জীৱ আৰু ইয়াৰ চৌপাশ । অধ্যায় ৯ । Class 6 General Science Lesson 6 Question and Answer Assam | SCERT Class 6 G.Science Chapter 9 Solution | Assamese Medium Class 6 General Science Lesson 9 Answer | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯ জীৱ আৰু ইয়াৰ চৌপাশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

জীৱ আৰু ইয়াৰ চৌপাশ

১। আৱাসস্থলী কি?

উত্তৰঃ উদ্ভিদ বা জীৱই যি পৰিৱেশত বাস কৰে, তাকেই সিঁহতৰ আৱাসস্থলী বোলে।

২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে?

উত্তৰঃ 

৩। খালী ঠাই পূৰ কৰা

(ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক অভিযোজন বোলে।

(খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক স্থলজ আৱাসস্থলীক বোলে।

(গ) পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্হলীক জলজ আৱাসস্থলী বোলে।

(ঘ) মাটি ,পানী আৰু বায়ুৰ আৱাসস্হলী অজৈৱিক  কাৰক ǀ

(ঙ) চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোকে  উদ্দীপক বোলে ǀ

৪। তলৰ তালিকাৰ কোনবিলাক জড়?

নাঙল, কাঠফুলা, চিলাই মেচিন, ৰেডিঅ, নাও, পানী, মেটেকা, কেঁচু।

উত্তৰঃ নাঙল, চিলাই মেচিন, ৰেডিঅ, আৰু নাও।

৫। জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা। এবিধ জড় পদাৰ্থৰ নাম লিখা।

উত্তৰঃ 

৬। তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল?

মাখন, চামৰা, মাটি, ঊণ, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ।

উত্তৰঃ মাখন, চামৰা, ঊণ, ৰন্ধন তেল, আপেল আৰু ৰবৰ।

৭। জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা

 উত্তৰঃ

জীৱৰ সাধাৰণ বৈশিষ্ট্য
১) জীৱক খাদ্যৰ প্ৰয়োজন হয়।
২) জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে।
৩) জীৱই প্ৰজনন কৰে।
৪) জীৱই পৰিবেশৰ প্ৰতি সঁহাৰি জনায়।
৫) জীৱৰ বৃদ্ধি আৰু মৃত্যু হয়।
৬) সঞ্চালন দেখুৱায়।

৮। তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্ৰয়োজনীয় কিয়, বাখ্যা কৰা।

উত্তৰঃ