পুতলা নাচ | AJB Class 6 Assamese Chapter 15 Short Question and Answer Assamese Medium |

১। কোন গাঁৱৰ গাওঁবাসীৰ মনবোৰ আজি আনন্দত উত্ৰাৱল হৈ আছে?

ক) কমলপুৰ গাঁৱৰ

খ) তামোলপুৰ গাঁৱৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কমলপুৰ গাঁৱৰ।

২। কিমান বছৰৰ মূৰত গাঁওখনত পুতলা নাচৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে?

ক) প্ৰায় পাঁছ বছৰৰ মূৰত

খ) প্ৰায় দহ বছৰৰ মূৰত

গ) প্ৰায় পোন্ধৰ বছৰৰ মূৰত

উত্তৰঃ খ) প্ৰায় দহ বছৰৰ মূৰত।

৩। সেই গাঁৱৰ গাওঁ বুঢ়া জনৰ নাম কি আছিল?

ক) হৰিধন

খ) নোমল বৰা

গ) ৰাম মহন্ত

উত্তৰঃ খ) নোমল বৰা।

৪। গাওঁবুঢ়াৰ নাতিয়েকৰ নাম কি?

ক) ৰতন

খ) ৰিকি

গ) ৰহিম

উত্তৰঃ ক) ৰতন।

৫। পুতলাক সংস্কৃত ভাষাত কি বোলা হয়?

ক) কাঠৰ পুতলা

খ) পাঞ্চালিকা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পাঞ্চালিকা।

৬। পুতলাৰ বিভিন্ন অংগ-ভংগিৰ লগত সংগতি ৰাখি কোনে পেঁপাৰে মাত উলিয়াই থাকে?

ক) সূত্ৰধাৰে

খ) অভিনেতাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সূত্ৰধাৰে।

৭। পুতলা নাচৰ পুতলাক মূলত: কেইটা ভাগত ভগাব পাৰি?

ক) চাৰিভাগত

খ) ছয়ভাগত

গ) দুইভাগত

উত্তৰঃ ক) চাৰিভাগত।

৮। অসমত প্ৰচলিত কাঠ পুতলাবোৰ কিহৰ সহায়ত গঢ়া হয়?

ক) কাঠৰ সহায়ত

খ) কুঁহিলাৰ সহায়ত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কুঁহিলাৰ সহায়ত।

৯। একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে?

ক) ছয়-সাতজনকৈ

খ) চাৰি-পাঁছজনকৈ

গ) দুই-তিনিজনকৈ

উত্তৰঃ ক) ছয়-সাতজনকৈ।

১০। যিয়ে নৃত্য কৰে,তেওঁক কি বোলে?

ক) গীতিকাৰ

খ) পৰিচালক

গ) নৃত্যকাৰ

উত্তৰঃ গ) নৃত্যকাৰ।

১১। জন্ম শব্দৰ বিপৰীত অৰ্থ কি?

ক) মৃত্যু

খ) পুনৰ জনম

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মৃত্যু।

১২। ক’লা শব্দৰ বিপৰীত অৰ্থ কি?

ক) নীলা

খ) হালধীয়া

গ) বগা

উত্তৰঃ গ) বগা।

১৩। যিয়ে অভিনয় কৰে,তেওঁক কি বোলে?

ক) গীতিকাৰ

খ) অভিনেতা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অভিনেতা।

১৪। নাচ শব্দৰ সমাৰ্থক শব্দ কি?

ক) গান

খ) নৃত্য

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নৃত্য।

১৫। উত্ৰাৱল শব্দৰ অৰ্থ কি?

ক) কি কৰোঁ কি নকৰোঁ অৱস্থা

খ) আন কোনো ফালে মন নকৰাকৈ

গ) জনা-বুজা

উত্তৰঃ ক) কি কৰোঁ কি নকৰোঁ অৱস্থা।

১৬। বিশাৰদ শব্দৰ অৰ্থ কি?

ক) পাৰ্গত

খ) মুৰব্বী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পাৰ্গত।

১৭। কোনে অংকীয়া নাটৰ সৃষ্টি কৰিছিল?

ক) মাধৱদেৱে

খ) শংকৰদেৱে

গ) ভট্টদেৱে

উত্তৰঃ খ) শংকৰদেৱে ।

১৮। পুতলাবোৰ কি?

ক) জীৱ

খ) জড়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) জড়।

১৯। একান্তমনে শব্দৰ অৰ্থ কি?

ক) আন কোনো ফালে মন নকৰাকৈ

খ) মুৰব্বী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আন কোনো ফালে মন নকৰাকৈ।

২০। মুখিয়াল শব্দৰ অৰ্থ কি?

ক) পাৰ্গত

খ) মুৰব্বী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মুৰব্বী।