Class 12 Assamese Chapter 7 Question Paper (Part-2)

উভতি নহাৰ কবিতা

অতি চমু প্রশ্নাৱলী :                                মূল্যাংক : ১

১। ‘উভতি নহাৰ কবিতা’ কবিতাটি কোনখন কাব্য-সংকলনৰ পৰা লোৱা হৈছে? [HS ‘09,’11]

২। নৱকান্ত বৰুৱাই ৰচনা কৰা যি কোনো এখন কাব্যগ্ৰন্থৰ নাম লিখাঁ । [HS ‘10]

৩। ‘তামীঘৰা’ শব্দটোৰ অৰ্থ লিখা । [HS ‘12, ‘17]

৪। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ’ – ইয়াত ‘জীয়াৰ’ শব্দটোৰ অর্থ কি? [HS ‘13]

৫। নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল? [HS ‘14]

৬। কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি ? [HS’15]

৭। কবি জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ কি? [HS ‘16]

৮। উভতি নহাৰ কবিতা’টি কোন শ্ৰেণীৰ কবিতা ? [HS 18]

(খ) চমু প্রশ্নাৱলী:                                           মূল্যাংক: ২/৩

১। নৱকান্ত বৰুৱাৰ কাব্যকৃতি চমুকৈ আলোচনা কৰা। [HS ‘11]

২। কবি নৱকান্ত বৰুৱাই লিখা তিনিখন কবিতাপুথিৰ নাম লিখা।[HS ‘12]

৩। নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা ।[HS ‘13, ‘17]

৪। নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা।[HS ‘14]

৫। কবি নৱকান্তই কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে, চমুকৈ লিখা । [HS ‘15]

৬। বকুল তলৰ ফুল কোনে বুটলিব বুলি করিয়ে ভাবিছে? [HS’16]

৭। কবিয়ে জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে? জীয়াই থকাৰ ধেমালিটো কেইবাৰ, কেনেদৰে কৰাৰ কথা কৈছে বুজাই লিখা[HS’17]

৮। নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা । [HS ‘18]

(গ) ৰচনাধর্মী প্রশ্নাৱলী :                                          মূল্যাংক : ৪/৫

১। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা :

(ক) বকুল তলত ফুল পৰি ৰ’

মইতো নহয়, কোনোবাই বুটলিব

মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। [HS ‘09]

(খ) ‘মাথোন এই পৃথিৱীখনক ভাল পাই গ’লোঁ

এই কথাটোকে কিমানবাৰ যে ক’লোঁ

কিমান ভাবেৰে ক’লো….. [HS ‘10]

(গ) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

সেই মন্ত্রকে গালোঁ

জীয়াই থকাৰ ধেমালিটো ম‍ই

এবাৰেই খেলি গ’লোঁ । [HS ‘11, ‘12,14]

(ঘ) কোনোৱা আহিব মোৰ কোনো দিনা

মোৰ সুৰতেই বাজিব নতুন বীণা ?

ওহো সেয়া হ’ব নতুন মানুহ

সেই দিনো হ’ব নতুন দিন

মোৰ তাত একো নাথাকে চিন। [HS ‘16]

Type: Himashree Bora.