Class 7 Social Science Sankardev School | Chapter 23 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন| MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 23

পৰিকল্পনা, বাজেট আৰু উন্নয়ন

১। বাজেট শব্দটোৰ উৎস কি?

(ক) ক্ষুদ্ৰ চামৰাৰ মোনা

(খ) ফৰাচী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ফৰাচী

২। ফৰাচী শব্দ অৰ্থ কি?

(ক) ক্ষুদ্ৰ মোনা

(খ) ক্ষুদ্ৰ চামৰাৰ মোনা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ক্ষুদ্ৰ চামৰাৰ মোনা

৩। ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত কিছু পাৰ্থক্য়।

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে

৪। আমাৰ দেশত পাচঁ বছৰৰ বাবে একোটা পৰিকল্পনা কৰা হয় আৰু ইয়াক আমি কি পৰিকল্পনা বুলি কওঁ?

(ক) ষষ্ঠবাৰ্ষিক

(খ) পঞ্চবাৰ্ষিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পঞ্চবাৰ্ষিক

৫। কিমান চনৰ ১ এপ্ৰিলৰ পৰা আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ?

(ক) ২০২২

(খ) ১৮১৯

(গ) ১৯৫১

উত্তৰঃ (গ) ১৯৫১

৬। বৰ্তমানে আমাৰ দেশত ২০১২ চনৰ ১ এপ্ৰিলৰ পৰা কিমান  চনৰ ৩১ মাৰ্চলৈ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম চলি আছে ?

(ক) ১৯২২

(খ) ২০১৭

(গ) ২০২২

উত্তৰঃ (খ) ২০১৭

৭। বাজেট শব্দটো কৰ পৰা আহিছে ?

(ক) ফৰাচী শব্দ ‘bougette’ৰ পৰা

(খ) ইংৰাজ শব্দৰ পৰা

(গ) এটাও নহয়

উত্তৰঃ (ক) ফৰাচী শব্দ ‘bougette’ৰ পৰা

৮। ডিগবৈৰ তেল শোধনাগাৰটো কিমান চনত স্থাপিত কৰা হৈছিল ?

(ক) ১৯০১ চনত

(খ) ১৯০৭ চনত

(গ) ১৯১০ চনত

উত্তৰঃ (ক) ১৯০১ চনত

৯। পৃথিৱীৰ ভিতৰত সবাতোকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰটো কোন ঠাইত আছে ?

(ক) শিৱসাগৰত

(খ) মৰাণত

(গ) ডিগবৈত

উত্তৰঃ (গ) ডিগবৈত

১০। ৰিমি আৰু ৰিণ্টুৰ মাকৰ নাম কি ?

(ক) দীপালী

(খ) ৰূপালী

(গ) ৰীতা

উত্তৰঃ (খ) ৰূপালী

১১। পাঁচ বছৰৰ বাবে কৰা পৰিকল্পনাক কি বুলি কোৱা হয় ?

(ক) পঞ্চবাৰ্ষিক পৰিকল্পনা

(খ) ষষ্ঠবাৰ্ষিক পৰিকল্পনা

(গ) সপ্তবাৰ্ষিক পৰিকল্পনা

উত্তৰঃ (ক) পঞ্চবাৰ্ষিক পৰিকল্পনা

১২। উৎপাদন বৃদ্ধি কৰাৰ বাবে দেশত কি গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজন ?

(ক) জনসংখ্যা

(খ) মানৱ সম্পদ

(গ) নাগৰিক

উত্তৰঃ (খ) মানৱ সম্পদ

১৩। আমাৰ দেশত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এখন পৰিকল্পনা আয়োগ আছে । এই আয়োগৰ অধ্যক্ষ কোন ?

(ক) প্ৰধান মন্ত্ৰী

(খ) ৰাষ্ট্ৰপতি

(গ) জনসাধাৰণ

উত্তৰঃ (ক) প্ৰধান মন্ত্ৰী

১৪। ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল ?

(ক) ১৯১৫ চনৰ ১ এপ্ৰিলৰপৰা

(খ) ১৯৫১ চনৰ ১ এপ্ৰিলৰপৰা

(গ) ১৮৫১ চনৰ ১ এপ্ৰিলৰপৰা

উত্তৰঃ (খ) ১৯৫১ চনৰ ১ এপ্ৰিলৰপৰা

১৫। জাতীয় আয়ৰ বুজন অংশ কি খণ্ডৰপৰা উপলব্ধ হয় ?

(ক) কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰপৰা

(খ) কৰ-কাটল, বাণিজ্যিক আৰু প্ৰশাসনিক খণ্ডৰপৰা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৬। আয় বৃদ্ধি হ’লে কি বাঢ়ে ?

(ক) উপাৰ্জন

(খ) সঞ্চয়

(গ) এটাও নহয়

উত্তৰঃ (খ) সঞ্চয়

১৭। সঞ্চয় বৃদ্ধি হ’লে কি বৃদ্ধি পায় ?

(ক) বিনিয়োগ

(খ) উপাৰ্জন

(গ) সঞ্চয়

উত্তৰঃ (ক) বিনিয়োগ

১৮। পৰিকল্পনা আয়োগক কি আয়োগ হিচাপে জনা যায় ?

(ক) সম্প্ৰতি আয়োগ

(খ) দেশ আয়োগ

(গ) নীতি আয়োগ

উত্তৰঃ (গ) নীতি আয়োগ

১৯। ৰূপালীৰ ভনীয়েকৰ নাম কি ?

(ক) ৰেণু

(খ) ৰূপা

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

২০। ব্যক্তিৰ ক্ষেত্ৰত __________বাজেটৰ গুৰুত্ব বেছি ।

(ক) বাৰ্ষিক

(খ) মাহিলি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) মাহিলি

Type: Pompi Hazarika