Class 4 Social Science Chapter 8 MCQ’s Sankardev School | আমাৰ দেশ ভাৰতবৰ্ষ | Class 4 Social Science Chapter 8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8

আমাৰ দেশ ভাৰতবৰ্ষ

১। মধ্য়যুগত আমাৰ দেশক কি বোলা হৈছিল?

(ক) হিন্দুস্তান

(খ) ইণ্ডিয়া

(ঘ) আছাম

উত্তৰঃ (ক) হিন্দুস্তান।

২। ভাৰতবৰ্ষৰ ৰাজধানী কি?

(ক) দিছপুৰ

(খ) ইটানগৰ

(গ) নতুন দিল্লী

উত্তৰঃ (গ) নতুন দিল্লী।

৩। আমাৰ দেশত চৰকাৰে প্ৰধান ভাষা হিচাপে কেইটা আঞ্চলিক ভাষা গ্ৰহণ কৰিছে?

(ক) ২১ টা

(খ) ২২ টা

(গ) ২৩ টা

উত্তৰঃ (খ) ২২ টা।

৪। আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কেই বৰণীয়া?

(ক) দুইবৰণীয়া

(খ) তিনিবৰণীয়া

(গ) চাৰিবৰণীয়া

উত্তৰঃ (খ) তিনিবৰণীয়া।

৫। পতাকাখনৰ মাজত অৰ্থাৎ বগা অংশত থকা চক্ৰটোত কেইডাল দণ্ড আছে?

(ক) ২৪ডাল

(খ) ২৫ডাল

(গ) ২৬ডাল

উত্তৰঃ (ক) ২৪ডাল।

৬। কিমান চনৰ কিমান তাৰিখে কলকাতাত হোৱা কংগ্ৰেছ অধিৱেশনত জন-গণ-মন অধি গীতটো প্ৰথম গোৱা হয়?

(ক) ১৮১১ চনৰ ২৬ ডিচেম্বৰ

(খ) ১৯১১ চনৰ ২৭ ডিচেম্বৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৯১১ চনৰ ২৭ ডিচেম্বৰ।

৭। কিমান চনৰ কিমান তাৰিখে ইয়াক ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি প্ৰদান কৰা হয় ?

(ক) ১৯৭০ চনৰ ৩১ জানুৱাৰীত

(খ) ১৮৪৫ চনৰ ২২ জানুৱাৰীত

(গ) ১৯৫০ চনৰ ২৪ জানুৱাৰীত

উত্তৰঃ (গ) ১৯৫০ চনৰ ২৪ জানুৱাৰীত।

৮। পৰম্পৰা অনুসৰি এই গীতটো কিমান ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে?

(ক) ৫২ ছেকেণ্ডৰ

(খ) ৪৫ ছেকেণ্ডৰ

(গ) ৬০ ছেকেণ্ডৰ

উত্তৰঃ (ক) ৫২ ছেকেণ্ডৰ।

৯। বন্দে মাতৰম্ জাতীয় গীতটো কোনে ৰচনা কৰিছিল?

(ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

(খ) বংকিম চন্দ্ৰ চট্টোপাধ্য়ায়ে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বংকিম চন্দ্ৰ চট্টোপাধ্য়ায়ে।

১০। শাসন সুবিধাৰ বাবে ভাৰতবৰ্ষ কেইখন ৰাজ্য়?

(ক) ২৪

(খ) ২৫

(গ) ২৮

উত্তৰঃ (গ) ২৮।

Type By- Subhas Nath