Class 5 Assamese Chapter 6 MCQ’s Sankardev School |সাতাশীটা অজগৰ পোৱালিৰ জন্মবৃত্তান্ত | Class 5 Assamese Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-6

সাতাশীটা অজগৰ পোৱালিৰ জন্মবৃত্তান্ত

১। মানাহ অভয়াৰণ্য কত অৱস্থিত ?

(ক) চিৰাং জিলাত

(খ) নগাঁও জিলাত

(গ) তিনচুকীয়া জিলাত

উত্তৰঃ (ক) চিৰাং জিলাত।

২।মানাহ অভয়াৰণ্যৰ  সীমাত  কোনখন ৰাষ্ট্ৰ আছে ?

(ক) ভূটান ৰাষ্ট্ৰৰ

(খ) বাংলাদেশ

(গ) চীন

উত্তৰঃ (ক) ভূটান ৰাষ্ট্ৰৰ।

৩। মনোমোহা অৰ্থ কি ?

(ক) দেখিলে মন ভাল লগা

(খ) মন বেয়া লগা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) দেখিলে মন ভাল লগা।

৪।অজগৰটোৰ কিমান মিটাৰ দীঘল আছিল ?

(ক) প্ৰায় ৭ মিটাৰ দীঘল

(খ) প্ৰায় ৮ মিটাৰ দীঘল

(গ) প্ৰায় ৯ মিটাৰ দীঘল

উত্তৰঃ (খ) প্ৰায় ৮ মিটাৰ দীঘল।

৫। অৱশেষত প্ৰকৃতিপ্ৰেমীৰ দলটো চেষ্টা সফল হলনে ?

(ক) নহল

(খ) হল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) হল।

৬।প্ৰকৃতিপ্ৰেমীৰ চেষ্টাত কিমানটা অজগৰ পোৱালি বাছি থাকিল ?

(ক) সাতাশীটা পোৱালি

(খ) দহটা পোৱালি

(গ) আঠটা পোৱালি

উত্তৰঃ (ক) সাতাশীটা পোৱালি।

৭। অজগৰহালে কিমানটা পোৱালি উমনি দি আছিল ?

(ক) এশমান

(খ) ছয়শমান

(গ) তিনিশ মান

উত্তৰঃ (ক) এশমান।

৮। মানাহ অভয়াৰণ্যৰ প্ৰাকৃতি দৃশ্য বোৰ কেনে কোৱা ?

(ক) মনোমোহা

(খ) সুন্দয্যময়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) মনোমোহা।

৯। পিণ্ডতৰ  অৰ্থ কি ?

(ক) জ্ঞান থকা লোক

(খ) জ্ঞান নথকা লোক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) জ্ঞান থকা লোক।

১০। অজগৰ পোৱালিবোৰ কলৈ গুচি গৈছিল ?

(ক) গভীৰ অৰণ্যলৈ

(খ) হাবি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) গভীৰ অৰণ্যলৈ।

১১। তেওঁলোক ক’ত ৰ’ল ?

(ক) এজোপা প্ৰকাণ্ড শিমলুৰ তলত

(খ) এখন নদীৰ কাষত

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (ক) এজোপা প্ৰকাণ্ড শিমলুৰ তলত।

১২। তেওঁলোকে শিমলুজোপাৰ তলৰ পৰা ওপৰলৈ চাওঁতে কি দেখিছিল ?

(ক) এটা অজগৰ

(খ) এটা প্ৰকাণ্ড গছৰ ডাল

(গ) এটাও নহয়

উত্তৰঃ (ক) এটা অজগৰ।

১৩। এই পৃথিৱীত গছ-লতা, জীৱ-জন্তুৰো জীয়াই থকাৰ অধিকাৰ ___________ ।

(ক) নাই

(খ) আছে

(গ) এটাও নহয়

উত্তৰঃ (খ) আছে।

১৪। অপৰূপ শব্দৰ অৰ্থ কি ?

(ক) অতি শুৱনি

(খ) বিনাশ কৰা

(গ) গছৰ খোৰোং

উত্তৰঃ (ক) অতি শুৱনি।

১৫। বহুবচন কাক বোলে ?

(ক) দুটা বা তাতকৈ বেছি

(খ) এটাক বুজোৱা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) দুটা বা তাতকৈ বেছি।

১৬। অজগৰহালে ক’ত পোৱালিবোৰ উমনি দি আছিল ?

(ক) জোপোহা ঘৰটোত

(খ) শিমলুজোপাৰ ওপৰত

(গ) এটাও নহয়

উত্তৰঃ (খ) শিমলুজোপাৰ ওপৰত।

১৭। তলৰ কোনকেইটা একবচন ।

(ক) এজন মানুহ, এজোপা গছ আদি

(খ) এজন শিক্ষক, এখন চকী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৮। ধোন্দ শব্দৰ অৰ্থ কি ?

(ক) কোনো কাম নথকা লোক

(খ) গছৰ খোৰোং

(গ) বৰ ডাঠ

উত্তৰঃ (খ) গছৰ খোৰোং।

১৯। প্ৰকৃতিপ্ৰেমীৰ দলটোৱে কি নিৰীক্ষণ কৰিবলৈ থিৰ কৰিলে ?

(ক) অজগৰহালক

(খ) গছ-গছনিক

(গ) জীৱ-জন্তুবোৰক

উত্তৰঃ (ক) অজগৰহালক।

২০। অটব্য শব্দৰ অৰ্থ কি ?

(ক) অতি শুৱনি

(খ) চাল-চলন

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়।

Type By Subhas Nath