Class 4 Assamese Book Chapter 10 | বৰদৈচিলা | MCQs Short Question Answer SCERT School |

Chapter 10

বৰদৈচিলা

১। বৰদৈচিলাৰ কবিতাটোৰ কবিজনৰ নাম কি ?

(ক) হেমচন্দ্ৰ গোস্বামী

(খ) নৱকান্ত বৰুৱা

(গ) অম্বিকাগিৰি ৰায় চৌধুৰী

উত্তৰঃ (ক) হেমচন্দ্ৰ গোস্বামী

২। বৰদৈচিলাৰ লগৰীয়া কোন ?

(ক) গছ-গছনি

(খ) যত বা-মাৰলি

(গ) ঘৰ-দুৱাৰ

উত্তৰঃ (খ) যত বা-মাৰলি

৩। মাকে বৰদৈচিলাক কি দিব ?

(ক) কাকৈ ফণি

(খ) কাপোৰ-কানি

(গ) মাধৈ ফুল

উত্তৰঃ (গ) মাধৈ ফুল

৪। পদ্য়টোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?

(ক) লাহে-ধীৰে যাবলৈ কৈছে

(খ) পজাঁ কেইটা ভালে থব দিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লাহে-ধীৰে যাবলৈ কৈছে

৫। বাপেৰাই বৰদৈচিলাক কি দিব বুলি কৈছে ?

(ক) কেৰু

(খ) কাকৈ ফণি

(গ) খাৰু

উত্তৰঃ (গ) খাৰু

৬। কিমান বছৰমান আগতে ‘ৰঙালী বিহু’ক ‘চ’তৰ বিহু’ বুলি কয় ?

(ক) ৫০বছৰ

(খ) ৬০বছৰ

(গ) ৪০বছৰ

উত্তৰঃ (ক) ৫০বছৰ

৭। ব’হাগ বিহুৰ আগে-পাছে কি আহে ?

(ক) উৰুকা

(খ) বৰদৈচিলা

(গ) বৰষুণ

উত্তৰঃ (খ) বৰদৈচিলা

৮। জহকালি কিহৰ পাটীত শুলে গা-মন জুৰ পৰে ?

(ক) ঢাৰিত

(খ) বিছনাত

(গ) শীতল

উত্তৰঃ (গ) শীতল

৯। ভায়েৰাই কি দিব বুলি পাঠটোত কোৱা হৈছে ?

(ক) কেৰু

(খ) মাধৈ ফুল

(গ) কাপোৰ-কানি

উত্তৰঃ (ক) কেৰু

১০। চ’তৰ বিহুত বৰদৈচিলা কাৰ ঘৰলৈ যায় ?

(ক) উৰিবলৈ

(খ) মাকৰ ঘৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাকৰ ঘৰলৈ