Class 4 Social Science Chapter 9 MCQ’s Sankardev School | ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু | Class 4 Social Science Chapter 9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-9

ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু

১। মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে কিমান স্থান অধিকাৰ কৰি আছে?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) সপ্তম

উত্তৰঃ (গ) সপ্তম।

২। হিমালয় পৰ্বতমালাক প্ৰধানকৈ কেইটা শৃংখল বা শ্ৰেণীত বিভক্ত কৰিব পাৰি?

(ক) চাৰিটা

(খ) তিনিটা

(গ) পাঁচটা

উত্তৰঃ (খ) তিনিটা।

৩। জন্মু-কাশ্মীৰ উত্তৰ অংশত কি পৰ্বতমালা অৱস্থিত?

(ক) হিমালয় পৰ্বতমালা

(খ) আৰাৱলী পৰ্বতমালা

(গ) কাৰাকোৰম পৰ্বতমালা

উত্তৰঃ (গ) কাৰাকোৰম পৰ্বতমালা।

৪। জনসংখ্য়াৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰত কিমান স্থান অধিকাৰ কৰে?

(ক) দ্বিতীয়

(খ) প্ৰথম

(গ) অষ্টম

উত্তৰঃ (ক) দ্বিতীয়।

৫। ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কি ৰেখা পাৰ হৈ গৈছে?

(ক) দ্ৰাঘিমা ৰেখা

(খ) কৰ্কটক্ৰান্তি ৰেখা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কৰ্কটক্ৰান্তি ৰেখা।

৬। প্ৰাকৃতিক ভাৱে ভাৰতক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (গ) চাৰিটা।

৭। ভাৰতৰ উপকূল ভাগক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) চাৰিটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা।

৮। ভাৰতৰ সকলো ঠাইতে ঋতুভেদে কি জলবায়ু দেখা যায়?

(ক) বেলেগ বেলেগ

(খ) একে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বেলেগ বেলেগ।

৯। হিমালয় পাৰ্বত্য় অঞ্চলত গৰম নে ঠাণ্ডা?

(ক) গৰম

(খ) ঠাণ্ডা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ঠাণ্ডা।

১০। সাতপুৰা পৰ্বতৰ সৰ্বোচ্চ অংশৰ নাম কি?

(ক) ধূপগড়

(খ) হিমালয়

(গ) আৰাৱলী

উত্তৰঃ (ক) ধূপগড়।

Type By- Subhas Nath