Class 6 Assamese Chapter 20 MCQ’s Sankardev School | শিলৰ চোলা | Class 6 Assamese Chapter 20 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

chapter- 20

শিলৰ চোলা

১। কোন এটা শিলৰ মূৰ্তিৰ আগত থিয় দি আছে?

(ক) ৰাণী

(খ) মন্ত্ৰী

(গ) ৰজা শিলাদিত্য

উত্তৰ- (গ) ৰজা শিলাদিত্য ।

২। ৰজাৰ ওচৰত কোন আছিল?

(ক) ৰাণী

(খ) মন্ত্ৰী

(গ) ৰাজকোমাৰ

উত্তৰ- (খ) মন্ত্ৰী ।

৩। এই মূৰ্তিটো বাৰু ইয়াত কিমান দিনৰ পৰা আছে।  কথাষাৰ কোনে কৈছে?

(ক) ৰজাই

(খ) ৰাণীয়ে

(গ) মন্ত্ৰীয়ে

উত্তৰ- (ক) ৰজাই ।

৪। ৰজাজনৰ নাম কি?

(ক) কমল

(খ) বিমল

(গ) শিলাদিত্য

উত্তৰ- (গ) শিলাদিত্য ।

৫। পাঠটোৰ ৰচক কোন ?

(ক) সত্যনাথ বৰা

(খ) নৱকান্ত বৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নৱকান্ত বৰুৱা ।

৬। আজি ছদিন পাৰ হ’ল, মন্ত্ৰীয়ে দেথোন এতিয়ালৈকে চোলাটো নানিলেই। কথাষাৰ কোনে কৈছে?

(ক) ৰাণীয়ে

(খ) ৰজায়ে

(গ) মন্ত্ৰীয়ে

উত্তৰ- (খ) ৰজায়ে ।

৭। মন্ত্ৰীৰ জীয়েক দুৱাৰত ৰৈ আছেহি। কথাষাৰ কোনে কৈছে?

(ক) ৰজা

(খ) ৰাণী

(গ) দুৱৰী

উত্তৰ- (গ) দুৱৰী ।

৮। মন্ত্ৰীৰ জীয়েকৰ নাম কি?

(ক) কমলা

(খ) মনোমতী

(গ) বিমলা

উত্তৰ- (খ) মনোমতী ।

৯। এটা বস্তু পালেই পিতাদেউৰ কামটো সম্পূৰ্ণ হ’ব। কথাষাৰ কোনে কৈছে?

(ক) ৰাণীয়ে

(খ) মনোমতীয়ে

(গ) কমলায়ে

উত্তৰ- (খ) মনোমতীয়ে ।

১০। ৰজাই কাক শিলৰ চোলা বনাবলৈ কৈছে?

(ক) মন্ত্ৰীক

(খ) মনোমতীক

(গ) ৰাণীক

উত্তৰ- (ক) মন্ত্ৰীক ।

১১। বাব শব্দৰ অৰ্থ কি?

(ক) পদবী

(খ) নদবী

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) পদবী ।

১২। পুথি-পাঁজি শব্দৰ অৰ্থ কি?

(ক) ৰণ

(খ) কিতাপ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কিতাপ ।

১৩। সকাম শব্দৰ অৰ্থ কি?

(ক) প্ৰয়োজন

(খ) অপ্ৰয়েজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) প্ৰয়োজন ।

১৪। মৃত্যু ঘটাবলৈ দিয়া আদেশ কি বোলে?

(ক) প্ৰাণদণ্ড

(খ) মৃত্যুদণ্ড

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৫। ভয়তে উশাহ ল’ব নোৱৰা অৱস্থাক কি বোলে?

(ক) উধাতু খোৱা

(খ) কথাকোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) উধাতু খোৱা ।

১৬। ৰাজসভা শব্দৰ অৰ্থ কি?

(ক) ৰজাৰ সভা

(খ) ৰাণীৰ সভা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) ৰজাৰ সভা ।

Type by- Bikul Mandal