লংকাৰ সম্বাদ কি? | AJB Class 6 Assamese Chapter 2 Short Question and Answer Assamese medium |

১। এই পাঠটোত উল্লেখ কৰা ওচৰা-উচৰি গাওঁ দুখনৰ নাম কি?

ক) বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ

খ) মৰিগাওঁ আৰু ৰজাগাওঁ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ।

২। এই পাঠটিৰ লেখক কোন?

ক) মিত্ৰদেৱ মহন্ত

খ) ভোলানাথ দাস

গ) নৱকান্ত বৰুৱা

উত্তৰঃ খ) ভোলানাথ দাস।

৩। এই পাঠটিৰ লেখক জনৰ কিমান চনত জন্ম হৈছিল?

ক) ১৮৫৫ চনত

খ) ১৯৯৯ চনত

গ) ১৮৫৮ চনত

উত্তৰঃ গ) ১৮৫৮ চনত।

৪। তেখেতৰ ক’ত জন্ম হৈছিল?

ক) যোৰহাটত

খ) নগাঁৱত

গ) লক্ষ্মীমপুৰত

উত্তৰঃ খ) নগাঁৱত।

৫। তেখেতৰ কি মাহত জন্ম হৈছিল?

ক) জানুৱাৰী মাহত

খ) ফেব্ৰুৱাৰী মাহত

গ) জুলাই মাহত

উত্তৰঃ গ) জুলাই মাহত।

৬। তেখেতৰ পিতৃৰ নাম  কি আছিল?

ক) নৱকান্ত বৰুৱা

খ) বাপীৰাম দাস

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বাপীৰাম দাস।

৭। তেখেতৰ মাতৃৰ নাম কি আছিল?

ক) পদ্মাৱতী

খ) ভদ্ৰেশ্বৰী দাস

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পদ্মাৱতী।

৮। তেখেতে কিমান চনত নগাঁৱৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়?

ক) ১৮৮৮ চনত

খ) ১৮৭৯ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৮৭৯ চনত।

৯। দৈৱাৎ শব্দৰ অৰ্থ কি?

ক) অকস্মাৎ

খ) দুৱাৰ

গ) ওপৰৰ এটাও নহ।

উত্তৰঃ ক) অকস্মাৎ।

১০। কুৎসা শব্দৰ অৰ্থ কি?

ক) কুৎচিত

খ) বদনাম

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বদনাম।

১১। বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ দুখন কেনেকুৱা আছিল ?

ক) মিল আছিল

খ) মিল নাছিল

গ) বুজা-বুজি আছিল

উত্তৰঃ খ) মিল নাছিল।

১২। বৈদাৎ গাওঁ দুখনৰ মাজত কি হ’ল ? 

ক) ডাঙৰ কাজিয়া

খ) দুয়োখন গাওঁৰ লৰা-ছোৱালীৰ মাজত বিয়া

গ) একো হোৱা নাছিল

উত্তৰঃ খ) দুয়োখন গাওঁৰ লৰা-ছোৱালীৰ মাজত বিয়া।

১৩। বান্দৰবিলাক কাৰ লগত লংকালৈ গৈছিল ?

ক) ৰামৰ লগত

খ) কুমাৰীগঞাৰ লগত

গ) বুঢ়াবিলাকৰ লগত।

উত্তৰঃ ক) ৰামৰ লগত।

১৪। আদহীয়াবিলাকে উত্তৰ দিলে নে ?

ক) দিলে

খ) নিদিলে

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) দিলে।

১৫। ডেকাসকলে কুমাৰীগঞাহঁতক কি বুলি কোৱাত বাট এৰি দিলে ?

ক) উত্তৰ সভাস্থলত দিম

খ) মই দুখীয়া মানুহ

গ) এটাও নহয়

উত্তৰঃ ক) উত্তৰ সভাস্থলত দিম।

১৬। লংকালৈ গৈ কিছু সোণ আনোতে তেওংলোকৰ দুখ নাইকিয়া হ’ল নে ?

ক) হ’ল

খ) নহ’ল

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) হ’ল।

১৭। ভোলানাথ দাসৰ কিমান চনত জন্ম হৈছিল ?

ক) ১৮৯৬ চনত

খ) ১৯৫৫ চনত

গ) ১৮৫৮ চনত

উত্তৰঃ গ) ১৮৫৮ চনত।

১৮। নিমিত্তে শব্দৰ অৰ্থ কি ?

ক) দুৰ্নাম

খ) কাৰণে

গ) বাধা

উত্তৰঃ খ) কাৰণে।

১৯। আলহ-দুলহকৈ শব্দৰ অৰ্থ কি ?

ক) কাজিয়া

খ) দন্দ

গ) আদৰ-সাদৰকৈ

উত্তৰঃ গ) আদৰ-সাদৰকৈ।

২০। দৈৱাৎ শব্দৰ অৰ্থ কি ?

ক) হঠাৎ

খ) নিন্দা

গ) বদনাম

উত্তৰঃ ক) হঠাৎ।