Class 5 Environment Chapter 10 | পৰিৱেশ প্ৰদূষণ | MCQs Short Question Answer SCERT School |

Chapter 10

পৰিৱেশ প্ৰদূষণ

1. যিবোৰ নাথাকিবলগীয়া বাহিৰা বস্তুৰ বাবে পৰিৱেশ প্ৰদূষিত হয় সেইবোৰক কি বোলে ?

(ক) প্ৰদূষণ।

(খ) প্ৰদূষক।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) প্ৰদূষক।

2. মাটি প্ৰদূষণৰ প্ৰধান কাৰণটো কি ?

(ক)ৰাসায়নিক সাৰৰ প্ৰয়োগ।

(খ)কেঁচু সাৰৰ প্ৰয়োগ।

(গ)গোবৰ সাৰৰ প্ৰয়োগ।

উত্তৰঃ (ক)ৰাসায়নিক সাৰৰ প্ৰয়োগ।

3. উদ্য়োগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰ মাটিত দ’ম কৰাৰ ফলত মাটিৰ কি নষ্ট হয় ?

(ক) মাটি সাৰুৱা গুণ নষ্ট হয়।

(খ) মাটিৰ উৰ্বৰতা নষ্ট হয়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) মাটিৰ উৰ্বৰতা নষ্ট হয়।

4. পৃথিৱীৰ 100 ভাগৰ কিমান ভাগ সাগৰ-মহাসাগৰৰ পানী ?

(ক)98 ভাগ।

(খ)96 ভাগ।

(গ)97 ভাগ।

উত্তৰঃ (গ)97 ভাগ।

5. পানী আমাৰ কি সম্পদ ?

(ক) অমূল্য় প্ৰাকৃতিক সম্পদ।

(খ) অমূল্য় মানৱ সম্পদ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) অমূল্য় প্ৰাকৃতিক সম্পদ।

6. কি গেছৰ অবিহনে জীৱই জীয়াই থাকিব নোৱাৰেঁ ?

(ক)কাৰ্বন-ডাই-অক্সাইড।

(খ)নাইট্ৰ’জেন।

(গ)অক্সিজেন।

উত্তৰঃ (গ)অক্সিজেন।

7. খৰি, কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলত কি গেছ বাঢ়ি যায় ?

(ক)অক্সিজেন।

(খ)কাৰ্বন-ডাই-অক্সাইড।

(গ)হাইড্ৰ’জেন।

উত্তৰঃ (খ)কাৰ্বন-ডাই-অক্সাইড।

8. পুনৰাৱৰ্তন প্ৰক্ৰিয়া কি ?   

(ক) এক প্ৰক্ৰিয়া য’ত ব্য়ৱহাৰৰ যোগ্য় ভঙা-ছিঙা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্য়ৱহাৰৰ উপযোগী বস্তুলৈ পৰিৱৰ্তন কৰা হয়।

(খ) এক প্ৰক্ৰিয়া য’ত ব্য়ৱহাৰৰ অযোগ্য় ভঙা-ছিঙা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্য়ৱহাৰৰ উপযোগী বস্তুলৈ পৰিৱৰ্তন কৰা হয়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) এক প্ৰক্ৰিয়া য’ত ব্য়ৱহাৰৰ অযোগ্য় ভঙা-ছিঙা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্য়ৱহাৰৰ উপযোগী বস্তুলৈ পৰিৱৰ্তন কৰা হয়।

9. কিহে উদ্য়োগৰ পৰা ওলোৱা কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ হ্ৰাস কৰে ?

(ক)মানুহে।

(খ)প্ৰাণীয়ে।

(গ)উদ্ভিদে।

উত্তৰঃ (গ)উদ্ভিদে।

10. কেঁচুৰ বিষ্ঠা এক প্ৰকাৰৰ কি সাৰ ?

(ক) উৎকৃষ্ট পচন সাৰ

(খ) উৎকৃষ্ট জৈৱিক সাৰ।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) উৎকৃষ্ট জৈৱিক সাৰ।