AJB Class 6 Social Science Book Chapter 17 | আঞ্চলিক ভূগোল অসম | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 17

আঞ্চলিক ভূগোল অসম

১। আঞ্চলিক ভূগোল কাক বোলে ?

উত্তৰঃ ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে ।

২। অসমৰ সীমাত থকা  বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি ?

উত্তৰঃ অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম হ’ল ভূটান আৰু বাংলাদেশ ।

৩। অসম ভাৰতৰ ক’ত অৱস্থিত ৰাজ্য় ?

উত্তৰঃ অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্য় ।

৪। অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিমি. ?

উত্তৰঃ অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিমি. ।

৫। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন কেইখন ৰাজ্য় আছে ?

উত্তৰঃ ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য় আছে ।

৬। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য়ৰ নাম কি ?

উত্তৰঃ ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য়ৰ নাম হ’ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ ।

৭। নৈৰ দাঁতিকাষৰীয়া অঞ্চলক কি অঞ্চল বোলে ?

উত্তৰঃ নৈৰ দাঁতিকাষৰীয়া অঞ্চলক উপত্যকা অঞ্চল বোলে ।

৮। অসমক কেইটা ভৌগোলিক অঞ্চলত ভগাব পাৰি ?

উত্তৰঃ অসমক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি ।

৯। অসমক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি সেইকেইটা কি কি ?

উত্তৰঃ সেইকেইটা হ’ল ব্ৰহ্মপুত্ৰ উপত্য়কা, বৰাক উপত্য়কা আৰু কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া জিলা ।

১০। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি ?

উত্তৰঃ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হ’ল বৰাইল পাহাৰ ।

১১। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ লাইকেই কিমান মিটাৰ ?

উত্তৰঃ বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃৃংগ লাইকেই ১৯৫৯ মিটাৰ ।

১২। কাৰ্বি মালভূমিৰ ওখ শৃংগ দুটাৰ নাম কি ?

উত্তৰঃ কাৰ্বি মালভূমিৰ ওখ শৃংগ দুটাৰ নাম হ’ল সিংহাসন আৰু ডাম্বুকছো ।

১৩। সিংহাসন কিমান মিটাৰৰ ?

উত্তৰঃ সিংহাসন ১৩৬৯ মিটাৰৰ ।

১৪। ডাম্বুকছো কিমান মিটাৰৰ ?

উত্তৰঃ ডাম্বুকছো ১৩৬৩ মিটাৰৰ ।

১৫। আমাৰ ৰাজ্য়খন কি জলবায়ু অঞ্চলৰ অন্তৰ্গত ?

উত্তৰঃ আমাৰ ৰাজ্য়খন মৌছুমি জলবায়ু অঞ্চলৰ অন্তৰ্গত ।

১৬। অসম এখন কি প্ৰধান ৰাজ্য় ?

উত্তৰঃ অসম এখন নদী প্ৰধাল ৰাজ্য় ।

১৭। অসমৰ প্ৰধান নদী কেইখন ?

উত্তৰঃ অসমৰ প্ৰধান নদী দুখন ।

১৮। অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰধান নদী দুখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

১৯। কি কি মাহত বৰদৈচিলা নামৰ বিশেষ স্থানীয় বতাহ প্ৰবাহিত হয় ?

উত্তৰঃ মাৰ্চ-এপ্ৰিল মাহত বৰদৈচিলা নামৰ বিশেষ স্থানীয় বতাহ প্ৰবাহিত হয় ।

২০। কিমান শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে ?

উত্তৰঃ ৮৬ শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে ।