Lesson 7 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ সপ্তম অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় |

১। তীৰ্থভ্ৰমণলৈ যাওঁতে শংকৰদেৱৰ লগত কোন কোন ওলাইছিল? তেওঁলোকে কি কি ঠাই চাইছিল?

উত্তৰঃ- তীৰ্থভ্ৰমণলৈ যাওঁতে শংকৰদেৱৰ লগত সোতৰজন সংগী ওলাইছিল। লগতে তেখেতৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী আৰু পৰমানন্দ, সৰ্বজয়, ৰামৰায়কে মুখ্য় কৰি ভালেমান লোক ওলাইছিল। তেওঁলোকে জগন্নাথ, পুৰী, মথুৰা, বৃন্দাবন, প্ৰয়াগ, বদৰিকাশ্ৰম, দ্বাৰকা, বাৰাণসীকে আদি কৰি বিভিন্ন ঠাই চাইছিল। 

২। শংকৰদেৱ ভ্ৰমণলৈ যাবলৈ ওলাই খেৰসুতীক সোধোঁতে কি কথাৰ কাৰণে খেৰসুতীৰ মনটো মোচৰ খাই উঠিছিল ?

উত্তৰঃ- শংকৰদেৱ ভ্ৰমণলৈ যাবলৈ ওলাই খেৰসুতীৰ সোধোঁতে খেৰসুতীয়ে শংকৰক হকা-বধা নকৰিলে যদিও পথ-কষ্টৰ কথা ভাবি খেৰসুতীৰ মনটো মোচৰ খাই উঠিছিল।

৩। সূৰ্যৱতীৰ বিষয়ে চমুকৈ লিখাঁ ।

উত্তৰঃ- সূৰ্যৱতী আছিল তেওঁলোকৰ একে কুলৰে (কায়স্থ) হৰিবৰ গিৰীৰ জীয়ৰী। শংকৰদেৱৰ লগত সূৰ্যৱতীৰ বিয়া ঠিক কৰা হৈছিল আৰু তেওঁলোকৰ বিয়াও হৈছিল। সময়ত শংকৰদেৱ আৰু সূৰ্যৱতীৰ মাজলৈ আহিছিল এজনী ছোৱালী। তাইৰ নাম ৰাখিছিল মনু। এনেতে শংকৰদেৱৰ পত্নী তথা মনুৰ মাতৃ সূৰ্যৱতীৰ মূত্য়ু ঘটিছিল।

Type Sumit Patar.

Author By- Himadree Bora

Post ID : DABP006629