Class 4 Science Chapter 6 MCQ’s Jatiya Bidyalay | গুটি বা বীজ | AJB Class 4 Science Chapter 6 MCQ’s Assamese Medium | Class 4 Science Chapter 6 | MCQ’s Type Question Answer |

Chapter- 6

গুটি বা বীজ

১। প্ৰায়ভাগ ফুলৰে প্ৰধান কেইটা অংশ থাকে ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰ- (গ) ৪ টা ।

২। পুংকেশৰৰ মূৰটো কেনেকুৱা ?

(ক) চেপেটা

(খ) টেমুনা

(গ) গোটা

উত্তৰ- (খ) টেমুনা ।

৩। সকলো ফুলৰ ভিতৰত মৌৰস থাকে নে নাথাকে ?

(ক) নাথাকে

(খ) থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নাথাকে ।

৪। ফুলৰ কেইটা ৰং থাকে ?

(ক) ৫ টা

(খ) ৪ টা

(গ) বিভিন্ন

উত্তৰ- (গ) বিভিন্ন ।

৫। ফুলৰ ৰং আৰু গোন্ধই কাক আকৰ্ষণ কৰে ?

(ক) পখিলাক

(খ) গৰু-ছাগলীক

(গ) উদ্ভিদক

উত্তৰ- (ক) পখিলাক ।

৬। নতুন গছৰ জন্ম হ’বলৈ কিহৰ প্ৰয়োজন ?

(ক) গৰ্ভাশয়ৰ আৰু পাহীৰ

(খ) পৰাগৰেণু আৰু ডিম্বকৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পৰাগৰেণু আৰু ডিম্বকৰ ।

৭। কাৰ সহায়ত গছৰ বংশবৃদ্ধি হয় ?

(ক) পাতৰ সহায়ত

(খ) বাকলিৰ সহায়ত

(গ) গুটিৰ সহায়ত

উত্তৰ- (গ) গুটিৰ সহায়ত ।

৮। এটা গুটি থকা ফলটো কোনটো ?

(ক) আপেল

(খ) লিঁচু

(গ) কঁঠাল

উত্তৰ- (খ) লিঁচু ।

৯। অসংখ্য গুটি থকা ফলটো কোনটো ?

(ক) আম

(খ) বগৰী

(গ) কঁঠাল

উত্তৰ- (গ) কঁঠাল ।

১০। গুটি গজিবলৈ সঠিক পৰিমাণৰ কি লাগে ?

(ক) পানী, বায়ু আৰু তাপ

(খ) পানী আৰু তাপ

(গ) তাপ আৰু মাটি

উত্তৰ- (ক) পানী, বায়ু আৰু তাপ ।

Type by- Bikul Mandal