Lesson 8 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ অষ্টম অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় কোন কোন ওলাইছিল ? তেওঁলোকে কি কি ঠাই চাইছিল ?

অনুশীলনীঃ

১। শংকৰদেৱে মুঠতে কিমান ভ্ৰমণ কৰিছিল ? ভ্ৰমণৰপৰা উভতি অহা শংকৰদেৱৰ মাত শুনি ওলাই আহোঁতে খেৰসুতীয়ে  কত কেনেকৈ আঘাত পাইছিল?

উত্তৰঃ- শংকৰদেৱে সুদীৰ্ঘ বাৰটা বছৰ ভ্ৰমণ কৰিছিল। ভ্ৰমণৰপৰা উভতি অহা শংকৰদেৱৰ মাত শুনি খেৰসুতী ওলাই আহোঁতে বিছনাত উজুটি খাই খেৰসুতীয়ে আঁঠুত আঘাত পাইছিল।

২। শংকৰদেৱৰ নিৰ্দেশত নামঘৰ কত সজা হৈছিল ? এই ঘৰ কি উদ্দেশ্য তেওঁ সজাইছিল আৰু কেনেকৈ সাজিছিল  বিৱৰি লিখাঁ ।

উত্তৰঃ- পিতাকে খেতি কৰা সৰিয়হতলীত। এই ঘৰ নিৰলে কৃষ্ণৰ কথা আলোচনা কৰিবলৈ, নাম-প্ৰসংগ কৰিবলৈ, হৰিনাম ল’বলৈ, কৃষ্ণৰ গুনানুকীৰ্তন কৰিবলৈ এই ঘৰ সজা হৈছিল আৰু এই ঘৰ পৰমানন্দ, জগতানন্দ, তুলসীৰাম আদি সংগীসকলে লগ হৈ সাজিছিল।

৩। শংকৰদেৱে লিখা প্ৰথম নাটখনৰ নাম কি ? এই নাট কেনেকৈ কি উপায়েৰে তেওঁ দৰ্শকক বুজাইছিল  ?

উত্তৰঃ- শংকৰদেৱে লিখা প্ৰথম নাট খনৰ নাম হ’ল চিহ্নযাত্ৰা। এই নাট শ্ৰী কৃষ্ণৰ গোলোক ধামকে আৰম্ভ কৰি সাত বৈকুণ্ঠৰ ৰঙীন চিত্ৰ এখন এখনকৈ দৰ্শকক দেখুৱাইছিল।

৪। চমু টোকা লিখাঁ ঃ চিহ্নযাত্ৰা 

উত্তৰঃ- চিহ্নযাত্ৰা ভাওনাখন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। আৰু তেওঁৰ পিতাকৰ সৰিয়হতলীত সাজি উলিওৱা নামঘৰটোত এই ভাওনাখন কৰিছিল। চিহ্নযাত্ৰা নাটকৰ চিত্ৰবোৰৰ কাহিনী আৰু তাৰ অৰ্থ শংকৰদেৱে সহযোগীসকলৰ লগত অংগি-ভংগিৰে, নাচি-বাগি অভিনয় কৰি দেখুৱাইছিল। এফালৰপৰা শ্ৰীকৃষ্ণৰ গোলোক ধামকে আৰম্ভ কৰি সাত বৈকুণ্ঠৰ ৰঙীত চিত্ৰ এখন এখনকৈ দৰ্শকক দেখুৱাইছিল। 

       শঙ্কৰদেৱে সৃষ্টিকৰা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। প্ৰকৃততে সেয়াই আছিল অসমত অংকীয়া নাট-ভাওনা অভিনয়ৰ প্ৰথম খোজ।

Question Type : Sumit Patar.

Answer Type : Himadree Bora.

Post ID : DABP006631