Class 12 Assamese Chapter 8 Question Paper (Part-2)

কৰুণতম

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                    মূল্যাংক : ১

১। ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতাপুথিখনৰ নাম কি ? [HS ‘12,14,’17]

২। ডঃ নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ

অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে ? [HS ‘13]

৩। কোনখন গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?  [HS ‘15]

8 ‘কৰুণতম’নামক কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে? [HS ‘16,’18]

(খ) চমু প্রশ্নাৱলী :                                          মূল্যাংক : ২/৩

১। ‘কৰুণতম’ কবিতাটিত অসমৰ গ্ৰাম্যজীৱনৰ ছবি কেনেদৰে প্ৰকাশ পাইছে? [HS ‘13]

২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা ৷ [HS ‘14,’15]

৩। আহিনৰ গোন্ধত কবিয়ে কাক পোৱা যেন অনুভৱ হয় ? [HS ‘14]

৪। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা । [HS ‘16,’18]

৫। আহিনৰ গোন্ধ পালে পিতৃক আৰু দোকানৰ গামোছাৰ সুবাসত মাতৃক কবিয়ে কেনেদৰে পায়, বুজাই লিখা ৷ [HS ‘16]

৬। আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে ? [HS ‘17]

৭। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) ম‍ই মোক

মোৰ সন্তানৰ কাৰণে

ক’ত থৈ যাম

ক’ত ? [HS ‘18]

Type: Himashree Bora.