Class 12 Assamese Chapter 6 Question Paper (Part-2)

আঘোণৰ কুঁৱলী

H.S. পৰীক্ষাত অহা প্রশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                                                                                                     মূল্যাংক : ১

১। কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগী গ্ৰন্থৰ নাম লিখাঁ ৷ [HS ‘10]

২। কবি কেশৱ মহন্তৰ এখন গীতৰ পুথিৰ নাম লিখা । [ HS ‘11]

৩। কোনখন কিতাপৰ বাবে কেশৱ মহন্তই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ? [HS ‘12, ‘17]

৪। ‘পছোৱা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল ? [HS ‘13,15,16]

৫। অঘোণৰ কুঁৱলীয়ে কি ভেটিছে? [HS ‘14] |

(খ) চমু প্রশ্নাৱলী :                                                                                                    মূল্যাংক : ২/৩

১। কেশৱ মহন্তৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা। [HS ‘09]

২। আঘোণৰ আকাশত কিহৰ ৰাগি আছে? [HS ‘12]

৩। ‘জয়ন্তী’ আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল ?[HS ‘13,15,16]

৪। কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰনাম লিখা। [HS’14]

৫। আঘোণৰ পথাৰত কিহৰ ৰাগি আছে ? [HS ‘17]

৬। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা ।[HS’18]

৭। ‘ডাঙৰি’ আৰু ‘তৰা-জৰী’ শব্দ দুটাৰ অৰ্থ লিখা। [HS ‘18 ]

(গ) ৰচনাধৰ্মী প্রশ্নাৱলী :                          মূল্যাংক : ৪/৫

১। ‘আঘোণৰ কুঁৱলী’ত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। [HS ‘09, ‘17]

২। আঘোণৰ পথাৰৰ মন-পৰশা চিত্ৰ ‘আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।[HS 10, 11]

৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে কাম আছে

মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,

আঘোণৰ পথাৰত কাম আৰু কাম।[HS ‘09, 13, 15].

(খ) আঘোণৰ আকাশেদি কোনোবা বিললে’

 মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল ।

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি । [HS 14]

(গ) অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি

চাবওতো পাৰিলোঁহেতেন

এইজাক দাৱনীৰ মাজতে আছিল নেকি

সেউতীও মোৰ ?

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি

একোকে নমনি। [HS ‘17]

(ঘ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি । [HS ‘18]

Type: Himashree Bora.