Class 6 Assamese Chapter 14 MCQ’s Sankardev School | বৰুণৰ প্ৰাত:ভ্ৰমণ | Class 6 Assamese Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 14

বৰুণৰ প্ৰাত:ভ্ৰমণ

১। পাঠটোৰ ৰচক কোন?

(ক) সত্যনাথ বৰা

(খ) সূৰ্য কুমাৰ ভূঞা

(গ) ড° জয়কান্ত শৰ্মা

উত্তৰ- (গ) ড° জয়কান্ত শৰ্মা ।

২। আজি কোনে সোনকালে সাৰ পালে?

(ক) ৰবিনে

(খ) বৰুণে

(গ) পবিনে

উত্তৰ- (খ) বৰুণে ।

৩। সাধাৰনতে বৰুণ কিমান বজাত উঠে?

(ক) ছয় বজাত

(খ) চাৰি বজাত

(গ) আঠ বজাত

উত্তৰ- (ক) ছয় বজাত ।

৪। কালি আবেলি বৰুণ কাৰ লগত পাহাৰীয়া ৰাস্তাটোৰে ফুৰিবলৈ গৈছিল?

(ক) মাকৰ লগত

(খ) দেউতাকৰ লগত

(গ) ককাকৰ লগত

উত্তৰ- (খ) দেউতাকৰ লগত ।

৫। ৰাতিপুৱা পাঁচ বজাত বৰুণ দেউতাকৰ লগত কলৈ যাৱ?

(ক) পাহাৰলৈ

(খ) পথাৰলৈ

(গ) প্ৰাত:ভ্ৰমণলৈ

উত্তৰ- (গ) প্ৰাত:ভ্ৰমণলৈ ।

৬। কিমান সময়ত ফুৰিলে মানুহৰ দেহ-মন ভালে থাকে?

(ক) ৰাতিপুৱা

(খ) আবেলি

(গ) ৰাতি

উত্তৰ- (ক) ৰাতিপুৱা ।

৭। এটা নিৰ্দিষ্ট সময়ত শব্দ কৰি সংকেত দিয়াৰ ব্যৱস্থাক কি বোলে?

(ক) বহি

(খ) ঘড়ীৰ এলাৰ্ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ঘড়ীৰ এলাৰ্ম ।

৮। অকনো ইফাল-সিফাল নোহোৱাকৈ কৰা কাম কি বোলে?

(ক) আখৰে-আখৰে

(খ) বাহিৰে-বাহিৰে

(গ) ভিতৰে-ভিতৰে

উত্তৰ- (ক) আখৰে-আখৰে ।

৯। ৰাতিপুৱা বেলি ওলোৱাৰ আগতে আকাশত দেখা দিয়া পোহৰৰ ৰেঙনিক কি বোলে?

(ক) ফৰকাল

(খ) ঢলফাট

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ঢলফাট ।

১০। বৰুণৰ কিহৰ ভয়ে পালে?

(ক) হাতীৰ

(খ) বাঘৰ

(গ) বান্দৰৰ

উত্তৰ- (খ) বাঘৰ ।

১১। গুণ-গুণ কাৰ মাত ?

(ক) চৰাইৰ

(খ) ভোমোৰাৰ

(গ) হাতীৰ

উত্তৰ- (খ) ভোমোৰাৰ ।

১২। চীঁ-চিঁয়া কাৰ মাত?

(ক) হাতীৰ

(খ) চৰাইৰ

(গ) ভোমোৰাৰ।

১৩। গছ-বনৰ মাজেৰে বৈ অহা বতাহক কি বোলে?

(ক) শীতল বতাহ

(খ) ভয়ানক বতাহ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) শীতল বতাহ ।

১৪। বাল্যকালত ৰাতিপুৱাতে শ্ৰীকৃষ্ণই কি চৰাবলৈ নিছিল?

(ক) গৰু

(খ) ছাগলী

(গ) হাতী

উত্তৰ- (ক) গৰু ।

১৫। শ্ৰীকৃষ্ণয়ে  ৰাতিপুৱাই গৰু চৰাবলৈ নিয়াকে  লৈ অনেক কি সৃষ্টি হৈছে?

(ক) বৰগীত

(খ) লোকগীত

(গ) সংগীত

উত্তৰ- (খ) লোকগীত ।

১৬। চূড়া শব্দৰ অৰ্থ কি?

(ক) টিঙ

(খ) ৰং

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) টিঙ ।

১৭। বিতত শব্দৰ অৰ্থ কি?

(ক) বিচলিত

(খ) বিবুদ্ধি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৮। ধেনু শব্দৰ অৰ্থ কি?

(ক) গৰুৰ পোৱালী

(খ) গাইগৰু

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) গাইগৰু ।

১৯। উম-ঘাম শব্দৰ অৰ্থ কি?

(ক) খা-খবৰ

(খ) অনুসন্ধান

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

২০। মলি শব্দৰ অৰ্থ কি?

(ক) মল

(খ) ধূলি-মাকতি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

Type by- Bikul Mandal