে।উত্তৰঃ সময় লাভ।

(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূজোদয় হয়। গতিকে মুম্বাইত পূব /পশ্চিম দ্ৰাঘিমাংশত অৱস্তিত।

উত্তৰঃ পূব।

(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া /পিছপৰা।

উত্তৰঃ আগবঢ়া

(ঘ) ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে ৮৩ডিগ্ৰী ২০/৯০/৮২ ডিগ্ৰী ৩০ পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ  কৰা হৈছে

উত্তৰঃ ৮২ ডিগ্ৰী ৩০।

(ঙ) আমি পিন্ধাসাধাৰণ হাত ঘডীবোৰ স্থানীয় সময় /গ্ৰীনিজ মান সময় /ভাৰতীয় মান সময় মতে চলে ।

উত্তৰঃ ভাৰতীয় মান সময় মতে চলে।

৫) পাৰ্থক্য় লিখা।

(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা

উত্তৰঃ

(খ)  স্থানীয় সময় আৰু মান সময়।

উত্তৰঃ

অতিৰিক্ত প্ৰশ্নঃ-

১। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে?

উত্তৰঃ অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ আৰু দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।

২। কোনো দুখন ঠাই মাজৰ কৌণিক দূৰত্ব কাক বুলি কোৱা হয়?

উত্তৰঃ কোনো গোলাকাৰ অবয়বৰ উপৰিভাগৰ দুখন ঠাই অবয়বটোৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মান ঠাই দুখনৰ কৌণিক দূৰত্ব বোলে।

৩। অক্ষৰেখা কাক বুলি কোৱা হয়?

উত্তৰঃ বিষুবৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহে হ’ল অক্ষৰেখা।

৪। সমতল পৃষ্ঠত কোনো দুখন ঠাই অৱস্থান নিৰ্ণয় বাবে কি জোখৰ একক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ সমতল পৃষ্ঠত কোনো দুখন ঠাই অৱস্থান নিৰ্ণয় বাবে মিটাৰ- ছেণ্টিমিটাৰ জোখৰ একক ব্যৱহাৰ কৰা হয়।

৫। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে?

উত্তৰঃ পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০ ডিগ্ৰী কোণ কৰে।

৬। প্ৰাথমিক বা মুখ্য দ্ৰাঘিমাৰেখাৰ মান কিমান? 

উত্তৰঃ প্ৰথামিক দ্ৰাঘিমাৰেখাৰ মান হৈছে- ০ ডিগ্ৰী।

৭। দ্ৰাঘিমাৰেখাৰ কাক বোলে?

উত্তৰঃ প্ৰথমিক দ্ৰাঘিমাৰেখাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখথাবোৰেই হৈছে দ্ৰাঘিমাৰেখাৰ।  

৮। নাবিক আৰু বৈমানিকসকলে কি যন্ত্ৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰি

উত্তৰঃ নাবিক আৰু বৈমানিকসকলে ক্ৰনমিটাৰ যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰি।

৯। কোন যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি? 
উত্তৰঃ- চেক্সটাণ্ট যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি।

জ্যোতিষ কাকতি ︵ Jyotish Kakati