Class 8 Social Scienc Chapter 14 MCQs । ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ

Chapter 14

(১) কিমান খ্ৰীষ্টাব্দত বিহাৰৰ জিলাধিপতি এজনে সতীদাহ প্ৰথা ৰোধ কৰিবলৈ লৰ্ড ৱেলেচলিক সৰ্বপ্ৰথমে লিখিত অনুৰোধ কৰিছিল ?

(ক) ১৮০২ খ্ৰীষ্টাব্দত

(খ) ১৮০৬ খ্ৰীষ্টাব্দত

(গ) ১৯০৫ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৮০৬ খ্ৰীষ্টাব্দত

(২) ৰাজা ৰামমোহন ৰায়ে কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে ?  

(ক) ১৮৩০ খ্ৰীষ্টাব্দত

(খ) ১৮১৮ খ্ৰীষ্টাব্দত

(গ) ১৮২৮ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮২৮ খ্ৰীষ্টাব্দত

(৩) ১৮৩০ খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ে কি নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয় ?

(ক) বামুণ সমাজ

(খ) ব্ৰাহ্ম সমাজ

(গ) ব্ৰাহ্মন সমাজ

উত্তৰঃ (খ) ব্ৰাহ্ম সমাজ

(৪) পৰৱৰ্তী সময়ত ৰাজা ৰাম মোহন ৰায়ৰ সহযোগী কোন আছিল ?

(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দেউতাক আছিল

(খ) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আছিল

(গ) ৰবীন্দ্ৰ নাথ ঠাকুৰৰ মাক আছিল

উত্তৰঃ (ক) ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দেউতাক আছিল

(৫) স্ত্ৰী শিক্ষাৰ ওপৰত কোনে গুৰুত্ব প্ৰদান কৰিছিল ?

(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰে

(খ) তেখেতৰ দেউতাকে

(গ) ৰাজা ৰাম মোহন ৰায়ে

উত্তৰঃ (গ) ৰাজা ৰাম মোহন ৰায়ে

(৬) মহাৰাষ্ট্ৰত কোনে ১৮৬৭ খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল ?

(ক) উইলিয়াম বেণ্টিক

(খ) লৰ্ড ডেলহাউচি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(৭) ব্ৰাহ্ম সমাজৰ লগত বহুলাংশে মিল থকা পঞ্জাৱত স্থাপিত হোৱা সংগঠনটোৰ নাম কি ?

(ক) ব্ৰাহ্ম সমাজ

(খ) ব্ৰাহ্মণ সমাজ

(গ) আৰ্য সমাজ

উত্তৰঃ (গ) আৰ্য সমাজ

(৮) ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল ?

(ক) স্বামী দয়ানন্দ সৰস্বতী

(খ) স্বামী বিবেকানন্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্বামী দয়ানন্দ সৰস্বতী

(৯) দয়ানন্দৰ বিশ্বাসী কোন আছিল ?

(ক) দেৱতাসকল

(খ) ভূত-পেত

(গ) ঈশ্বৰ

উত্তৰঃ (গ) ঈশ্বৰ

(১০) স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল ?

(ক) হেম সৰস্বতী

(খ) মূল শংকৰ

(গ) বিদ্যা শংকৰ

উত্তৰঃ (খ) মূল শংকৰ

(১১) কোনে ইছলাম ধৰ্মৰ অনুকৰণত হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণৰ ব্যৱস্থা কৰিছিল ?

(ক) ছাৰ ছৈয়দ আহমদ খানে

(খ) স্বামী বিবেকানন্দই

(গ) স্বামী দয়ানন্দ সৰস্বতীয়ে

উত্তৰঃ (গ) স্বামী দয়ানন্দ সৰস্বতীয়ে

(১২) স্বামী দয়ানন্দ সৰস্বতীয়ে সমাজ সংস্কাৰৰ সৈতে সংগতি ৰাখি লিখা গ্ৰন্থখনৰ নাম কি ?

(ক) সমাজ কল্যাণ

(খ) সত্যৰথ প্ৰকাশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সত্যৰথ প্ৰকাশ

(১৩)  ৰামকৃষ্ণ পৰমহংসৰ কলিকতাৰ কি মন্দিৰৰ পূজাৰী আছিল ?

(ক) শিৱ মন্দিৰৰ

(খ) কালি মন্দিৰৰ

(গ) বিষ্ণু মন্দিৰৰ

উত্তৰঃ (খ) কালি মন্দিৰৰ

(১৪) ‘এংলো অৰিয়েণ্টেল কলেজ’ত কি শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ?

(ক) বিজ্ঞান শিক্ষাৰ ওপৰত

(খ) ইংৰাজী শিক্ষাৰ ওপৰত

(গ) হিন্দী শিক্ষাৰ ওপৰত

উত্তৰঃ (ক) বিজ্ঞান শিক্ষাৰ ওপৰত

(১৫) কাৰ দিনত ভাৰতত সৰ্বপ্ৰথম মাটিৰ পট্টা দিয়া কাম আৰম্ভ হৈছিল ?

(ক) লৰ্ড হেষ্টিংছৰ দিনত

(খ) লৰ্ড ডেলহাউচিৰ দিনত

(গ) উইলিয়াম বেণ্টিকৰ দিনত

উত্তৰঃ (ক) লৰ্ড হেষ্টিংছৰ দিনত

(১৬) কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্যৰ পুনৰুত্থান হৈছিল ?

(ক) লৰ্ড হেষ্টিংছৰ দিনত

(খ) উইলিয়াম বেণ্টিকৰ দিনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১৭) কিমান খ্ৰীষ্টাব্দত বংগদেশ, বিহাৰ আৰু উৰিষ্যাত প্ৰথমে চিৰস্থায়ী বন্দবস্তৰ সূচনা কৰিছিল ?

(ক) ১৭৯১ খ্ৰীষ্টাব্দত

(খ) ১৭৯২ খ্ৰীষ্টাব্দত

(গ) ১৭৯৩ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭৯৩ খ্ৰীষ্টাব্দত

(১৮) কাৰ দিনত ১৮৫৪ খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল ?

(ক) লৰ্ড হেষ্টিংছনৰ দিনত

(খ) লৰ্ড ডেলহাউচিৰ দিনত

(গ) ৰামকৃষ্ণ মিছনৰ দিনত

উত্তৰঃ (খ) লৰ্ড ডেলহাউচিৰ দিনত

(১৯) কিমান খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্ৰতিষ্ঠা কৰি পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল ?

(ক) ১৮৯৪ খ্ৰীষ্টাব্দত

(খ) ১৮৯৫ খ্ৰীষ্টাব্দত

(গ) ১৮৯৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮৯৭ খ্ৰীষ্টাব্দত

(২০) বংগদেশৰ ৰাজা ৰামমোহন ৰায়ৰ সহযোগত উইলিয়াম বেণ্টিকে কি বন্ধ কৰে ?

(ক) কন্যা সন্তান হত্যা কৰা

(খ) সতীদাহ প্ৰথা

(গ) ডাইনী সন্দেহ

উত্তৰঃ (খ) সতীদাহ প্ৰথা