Class 7 Science | Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ | MCQs Short Question And Answer |

Chapter 5

অম্ল, ক্ষাৰক আৰু লৱণ

১। এছিডৰ আন এটা নাম কি?

(ক) ৰেচম

(খ) বাণী

(গ) অম্ল

Answer: অম্ল

2। দৈ, নেমুটেঙা, কমলা আদিৰ ৰস কিহৰ বাবে টেঙা?

(ক) এছিড থকাৰ বাবে

(খ) ভিনেগাৰ থকাৰ বাবে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; এছিড থকাৰ বাবে

৩। বেকিং ছ’ডাৰৰ সোৱাদ কেনেকুৱা?

(ক) মিঠা

(খ) তিতা

(গ) টেঙা

Answer: তিতা

৪। যিবোৰ বস্তুৰ সোৱাদবোৰ তিতা বা চুলে চাবোনৰ পানীৰ দৰে লাগে সেইবোৰ বস্তুক কি বোলে?

(ক) এছিড

(খ) ৰেচম

(গ)ক্ষাৰক

Answer: ক্ষাৰক

৫। কোন বোৰ বস্তু আম্লিক নে ক্ষাৰকীয়, সেয়া পৰীক্ষা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ দ্ৰব্য় ব্য়ৱহাৰ কৰা হয় সেই বোৰ দ্ৰব্য় হ’ল?

(ক) ক্ষাৰক

(খ) সূচক

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; সূচক

৬। সূচক পোৱা কিছুমান উপাদান হ’ল?

(ক) হালধি, জবাফুল আদি

(খ) ৰঙালাও

(গ) মাহ জাতীয় শস্য়

Answer; হালধি, জবাফুল আদি

৭। আম্লৰ লগত যদি লিটমাছ দ্ৰৱ মিহলালে ইয়াৰ ৰং কেনেকোৱা হৈ পৰে?

(ক) বগা

(খ) হালধীয়া

(গ) ৰঙা

Answer; ৰঙা

৮। যিবোৰ দ্ৰৱই নীলা বা ৰঙা লিতমাছৰ ৰং সলনি নকৰে তেনে বোৰ দ্ৰৱক কি বোলে?

(ক) প্ৰথম দ্ৰৱ

(খ) প্ৰশম  দ্ৰৱ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; প্ৰশম  দ্ৰৱ

৯। এছিড বৰষুণত কি দ্ৰৱ থাকে?

(ক) জটিল দ্ৰৱ

(খ) অম্ল দ্ৰৱ

(গ) সৰল দ্ৰৱ

Answer: অম্ল দ্ৰৱ

১০। প্ৰশমন বিক্ৰিয়াত এবিধ নতুন দ্ৰৱ উৎপন্ন হয়, সেই বিধ দ্ৰৱ হ’ল

(ক) লেটা

(খ) গোব সাৰ

(গ) লৱণ

Answer: লৱণ

১১। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা প্ৰক্ৰিয়াত তোত কি কি উৎপন্ন হয়?

(ক) পানী, লৱণ আৰু তাপ

(খ) ভিনেগাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: পানী, লৱণ আৰু তাপ

১২। আমাৰ পাকস্থলীত থকা এছিড বিধৰ নাম কি?

(ক) অম্ল

(খ) ফেনলফ্থেলিন

(গ) হাইড্ৰ’ক্লৰিক

Answer: হাইড্ৰ’ক্লৰিক

১৩। হাইড্ৰ’ক্লৰিকে আমাৰ দেহত কি কৰাত সহায় কৰে?

(ক) খাদ্য় গ্ৰহণত

(খ) খাদ্য় হজমত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; খাদ্য় হজমত

১৪। কি বেছি হ’লে বদহজম হয়?

(ক) প্ৰশম

(খ) সূচক

(গ) অম্ল

Answer: অম্ল

১৫। পৰুৱাৰ শুঙত থকা এছিড বিধৰ নাম কি?

(ক) ফৰ্মিক

(খ) ফেনলফ্থেলিন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ফৰ্মিক

১৬। ৰাসায়নিক সাৰৰ অত্য়ধিক মাটিক কি কৰি তোলে?

(ক)ফৰ্মিক

(খ) হাইড্ৰ’ক্লৰিক

(গ) আম্লিক

Answer: আম্লিক

১৭। বহুতো কাৰখানাৰ আৱৰ্জনাত কি থাকে?

(ক) ফেনলফ্থেলিন

(খ) ভিনেগাৰ

(গ) অম্ল

Answer: অম্ল

১৮। কাৰখানাৰ আৱৰ্জনাতসমূহ কি দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়?

(ক) ভিনেগাৰ

(খ) ক্ষাৰকীয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ক্ষাৰকীয়

১৯। অম্লৰ সোৱাদ কেনেকুৱা?

(ক) মিঠা

(খ) তিতা

(গ) টেঙা

 Answer: টেঙা

২০। ক্ষাৰকৰ উপস্থিতিত কি ৰোগ হয়?

(ক) স্কাৰ্ভি

(খ) ৰিকেট

(গ) দন্তক্ষয়

Answer: দন্তক্ষয়